সম্পাদকীয় টোকাঃ তামিলনাডুৰ সাতবিধ শস্যৰ ওপৰত প্ৰস্তুত কৰা ‘তেওঁলোকক ভাত খাবলৈ দিয়া’ শীৰ্ষক ধাৰাবাহিকৰ এয়া প্ৰথমটো ষ্টৰি। এই ধাৰাবাহিকৰ যোগেদি পাৰিয়ে দুই বছৰত এনে ২১ টা মাল্টিমিডিয়া প্ৰতিবেদন প্ৰকাশ কৰিব। এই ধাৰাবাহিকত খেতিয়কৰ জীৱনটো তেওঁলোকৰ শস্যৰ বিস্তৃত জগতখনৰ মাজেদি জুকিয়াই চোৱা হ’ব। অপৰ্ণা কাৰ্তিকায়েনৰ এই ধাৰাবাহিক প্ৰতিবেদন বেংগালুৰুৰ আজীম প্ৰেমজী ইউনিভাৰ্ছিটিৰ এক অনুদানেৰে প্ৰকাশ কৰা হৈছে।


Thoothukudi, Tamil Nadu
|FRI, NOV 19, 2021
টুটুকুড়িৰ লোণৰ ডোবাৰ ৰাণী
প্ৰতি বছৰে ছটা মাহলৈ তামিলনাডুৰ টুটুকুড়ি জিলাৰ লোণৰ ডোবাৰ শ্ৰমিকে চোকা ৰ’দত নগণ্য মজুৰিত শোচনীয় পৰিৱেশত পাকঘৰৰ তেনেই সাধাৰণ কিন্তু অতিকৈ জৰুৰী বস্তুবিধ উৎপাদন কৰে
Reporting
Photos and Video
Translator
টুটুকুড়িত সুৰ্য্যোদয় হৈছে, সোণালী আভা বিয়পিছে। সেই সময়তে ৰাণী কৰ্মস্থানলৈ বুলি সাজু হৈছে। কাঠৰ কোৰোনাখনেৰে তেওঁ তেনেই সাধাৰণ কিন্তু পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুবিধ গোটাইছে, সেয়া হৈছে নিমখ।
চাৰিকোণীয়া চিটা এটাত তেওঁৰ কাম। কেতিয়াবা সেই ঠাইখিনি মৰমৰাই উঠে, কেতিয়াবা আকৌ চপচপীয়া হৈ পৰে। তাৰে মাজতে তেওঁ বগা বগা স্ফটিকবোৰ এফালে দ’ম কৰিছে। স্ফটিকবোৰ য’ত তেওঁ জমা কৰিছে, তালৈ সেই বাটছোৱা অতিকৈ চমু, কিন্তু স্ফটিকৰ দ’মটো যিমানেই ডাঙৰ হৈ আহিছে, সিমানেই তেওঁৰ কামটো কষ্টকৰ হৈ পৰিছে। কিয়নো প্ৰতিবাৰেই তেওঁ সেই ওখ হৈ গৈ থকা দ’মটোত ১০ কিলোগ্ৰামৰো অধিক তিতি থকা নিমখ যোগ দিছে, সেয়া তেওঁৰ দেহৰ ওজনৰ চাৰিভাগৰ এভাগমান হ’ব।
যেতিয়ালৈ তেওঁ কাম কৰি থকা ১২০ বাই ৪০ ফুটৰ সেই চিটাটোত দিনৰ আকাশৰ ঢেলা ৰংটো আৰু তেওঁৰ নিজৰ কঁপি থকা ছাঁটো জিলিকি নুঠে, তেতিয়ালৈ তেওঁ জিৰণি নলয়। যোৱা ৫২ টা বছৰে এই নিমখীয়া ঠাইডোখৰেই তেওঁৰ কৰ্মস্থলী, তেওঁৰ আগতে তেওঁৰ দেউতাকে তাত কাম কৰিছিল, এতিয়া পুতেকে কৰে। এইখিনিতে এছ ৰাণীয়ে আমাক তেওঁৰ জীৱন কাহিনী কৈছে। সেয়া দক্ষিণ তামিলনাডুৰ টুটুকুড়ি জিলাৰ ২৫,০০০ একৰ লোণৰ ডোবাৰ কাহিনী।
