সমগ্ৰ বিশ্বই এক বিপজ্জনক আৰু অশান্ত সময়ৰ মুখামুখি হোৱা বাবেই মই এই গীতটি লিখিবলগীয়া হৈছে। যিসময়ত আমি তলাবন্ধ কাৰ্যকৰী কৰি দুৱাৰৰ খিলি মাৰি নিজৰ ঘৰৰ ভিতৰত সোমাই আছো, সেই সময়ত শত-সহস্ৰ লোকে তেওঁলোকৰ দূৰ-দূৰণিত থকা ঘৰলৈ খোজকাঢ়ি যাত্ৰা কৰিবলৈ ধৰাৰ বিষয়ে ভবাই নাছিলো। এই ঘটনাই মোক দুখ দিয়াৰ লগতে নিদাৰুণ যন্ত্ৰণা দিছে। আমাৰ এই উন্নত দেশত, এখন মহান দেশত, যিখন দেশত বহুক্ষেত্ৰত আমি নিজক পথিকৃত বুলি দাবী কৰো, সেইখন দেশত কোটি কোটি মানুহে খোজকাঢ়ি যাবলগা হৈছে বহুদূৰ পথ। যি যাত্ৰাৰ অন্তত তেওঁলোকৰ এখন ঠাই পাব, য’ত জিৰণি ল’ব। সেই ঠাইখন হ’ল তেওঁলোকৰ পৰিয়ালৰ সৈতে নিজৰ ঘৰ। এই ঘটনাই মোক বিষাদগ্ৰস্ত কৰি তুলিছে।
ঘৰত থাকিব? কিমান মানুহৰ দৰাচলতে এখন ঘৰ আছে? তেওঁলোকে বহুদূৰ পথ, শ শ কিলোমিটাৰ খোজকাঢ়ি গৈ থাকোতে কোনোবাই পথতে মৃত্যুক আকোৱালি লৈছে। সেই খোজকঢ়া ভৰিবিলাক, সেই শিশুবিলাক, সেই সকলো দৃশ্য যেতিয়া মই দেখিছিলো, তেতিয়া এই যন্ত্ৰণাকাতৰ হৃদয় বিদাৰক কান্দোন প্ৰকাশ কৰাৰ তাগিদা অনুভৱ কৰিছিলো। এনে ঘটনা আমাৰ দেশতে সীমাবদ্ধ বুলি মই নাভাবো। এই ভয়াৱহ দুখ-যন্ত্ৰণাৰ সাক্ষী সমগ্ৰ পৃথিৱী। মই প্ৰব্ৰজনকাৰীসকলৰ বিষাদগাথা ক’ব বিচাৰিছো। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহৰ অবিৰত যাত্ৰা- এনে এক পৰিস্থিতিত যেতিয়া বহুতে ক’ৰণাভাইৰাছৰ কথা ভাবিছে, সেই সময়ত তেওঁলোকে মানুহৰ কথা ভবা নাই। এই বিষাদেই মোক এনে এটা গীত সৃষ্টি কৰিবলৈ বাধ্য কৰাইছে।
মই মনৰ পৰিভ্ৰমী। গোটেই পৃথিৱী চাব বিচাৰো। গোটেই পৃথিৱীখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবৰ মন যায়। মনত মই সযতনে পুহি ৰাখিছো মানুহৰ বাবে সীমাহীন ভালপোৱা, যিসকলৰ জীৱন মই দৃশ্যায়িত কৰিব বিচাৰো। মানুহৰ ভাল পোৱা, মানুহৰ জীৱনক প্ৰকাশ কৰাৰ প্ৰতি থকা প্ৰৱল আবেগৰ পৰাই মোৰ এই গীতৰ জন্ম।



