যুদ্ধভূমিত পৰিয়ালৰ মানুহক বিচাৰি অহা ওচৰৰে গাওঁ এখনৰ কেইগৰাকীমান মহিলাই তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক যুদ্ধক্ষেত্ৰত পৰি থকা দেখা পাইছিল। সেয়া আছিল উমাইদুৰাই। একেবাৰে ক্ষতি-বিক্ষত অৱস্থাত। তেজেৰা ৰাঙলী হৈ পৰা তেওঁলোকৰ প্ৰিয় নেতাজনে তেতিয়াও উশাহ লৈ আছিল। তেওঁলোকে উমাইদুৰাইক সাৱধানে দাংকোলা কৰি তিনি মাইল দূৰৈৰ তেওঁলোকৰ গাঁৱলৈ লৈ গৈছিল।
কিন্তু উমাদুৰাই হৈছে 'ৱাণ্টেড', কিছু সময় পিছতেই তেওঁক বিচাৰি সেই স্থানত উপস্থিত হয় এদল সৈনিক। মহিলাসকলে তৎক্ষণাত তেওঁক বগা কাপোৰেৰে ঢাকি ধৰি হিয়া ধাকুৰি বিলাপ কৰিবলৈ ধৰে। কান্দি কান্দি সৈনিকৰ দলটোৱে শুনাকৈ কয় যে মৃতকৰ বসন্ত ৰোগ হৈছিল। সোঁচৰা ৰোগৰ নাম শুনি সৈনিকসকলে নিজৰ জীৱনৰ চিন্তা কৰি সেই স্থান ততালিকে এৰে, এনেকৈয়ে উমাইদুৰাইকে ধৰি কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰে।
এয়া দুশ বছৰ আগৰ তামিলনাডুৰ এক শিহৰণকাৰী ঘটনা, সঁচা ঘটনা। উনবিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছে যুদ্ধ সম্পৰ্কে লিখা অভিলেখত ইয়াৰ বৰ্ণিল উল্লেখ কৰা হৈছে। আৰু এতিয়া প্ৰতিষ্ঠিত লেখক চো ধৰ্মনে তামিল ভাষাত সেই কাহিনী সুন্দৰকৈ বৰ্ণনা কৰিছে। তেওঁ আজিৰ ধ্যান-ধাৰণা আৰু ক’ভিড-১৯ মহামাৰীৰ ভয় আৰু উদ্বিগ্নতাৰ বিষয়ে বৰ্ণনা কৰিছে। আৰু ইয়াৰ জৰিয়তে তেওঁ আমাক এক অসাধাৰণ মৌখিক ইতিহাসৰ বিষয়ে বাখ্যা কৰিছে য’ত গাঁৱৰ বাসিন্দাসকলে কেনেদৰে শতিকা জুৰি বিভিন্ন প্ৰকাৰৰ ভাইৰাছ, প্লেগ আৰু মহামাৰী সৈতে যুঁজি আহিছে সেয়া সবিস্তাৰে প্ৰকাশ পাইছে৷
"উমাইদুৰাই মহান স্বাধীনতা সংগ্ৰামী বীৰাপাণ্ডিয়া কাট্টাবোম্মনৰ ভাতৃ আছিল, যি পঞ্চলামকুৰিচিৰ [দক্ষিণ তামিলনাডুৰ] পলিগাৰ [মুৰব্বী] আছিল।" ধৰ্মনে এইদৰে কয়৷ বধিৰ আৰু বোবা হোৱাৰ বাবে, উমাইদুৰাইক উমি [স্থানীয়ভাৱে] আৰু ডাম্বি [ব্ৰিটিছসকলে] বুলিও জনা গৈছিল। তেওঁক স্থানীয় লোকে ভাল পাইছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সদায়েই তেওঁৰ পিছ লৈছিল যাতে এই "কুখ্যাত আৰু বিখ্যাত নেতা"জনক ধ্বংস কৰিব পাৰে। "আপোনালোকে এই বিষয়ে কৰ্ণেল জেমছ ৱেলছৰ মিলিটেৰি ৰেমিনিচেঞ্চ নামৰ গ্ৰন্থখনত পঢ়িব পাৰে," ধৰ্মনে বৰ্ণনা কৰে।
১৭৯৯ চনত তামিলনাডুৰ থুটুকুড়ি জিলাৰ কোবিলপট্টি চহৰৰ ধৰ্মনৰ ঘৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত পঞ্চলামকুৰিচিত এক ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল। ব্ৰিটিছ কৰ্ণেল ৱেলছে তেওঁৰ স্মৃতিগ্ৰন্থত উমাইদুৰাইক ৰক্ষা কৰা মহিলাসকলক "কৰুণ আৰু অৰ্ধ-মূৰ্খ প্ৰাণী" বুলি অভিহিত কৰাৰ বিপৰীতে ধৰ্মনে গাওঁবাসীসকলৰ মৌলিক জ্ঞান আৰু যুদ্ধক্ষেত্ৰৰ পৰা উমাইদুৰাইক ঘৰলৈ লৈ অনা মহিলাসকলৰ বীৰত্বক প্ৰশংসা কৰিছে। "আপুনিয়েই কওক, সেই মহিলাসকলে নাজানিছিল নেকি যে তেওঁ এজন ‘ৱাণ্টেড’ লোক যাক সৈনিকসকলে বিচাৰি আহিব পাৰে, তেওঁলোকৰ ঘৰ ভাঙি পেলাব পাৰে?" ধৰ্মনে এইদৰে প্ৰশ্ন কৰে।