মাৰ্চৰ পৰা অক্টোবৰৰ মাজভাগলৈ এই উপকূলীয় জিলাখন লোণ উৎপাদনৰ কাৰণে উপযুক্ত হৈ উঠে। গ্ৰীষ্ম আৰু শুষ্ক জিলাখন ছমাহৰো অধিক কালৰ বাবে নিৰন্তৰ লোণ উৎপাদনৰ নিৰ্ভৰযোগ্য স্থল হৈ পৰে। তামিলনাডুৰ ভিতৰত সৰ্বাধিক নিমখ এইখন জিলাৰ পৰাই উৎপাদন হয়, গোটেই ৰাজ্যখনৰ পৰা ২৪ লাখ টন মানে সমগ্ৰ ভাৰতৰ লোণৰ উৎপাদনৰ ভিতৰত প্ৰায় ১১ শতাংশ নিমখ এইখন ৰাজ্যখনত উৎপাদন হয়। সিংহভাগ শ্বেয়াৰ আহে গুজৰাটৰ পৰা, তাৰে উৎপাদিত পৰিমাণ হৈছে ১ কোটি ৬০ লাখ টন, সমগ্ৰ দেশৰ বাৰ্ষিক গঢ় উৎপাদনৰ ৭৬ শতাংশ তাৰ পৰাই আহে য’তনেকি দেশখনৰ মুঠ উৎপাদন হয় ২ কোটি ২০ লাখ টন। স্বাধীনতাৰ বছৰটোৰ দেশৰ মুঠ উৎপাদন ১৯ লাখ টনৰ তুলনাত এয়া এক বৃহৎ পৰিমাণ।
২০২১ৰ ছেপ্টেম্বৰৰ মাজভাগৰ কথা, পাৰিয়ে প্ৰথমবাৰৰ বাবে টুটুকুড়িৰ ৰাজা পাণ্ডি নগৰৰ লোণৰ ডোবা সাক্ষাৎ কৰে। ৰাণী আৰু তেওঁ সহকৰ্মীসকলে আমাৰ লগত সন্ধিয়াৰ ভাগত কথা পাতিলে। নিম গছ এডালৰ তলত ঘুৰণীয়াকৈ চকী পাৰি আমি বহিলো। আমাৰ পিছফালে তেওঁলোকৰ ঘৰবোৰ, প্ৰায়বোৰেই ইটা গঁথা আৰু এছবেষ্ট’জৰ চালি দিয়া। কিছুমানৰ বেৰবোৰ খহিছে। তাৰে কাষতে আমি বহিছো। লোণ পুখুৰীবোৰ ৰাস্তাটোৰ সিটো পাৰৰ পৰা আৰম্ভ হৈছে। সেয়া প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোকৰ কৰ্মস্থল। আমাৰ কথা আৰম্ভ হয় মানে বেলি মাৰ যাবলৈ হৈছে। কেনেকৈনো ছডিয়াম ক্ল’ৰাইড (NaCl), ৰাসায়নিক নাম যাৰ- সেই লোণ এক জটিল প্ৰক্ৰিয়াৰ মাজেৰে প্ৰস্তুত কৰা হয়, সেইখিনি সময়ত সেই আলোচনা একপ্ৰকাৰ মোৰ বাবে একধৰণৰ পাঠ, দ্ৰুত শিক্ষণৰ দৰেই হ’ল।

M. Palani Kumar

M. Palani Kumar
টুটুকুড়িত এই ‘শস্য’ লোণ পানী (লৱণোদক)ৰ পৰা প্ৰস্তুত কৰা হয়, যিবিধ লুণীয়া পানীত লোণৰ গাঢ়তা বেছি, সাগৰৰ পানীতকৈও বেছি। নলী সংযোজিত দ কুঁৱাৰ পৰা এই গাঢ় লুণীয়া পানী তুলি অনা হয়। ৰাণী আৰু তেওঁৰ সহকৰ্মীসকলে কাম কৰা ৮৫ একৰ লোণৰ ডোবাত সাতটা কুঁৱাৰ পৰা নলীৰে উঠোৱা পানীয়ে লোণৰ ডোবাখনৰ চিটাবোৰ চাৰি ইঞ্চিলৈকে পানীৰে ভৰাই তোলে। (প্ৰতি একৰ মাটিক নটা চিটাত ভগাই লোৱা হয় আৰু চিটাত চাৰি লাখ লিটাৰ পানী ধৰে। সেয়া হৈছে ৪০ টা ডাঙৰ আকাৰৰ ১০,০০০ লিটাৰ টেংকিত ধৰা পানীৰ পৰিমাণ)।
