ক’ভিডৰ চিকিৎসা চলি থকাৰ মাজতে পজিটিভ হোৱাৰ আঠ দিন পিছত হস্পিতালত ৰামলিং চনপ ঢুকাল। কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ ভাইৰাছ নাছিল।
মৃত্যুৰ কেইঘণ্টামান আগতে ৰামলিঙে (৪০) তেওঁৰ পত্নী ৰাজুবাঈক হস্পিতালৰ পৰা ফোন কৰিছিল। “তেওঁৰ চিকিৎসাৰ নামত কিমান টকা খৰছ হৈছে সেয়া জানি তেওঁ চকুলো ৰখাব পৰা নাছিল,” তেওঁৰ ভতিজা ২৩ বছৰীয়া ৰবি মৰালে কয়। “তেওঁ ভাবিছিল যে হস্পিতালৰ বিল পৰিশোধ কৰিবলৈ তেওঁ নিজৰ দুই একৰ খেতিমাটি বিক্ৰী কৰিবলগা হ’ব।”
মহাৰাষ্ট্ৰৰ বীড় জিলাৰ দীপ হস্পিতালত ৰামলিং ১৩ মে’ৰ পৰা ভৰ্ত্তি হৈ আছিল, চিকিৎসাৰ বাবদ বিল হৈছিল ১.৬ লাখ টকা, ৰাজুবাঈৰ ভায়েক প্ৰমোদ মৰালে কয়। “আমি কোনোমতে দুটা কিস্তিত টকাখিনি পৰিশোধ কৰিলো, কিন্তু হস্পিতালৰ কৰ্তৃপক্ষই আৰু ২ লাখ টকা বিচাৰিছিল,” তেওঁ কয়। “তেওঁলোকে পৰিয়ালক ক’ব এৰি ৰোগীজনক টকা সাধিছিল। তেওঁক কোৱাৰ কি প্ৰয়োজন আছিল?”
হস্পিতালৰ যিমান বিল হৈছিল, সেয়া ৰামলিঙৰ পৰিয়ালটোৰ বাৰ্ষিক আয়ৰ প্ৰায় দুগুণ। সেই কথাই ৰামলিঙক আঘাত দিলে। ২১ মে’ৰ পুৱতি নিশা তেওঁ ক’ভিড ৱাৰ্ডৰ পৰা ওলাই আহি হস্পিতালৰ ক’ৰিডৰত চিপজৰী লয়।
ৰাজুবাঈয়ে (৩৫) তেওঁৰ হতাশ স্বামীক ২০ মে’ৰ দিনা ৰাতি বুজাই ক্ষান্ত কৰিবলৈ চেষ্টা কৰিছিল। মটৰ চাইকেলখন বিক্ৰী কৰিব পাৰি, পশ্চিম মহাৰাষ্ট্ৰৰ যিটো চেনীৰ কাৰখানাত তেওঁলোকে কাম কৰিছিল তাৰ পৰা ধাৰ ল’ব পাৰি বুলি তেওঁ বুজাইছিল। তেওঁ আৰোগ্য হোৱাটোৱেই তেওঁৰ বাবে সকলো আছিল, তেওঁ কয়। কিন্তু সেই টকা যে পৰিশোধ কৰিব পাৰিব, ৰামলিঙে চাগে ভাবিব পৰা নাছিল।
প্ৰতিবছৰে ৰামলিং আৰু ৰাজুবাঈয়ে বীড় জিলাৰ কাইজ তালুকৰ তেওঁলোকৰ চুবুৰীটোৰ পৰা পশ্চিম মহাৰাষ্ট্ৰৰ কুঁহিয়াৰৰ পথাৰত কাম কৰিবলৈ ওলাই যায়। নৱেম্বৰৰ পৰা এপ্ৰিললৈ ১৮০ দিনৰ কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়ো মিলি ৬০,০০০ টকা উপাৰ্জন কৰে। তেওঁলোকৰ অনুপস্থিতিত ঘৰত ৮ৰ পৰা ১৬ বছৰীয়া তিনিটা সন্তানৰ দায়িত্ব ৰামলিঙৰ অকলশৰীয়া পিতৃয়ে লয়।











