তেওঁ নিশাৰ আহাৰ শেষ কৰিছিল, কিন্তু অন্য দিনৰ দৰে আজি টিভিৰ ওচৰত নবহিবলৈ সিদ্ধান্ত ল’লে। আজি ৰাতি ল’ৰা-ছোৱালীয়ে চেজুৱান ছচত প্ৰস্তুত কৰা শাক-পাচলিৰে ভাত খাব বুলি কৈছিল। শাক-পাচলিৰ ফেৰিৱালাই আজি পুৱা ৰঙা বা হালধীয়া কেপচিকাম দিব নোৱাৰিলে। ‘বজাৰ বন্ধ, মেডাম। এই লকডাউনত শাক-পাচলি ক’ত পাম, তাৰ উপৰি সান্ধ্য আইন আছে? এইখিনি শাক-পাচলি মোৰ নিজৰ খেতিৰ,’ একেখিনি পুৰণি পাচলিকে অনা বুলি মহিলাগৰাকীয়ে আপত্তি কৰোতে পাচলিৰ ফেৰিৱালাজনে এইদৰে দুখেৰে কয়।
ফেৰিৱালাজনে জীৱনৰ গতি কি হ’ব বুলি কিবা ক’বলৈ ধৰিছিল যদিও মহিলাগৰাকীয়ে নুশুনিলে। ল’ৰা-ছোৱালীয়ে বিচৰা মতে আজি নিশাৰ আহাৰ কিমান ভালকৈ প্ৰস্তুত কৰিব, তেওঁৰ মনত সেই কথাই দোলা দি আছে। দিনটো ভাবি ভাবি তেওঁ ঠিক কৰিলে যে চাইনীজ-থাই গ্ৰেভিৰ লগত কোক প্ৰস্তুত কৰিলে ল’ৰা-ছোৱালীকেইটাই ভাল পাব। এই দিনবিলাকত তেওঁ টিভি চাই একেবাৰে ভাল পোৱা নাই।
নিউজ চেনেলবিলাক তেওঁৰ একেবাৰে বেয়া লাগিবলৈ ধৰিছে। টিভিৰ পৰ্দাত একেবোৰ দৃশ্যকে বাৰে বাৰে দেখুৱাই থাকে। বস্তি এলেকাত পানীৰ অভাৱত দৰিদ্ৰ মানুহৰ হাহাকাৰ, সুৰক্ষা ব্যৱস্থা অবিহনে কাম কৰিছে চাফাই কৰ্মচাৰীয়ে। ইয়াতকৈও বেয়া, লাখ লাখ ভোকাতুৰ শ্ৰমিকে ঘৰ পাবলৈ আধা দূৰ বাট থাকোতে আৱদ্ধ হৈ পৰিছে, অথবা চহৰত সোমাই থাকিবলগীয়া হৈছে, খাদ্য আৰু চিকিৎসাৰ অভাৱত মৃত্যু হৈছে, কিছুমানে আত্মহত্যা কৰিছে, আন কিছুমান প্ৰব্ৰজনকাৰী শ্ৰমিকে প্ৰতিবাদ কৰিছে, দাবী জনাইছে, ৰাজপথত সংঘৰ্ষত লিপ্ত হৈছে।
উইপোকৰ দৰে অগণন শ্ৰমিক ক্ষুব্ধ হৈ পৰাৰ দৃশ্য কোনোবাই টেলিভিছনত কিমান সময় চাই থাকিব পাৰে? সেইকাৰণে মহিলাগৰাকীয়ে ৱাটচএপ খুলিলে। ৱাটচএপ গ্ৰুপত এগৰাকী বান্ধৱীয়ে নতুন ৰন্ধন কৌশল দেখুৱাইছে। খোৱা টেবুলত বহি থকা নিজৰ এখন ফটো ৱাটচএপত দিলে। আন এটা ৱাটচএপ গ্ৰুপত মুম্বাই ব্ৰীচ কেণ্ডী ক্লাবৰ ওচৰৰ সাগৰত ডলফিনে ধেমালি কৰা এটা ভিডিঅ’ মানুহে শ্বেয়াৰ কৰিছে, নাৱি মুম্বাইৰ ফ্লেমিংগ’বিলাক, কোঝিখোড়েৰ ৰাস্তাত মালাবাৰ জহামালবোৰৰ বিচৰণ, চণ্ডীগড়ৰ সম্বৰ পহু আদিৰ ভিডিঅ’ মানুহে শ্বেয়াৰ কৰিছে। হঠাতে তেওঁ দেখিছে এজাক আমৰলি পৰুৱা তেওঁৰ ম’বাইল ফোনলৈ উঠি আহিছে…