৫৬ বছৰে কাম কৰি অহা লোণকৰ্মী বি এন্থনি চামীৰ দৰে আন কোনেও উপ্পলাম (লোণৰ ডোবা)ৰ নক্সাখন ভালকৈ বুজি নাপায় বা ব্যাখ্যা কৰিব নোৱাৰে। লোণৰ ডোবাখনৰ বিভিন্ন স্থানত পানীৰ পৃষ্ঠ সঠিক ৰখাটো তেওঁৰ কাম। তেওঁ লোণৰ ডোবাবোৰক দুটা ভাগত ভগাইছেঃ আন পাটিছ (পুৰুষৰ ডোবা) যিটোক বাষ্পীভাৱক বা অগভীৰ কৃত্ৰিম লোণৰ ডোবা বুলি কোৱা হয়, য’ত প্ৰাকৃতিকভাৱে পানী বাষ্পীভূত হৈ যায়। দ্বিতীয়টো হৈছে পেন পাটিছ (মহিলাৰ ডোবা) য’ত নিমখৰ জন্ম হয়, যিটোৱে পানীক দানাৰ ৰূপ দিয়ে।
“লোণ পানী নলীৰে তুলি প্ৰথমতে ইভাপ’ৰেটৰ (বাষ্পীভাৱক)বোৰ ভৰাই তোলা হয়,” তেওঁ কয়।
তাৰ পাছত তেওঁ কাৰিকৰী কথালৈ আহে।
এটা বৌম হাইড্ৰমিটাৰেৰে পানীৰ লৱণতা ডিগ্ৰী এককত জোখা হয়। এই সঁজুলিবিধেৰে তৰলৰ আপেক্ষিক ঘনত্ব জোখা হয়। পানীৰ ‘বৌম ডিগ্ৰী’ হৈছে শূন্য। সাগৰীয় পানীৰ বৌম ডিগ্ৰী ২ৰ পৰা ৩ হয়। ব’ৰৱেলৰ পৰা উলিওৱা পানীৰ ৫ৰ পৰা ১০লৈ আপেক্ষিক ঘনত্ব থাকে। ২৪ ডিগ্ৰীত ই নিমখৰ ৰূপ লয়। “পানী বাষ্পীভূত হৈ লৱণতা বাঢ়ি গৈ থাকিলে সেয়া ক্ৰিষ্টেলাইজাৰ (স্ফটিকৰণ) এলেকালৈ পঠিয়াই দিয়া হয়,” চামীয়ে কয়।

M. Palani Kumar

M. Palani Kumar
তাৰে পাছৰ দুটা সপ্তাহলৈ সদায় ৰাতিপুৱা মহিলাসকলে খুবেই ডাঙৰ আকাৰৰ লোৰ জবকাৰে টানি পানীখিনি লৰাই থাকে। এদিন তেওঁলোকে দীঘে দীঘে পানীখিনিৰ ওপৰত জবকা টানে, পিছদিনা পথালিকৈ টানে যাতে লোণৰ ডোবাৰ তলিত নিমখৰ দানাবোৰ জমা নহয় বা লাগি নধৰে। প্ৰায় ১৫ দিনৰ মূৰত পুৰুষ-মহিলা লগ লাগি প্ৰকাণ্ড কোৰোনাৰে নিমখবোৰ চপায়। তাৰপিছত তেওঁলোকে সেয়া দুখন ডোবাৰ মাজৰ ওখ ঠাইত জমা কৰে, যিখনক বৰপ্পু বুলি কোৱা হয়।
তাৰ পিছতহে ভাৰোত্তোলনৰ আচল কাম আহেঃ পুৰুষ-মহিলাই মূৰত বৰপ্পুৰ পৰা নিমখবোৰ মূৰত কঢ়িয়াই আনি ওখ ঠাই এটুকুৰাত জমা কৰে। প্ৰতিজনকে বৰপ্পুৰ কেইটামান চিটাহে দিয়া হয়, তাৰপৰা তেওঁলোকে প্ৰতিদিনে তেওঁলোকে ৫ৰ পৰা ৭ টন নিমখ তেওঁলোকৰ কঢ়িয়াই আনে, মূৰত বোজাই কৰি। তাৰমানে দিনে ১৫০ বাৰ তেওঁলোকে ১৫০ৰ পৰা ২৫০ ফুট দূৰত্ব অতিক্ৰম কৰি মূৰত ৩৫ কিলোগ্ৰাম পৰ্যন্ত ভাৰ কঢ়িয়ায়। তেওঁলোকে ইমানবাৰ এনেকৈ নিমখ কঢ়িয়াই নিয়াৰ পিছত সেই ঠাইডোখৰ এখন পাহাৰৰ ৰূপ লয়, তপত সুৰুযৰ তলত জিলিকি থকা নিমখৰ বিশাল পাহাৰ, এই তপত মটীয়া ৰঙৰ ভূমিত যেন চকুত চাত মাৰি ধৰা হীৰাহে।
