শুধৰণি বোলা বস্তু তানুবাই গোৱিলকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। হাতেৰে অতি কষ্টেৰে কৰা কামটোত শুধৰণি কৰাৰ এটাই ৰাস্তা আছে, সেয়া হৈছে গোটেই প্ৰক্ৰিয়াটো আকৌ এবাৰ কৰা। তাৰমানে ৯৭,৮০০ টা চিলাই খোলা।
“এটা ভুলো আপুনি ৱাকাল (কঁথা)ত শুধৰাব নোৱাৰে,‘ কঁথা বোৱা কামটো কিমান সুক্ষ্ম মনযোগেৰে কৰিব লাগে তাৰেই কথা ৭৪ বছৰ বয়সীয়া এই বৃদ্ধাগৰাকীয়ে কৈছে। কঁথাৰ কামত কোনো মহিলাই আজিলৈকে চিলাই খুলিবলগীয়া হোৱাৰ কথাও অৱশ্যে তেওঁ শুনা মনত নপৰে। “এবাৰ এই কৌশল শিকিলে আপুনি আৰু ভুল নকৰে,” তেওঁ মিচিকিয়াই হাঁহি কয়।
তেওঁ নিজে স্বইচ্ছাই এই কষ্টসাধ্য কলা আদৰি লোৱা নাছিল। কিন্তু পেট প্ৰৱৰ্তোৱাৰ কাৰণে তেওঁ বেজী-সূতা হাতত ল’বলগীয়া হৈছিল। “দাৰিদ্ৰ্যই মোক এই কাম শিকালে,” ১৯৬০ত যেতিয়া তেওঁ ১৫ বছৰীয়া কইনা আছিল, তেতিয়াৰ কথা মনত পেলাই তেওঁ কয়।
“স্কুললৈ যোৱাৰ দিনবোৰত মোৰ হাতত কিতাপ-কলমৰ সলনি বেজী আৰু কাচিহে আছিল। স্কুললৈ যোৱা হ’লে আপুনি ভাবে নেকি মই এই কামবিধ শিকিব পাৰিলোহেঁতেন?” মৰমতে মানুহে আজী (আইতা) বুলি মতা তানুবাইয়ে কয়।





















