‘মোৰ মোনাত ৰাখি থোৱা কল খাই পেট প্ৰৱৰ্তাইছো,’ ২২ মাৰ্চৰ জনতা কাৰফিউৰ সময়ত কি কৰিছে বুলি মই সোধা প্ৰশ্নৰ প্ৰসংগত ফোনতে সুৰেন্দ্ৰ ৰামে মোক উত্তৰ দিছিল। সেইদিনা মুম্বাইৰ অধিকাংশ দোকান-ব্যৱসায়ীৰ প্ৰতিষ্ঠান বন্ধ আছিল, যিবোৰ মানুহ ভিতৰত আছিল, তেওঁলোক ভিতৰতে আবদ্ধ হৈ পৰিছিল, পাৰেলত থকা টাটা মেম’ৰিয়েল হাস্পতালৰ পদপথত চিকিৎসাধীন কৰ্কটৰোগী সুৰেন্দ্ৰ বহি আছিল।
সুৰেন্দ্ৰৰ বয়স ৩৭ বছৰ, তেওঁৰ মুখৰ কৰ্কট ৰোগ হৈছে।
দক্ষিণ-মধ্য মুম্বাইৰ চৰকাৰী পৃষ্ঠপোষকতাত আৰ্তজনৰ চিকিৎসাৰ বাবে প্ৰতিষ্ঠিত চিকিৎসালয়খনৰ বাহিৰৰ ৰাস্তাৰ ওপৰত থকা সুৰেন্দ্ৰ আৰু তেওঁৰ নিচিনা আন বহুতো ৰোগীৰ বাবে ‘আবদ্ধ’ হোৱাৰ নিয়ম নাই- সান্ধ্য আইন বলবৎ হোৱা দিনৰে পৰা প্ৰায় এটা সপ্তাহ ‘পদপথ’ তেওঁলোকৰ ‘ঘৰ’ হৈ পৰিছে। কৰ্কট ৰোগীলৈ এই চিকিৎসালয়খনে ৰেহাই মূল্যত চিকিৎসা সেৱা আগবঢ়াই আহিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দুখীয়া পৰিয়ালৰ মানুহ এই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আহে।
‘মোৰ স্বাস্থ্যপৰীক্ষা কৰা হৈছে। চিকিৎসকে মোক পুনৰ চাৰি মাহৰ পাছত আহিবলৈ কৈছে।’ সুৰেন্দ্ৰই ক’লে। ৰেলৰ যাতায়ত বন্ধ কৰি দিয়াৰ বাবে তেওঁ বিহাৰৰ সমষ্টিপুৰত থকা পটিয়ালা গাঁৱৰ ঘৰলৈ ঘূৰি যাব নোৱাৰা হ’ল। ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশত সম্পূৰ্ণ তলাবন্ধ বলবৎ কৰাৰ ফলত সকলো ৰেলৰ চলাচল বন্ধ হৈ পৰিল। ‘এতিয়া সিহঁতে কৈছে ২১ দিনৰ বাবে সকলো বন্ধ হৈ থাকিব। মই কোনো বাতৰি পোৱা নাই। মোৰ ওচৰত থকা মানুহক সুধিব লাগিব। তেতিয়ালৈকে মই পদপথতে থাকিব লাগিব সম্ভৱ!’ সুৰেন্দ্ৰই ক’লে।
মই যেতিয়া সুৰেন্দ্ৰক ২০ মাৰ্চত লগ পাইছিলো, সেইদিনা কমলা ৰঙৰ প্লাষ্টিকৰ এখন পাৰি পথৰ কাষত বহি তেওঁ মুখৰ একাষেৰে কল খাই আছিল। নাকৰ বাওঁফালৰ ফুটাটোত এডাল পাইপ লগোৱা আছিল। ‘আহাৰ খালে মোৰ ডিঙিৰে পাৰ হৈ নাযায়। সেইকাৰণে পাইপৰ দৰকাৰ হয়,’ তেওঁ ক’লে। প্লাষ্টিকখনৰ ওপৰতে এটা ক’লা বেগ আছিল, সেই বেগটোত তেওঁৰ কাপোৰ-কানি আছিল। লগতে হাস্পতালৰ কাগজ-পত্ৰ, ঔষধ আৰু কেইটামান কল আছিল।
পদপথবোৰত আনকি দিনৰ ভাগতো ইফালে-সিফালে এন্দুৰ ঘূৰি ফুৰে। কিছুমান এন্দুৰ ৰোগীৰ কাষতে মৰি পৰি আছিল। নিশাৰ সময়বোৰ অতি বিভৎস হৈ পৰে। ডাঙৰ এন্দুৰ ৰোগীৰ কাষতে দৌৰাদৌৰি কৰি থাকে।