*****
প্ৰেমৰ মান-অভিমান যেন ব্যঞ্জনৰ লোণ। অলপ বেছি মানেই খেলিমেলি।
এয়া তিৰুক্কুৰাল (পৱিত্ৰ দোহা)ৰ চেন্থিল নাথানে কৰা অনুবাদ (আৰু ভাবানুবাদ) এয়া হৈছে কবি আৰু সন্ত তিৰুভাল্লুৱাৰে ৰচনা কৰা তিৰুক্কুৰালৰ ১৩৩০ টা দোহাৰ এটা, যিজন খ্ৰীষ্টপূৰ্ব চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ মাজৰ সময়ছোৱাৰ বুলি বিভিন্ন ইতিহাসবিদে মন্তব্য কৰে।
ভাবি চাওকচোনঃ উপমা আৰু ৰূপক হিচাপে নিমখৰ ব্যৱহাৰ দুই সহস্ৰাব্দৰ আগতেই হৈ গৈছে। বোধকৰো তাৰো আগৰে পৰাই তামিলনাডুৰ উপকূলীয় অঞ্চলত লোণৰ ডোবা চলি আহিছে।
চেন্থিল নাথানে ২০০০ বছৰ পুৰণি সংগম যুগৰ কবিতাও অনুবাদ কৰিছে য’ত নিমখৰ বিনিময় প্ৰথাৰো কথা উল্লেখ আছে। আৰু ইয়াতেও ই প্ৰেমৰ ওপৰত আধাৰিত কবিতাৰ পংক্তি হিচাপে ধৰা দিছে।
দুৰ্দান্ত শ্বাৰ্ক ধৰিবলৈ যাওঁতে
দেউতাই পোৱা আঘাতৰ ঘাঁ এতিয়া শুকাইছে,
সেয়ে তেওঁ আকৌ সুনীল সাগৰলৈ গৈছে।
নিমখৰ বদলি চাউল আনিবলৈ
মা গৈছে লোণৰ ডোবালৈ
ভাবিছো এনে সময়তে এজন বন্ধু লাগে
যিয়ে এই দূৰ বাট ভাঙি গৈ শীতল সমুদ্ৰতীৰৰ মানুহজনক ক’ব
যে তেওঁ যদি মোক দেখা কৰিব খোজে, এয়াই অহাৰ সময়

M. Palani Kumar
লোকসংস্কৃতি আৰু জতুৱা ঠাঁচৰ মাজতো নিমখ মিহলি হৈ আছে। ৰাণীয়ে তাৰে মোক এটা শুনাইছে, সেয়া তামিল প্ৰবাদ বচন- উপ্পিলা পাণ্ডাম কুপ্পায়িল্লেঃ নিমখ নোহোৱা মানে সেই খাদ্য আৱৰ্জনা। তেওঁৰ সম্প্ৰদায়ৰ লোকে নিমখক লক্ষ্মী বুলি মানে, হিন্দুধৰ্মৰ ধন-ঐশ্বৰ্য্যৰ দেৱী। “কোনোবাই ঘৰ সলালে আমি নিমখ-হালধি আৰু পানী নতুন ঘৰত দি আহো। এয়া শুভ লক্ষণ।”
জনপ্ৰিয় ধাৰাত নিমখে আনুগত্য বুজায়। আনকি লেখক এ. শিৱসুব্ৰমণ্যমে লিখিছেঃ ইংৰাজীৰ চেলাৰি শব্দটোক তামিলত সম্বলম বুলি কোৱা হয়- এয়া হৈছে সম্বা (মানে ধান) আৰু উপ্পলম (য’ত নিমখ উৎপাদন কৰা হয়)ৰ সন্ধি। তেওঁৰ উপ্পিতবৰাই (তামিল সংস্কৃতিত নিমখ) গ্ৰন্থখনত তেওঁ তামিলনাডুত বহুলভাৱে ব্যৱহৃত ফকৰা-যোজনাৰ কথা উল্লেখ কৰিছেঃ উপ্পিতবৰাই উল্লালাভাম নেনাই- যিয়ে আপোনাক খাদ্যত নিমখ দিছে, মানে যিজন আপোনাক কাম দিছে, তেওঁক মনত ৰাখিবলৈ এই ফকৰা-যোজনাৰ জৰিয়তে কোৱা হৈছে।
মাৰ্ক কাৰ্লনেস্কিয়ে নিমখক লৈ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ ‘চল্টঃ এ ৱৰ্ল্ড হিষ্ট্ৰী’ত সুন্দৰকৈ লিখিছেঃ “নিমখ হৈছে প্ৰথমবিধ আন্তৰ্জাতিক বাণিজ্যিক পণ্য যিটোৰ উৎপাদন কৰা কাৰখানা আছিল প্ৰথম উদ্যোগবোৰৰ মাজৰ এটা, আৰু অৱশ্যম্ভাৱি কথা যে সেয়া আছিল ৰাজ্যৰ একচেটীয়া সম্পত্তি।”
এই গতানুগতিক উপাদানবিধেই ভাৰতৰ ইতিহাস সলনি কৰি দিছিল যেতিয়া মহাত্মা গান্ধীয়ে ১৯৩০ৰ মাৰ্চ-এপ্ৰিলত বৃটিছে নিমখৰ ওপৰত লগোৱা দমনমূলক কৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু গুজৰাটৰ দাণ্ডিত থকা লোণৰ ডোবাৰ পৰা লোণ আনিবলৈ যাত্ৰা কৰিছিল। পিছলৈ তেওঁৰ ৰাজনৈতিক সহকৰ্মী চি. ৰাজাগোপালাচাৰিয়ে তামিলনাডুৰ তিৰুচিৰাপাল্লিৰ পৰা বেদাৰানায়ামলৈ লোণ সত্যাগ্ৰহ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত দাণ্ডি যাত্ৰাৰ অধ্যায় গুৰুত্বপূৰ্ণ।
*****
“হাড়ভঙা শ্ৰমৰ বিনিময়ত পতানৰ দৰে পাৰিশ্ৰমিক”
– এন্থনি চামী, লোণৰ ডোবাৰ শ্ৰমিক
ৰাণীৰ প্ৰথম মজুৰি আছিল দিনে ১ টকা ২৫ পইচা। সেয়া ৫২ বছৰ আগৰ কথা, তেতিয়া তেওঁ বয়স আছিল আঠ বছৰ। দীঘল স্কাৰ্ট এটা পিন্ধি তেওঁ লোণৰ ডোবাত কঠোৰ শ্ৰম কৰিছিল। এন্থনিয়েও তেওঁৰ প্ৰথম পাৰিশ্ৰামিকৰ কথা মনত পেলায়ঃ ১ টকা ৭৫ পইচা। বহুবছৰ পিছত সেয়া ২১ টকা হৈছিল। ইমান দশকৰ কষ্টৰ পাছত মহিলাৰ দিনহাজিৰা ৩৯৫ টকা আৰু পুৰুষৰ ৪০৫ টকা হৈছে। এয়া এতিয়াও “হাড়ভঙা শ্ৰমৰ বিনিময়ত পতানৰ দৰে পাৰিশ্ৰামিক” বুলি তেওঁ কয়।
“নীৰম আয়িত্তু,” পুৱা ছয় বজাত টুটুকুড়ি জিলাৰ স্থানীয় তামিল ভাষাৰ ঠাঁচত ৰাণীৰ ল’ৰা কুমাৰে মাত লগাইছে, মানে পলম হৈছে। আমি ইতিমধ্যে ডোবাত উপস্থিত হৈছো। কামলৈ দেৰি হ’ব বুলি তেওঁ চিন্তিত হৈছে। দূৰৰ পৰা লোণৰ ডোবাখন চিত্ৰকৰৰ চিত্ৰ যেনেই লাগে। আকাশখন ৰঙা-হেঙুলীয়া আৰু সোণালী ৰং ধৰিছে। ডোবাৰ পানীত সেই ৰংবোৰ তিৰবিৰাইছে, মৃদু বতাহ বলিছে, আনকি দূৰণিৰ কাৰখানাবোৰো ভাল যেনেই লাগিছে। এক সুন্দৰ নিঃসৰ্গচিত্ৰ। আধাঘণ্টা পিছত মই জানিম তাত কাম কৰাটো কিমান নিষ্ঠুৰ কাৰবাৰ হৈ উঠিব পাৰে।
সেই পুৰণি চালিখনত, যিখন এতিয়া জৰাজীৰ্ণ আৰু লেতেৰা হৈ আছে, তাতেই পুৰুষ-মহিলা সকলো লগ লাগি কামৰ বাবে সাজু হয়। মহিলাই শাড়ীৰ ওপৰতে ছাৰ্ট পিন্ধে আৰু মূৰত কপাহী কাপোৰ মেৰিয়াই পাগুৰি বান্ধি লয় যাতে বেছি ওজন কঢ়িয়াব পাৰে। তাৰপিছত তেওঁলোকে কামৰ যোগাৰখিনি লয়- এলুমিনিয়ামৰ চাট্টি (টৌ) আৰু বাল্টি, পানীৰ বটল আৰু খাদ্য বুলিবলৈ ষ্টিলৰ টুক্কু (হাত থকা ধাতুৰ পাত্ৰ) এখনত পঁইতা ভাত। “আজি আমি উত্তৰফালে যাম,” কুমাৰে তেওঁৰ বাওঁফালে আঙুলিয়াই দেখুৱালে আৰু গোটেই দলটোৱে তেওঁক অনুসৰণ কৰিলে। গৈ গৈ তেওঁলোকে সেই শেষৰ দুই চিটা পালে যি দুটা তেওঁলোকে কেইঘণ্টামানত খালি কৰিব লাগিব।
লৰালৰিকৈ তেওঁলোকে কামত ধৰিলে। পুৰুষ-মহিলাই শাড়ী-পেটিকোট আৰু ধুতিবোৰ কোঁচাই লৈছে, এতিয়া সেইবোৰ আঠুত লাগিছে। দুই ফুট পানীৰ খাৱৈটোৰ ওপৰত পাৰি থোৱা তাল গছৰ ‘ব্ৰীজ’খনেৰে তেওঁলোকে পাৰ হৈ যায় আৰু বাল্টিৰে চাট্টিত নিমখ ভৰায়। এবাৰ চাট্টিবোৰ ভৰ্তি হৈ গ’লে সেয়া ইজনে সিজনৰ মূৰত তুলি দিয়ে। তাৰপিছত ৰছীত খোজ কঢ়াজনৰ দৰেই তেওঁলোকে ৩৫ কিলোগ্ৰাম নিমখ মূৰত তুলি লৈ দুয়োফালে পানী থকা সেই ঠেক বাটটোৰে খোজ দিয়ে, তালগছৰ কাঠৰ লৰক-ফৰক দলংখন পাৰ হয়, এক-দুই-তিনি...ছয় খোজ।
এটা স্থানত তেওঁলোক থমকি ৰয় আৰু চাট্টিৰ পৰা মাটিত নিমখখিনি বাকি দিয়ে, সৰসৰাই নামি অহা নিমখখিনি দেখি লাগে যেন বগা বৰষুণহে দিছে। তাৰপাছত তেওঁলোক আকৌ নিমখ উঠোৱা ঠাইলৈ ঘূৰি যায়। এই কাম চলি থাকে। নিমখৰ দ’মটো এখন পাহাৰৰ ৰূপ নোলোৱালৈকে তেওঁলোকে এই কামত লাগি থাকে, ১৫০-২০০ বাৰ কৰে। নিমখৰ পাহাৰখন ১০ ফুট ওখ, ১৫ ফুটমান বহল হয়, তামিল ভাষাত যাক আম্বৰম (দ’ম) বুলি কয়। এই আম্বৰম সাগৰ-সুৰ্য্যৰ উপহাৰ, ৰাণী আৰু তেওঁৰ দৰে মানুহবোৰে মূৰৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমেৰে জিলিকি থকা উপহাৰ।
ডোবাটোৰ দুয়োফালে ৫৩ বছৰীয়া ঝান্সী ৰাণী আৰু এন্থনী চামী কামত ব্যস্ত হৈ পৰিছে। ৰাণীয়ে জবকাডালেৰে পানীখিনি লৰাই দিয়ে, এন্থনীয়ে কোৰোনাৰে চপায়। পানীখিনি পাতল ঢৌ খেলি থাকে, কোৰোনাৰে নিমখ টানি নিওতে কচমচ শব্দ হয়। সুৰ্য্যৰ তাপ যিমানেই বাঢ়ে, ছাঁবোৰ ডাঠ ৰং ধৰে। কিন্তু কোনোৱেও থমকি নৰয়, কঁকাল পোনোৱা বাদেই, উশাহ ল’বলৈও তেওঁলোকৰ যেন সময় নাই। এন্থনীৰ পৰা কোৰোনাখন লৈ মই এবাৰ নিমখখিনি সেই ওখ ঠাইখিনিলৈ টানি আনিবলৈ চেষ্টা কৰিলো। সাংঘাতিক কষ্টকৰ কাম। পাঁচবাৰ টনাৰ পাছত মোৰ কান্ধ দুখনত যেন জুইহে লাগিল, কঁকালখনো বিষাবলৈ ধৰিলে, কপালৰ ঘাম আহি চকুত সোমাল।

M. Palani Kumar
নীৰৱে এন্থনীয়ে কোৰোনাখনেৰে নিমখৰ চিটাটো চাফা কৰি গৈছে। মই মনে মনে আঁতৰ হ’লো, ৰাণীৰ ফালে গ’লো। যেতিয়ালৈ নিমখৰ দ’মটো ইফালৰ পৰা সিফালে নহয়, তেওঁ কাম কৰি গৈছে, তেওঁৰ পেশীবোৰ টানি ধৰিছে, বিষাইছে। লোণৰ ডোবাখন উদং হৈ পৰিছে, মুগা ৰং ধৰিছে, তাত আকৌ নতুনকৈ পানী ভৰাবপৰা হৈছে, আকৌ এবাৰ নিমখ চপোৱাৰ সময় আহি পৰিছে।
এবাৰ তেওঁ সেই ওখোৰা-মোখোৰা পাহাৰখন তেওঁৰ কোৰোনাখনেৰে সমান কৰাৰ পাছত ৰাণীয়ে মোক তেওঁৰ সৈতে বহিবলৈ মাতিলে। চকুত চাট মাৰি ধৰা নিমখৰ টিলা এটাৰ কাষত আমি বহিলো, দূৰত মালবাহী ৰেল এখন পাৰ হৈ যোৱা চাই থাকিলো।
“আগতে মালবাহী ৰেলে এই ডোবাৰ পৰা নিমখ কঢ়িয়াই নিছিল,” আঙুলিৰে শূন্যতে ৰেলৰ পুৰণি ট্ৰেকটোৰ অকণমান ধাৰণা তেওঁ দিয়াৰ চেষ্টা কৰিলে। “তেওঁলোকে কেইটামান দবা ইয়াতে এৰি যায় আৰু পিছত ইঞ্জিন লগাই লৈ যায়।” তেওঁ গৰুগাড়ী আৰু ঘোৰাৰ গাড়ীৰ কথা কয়, আগতে ক’ত নিমখৰ কাৰখানাটো আছিল সেয়াও দেখুৱায়। এতিয়া সেইবোৰ নাই, কেৱল এই সুৰ্য্যটো আৰু কামেই আছে, ককালৰ পেঁচৰ পৰা দুটকীয়া অম্ৰুতাঞ্জনৰ সৰু টেমাটো আৰু ভিকচ্ ইনহেলাৰ এটা উলিয়াই তেওঁ কয়। “এইবোৰেই (লগতে তেওঁৰ ডায়েবিটিছৰ টেবলেট) মোক জীয়াই ৰাখিছে,” ৰাণীয়ে হাঁহি মাৰি কয়।
*****
“কোনোবাদিনা বৰষুণ দিলে আমি এসপ্তাহলৈ কৰ্মহীন হৈ পৰো।”
– টুটুকুড়িৰ লোণৰ ডোবাৰ শ্ৰমিক
সময়ৰ লগে লগে কামৰ সময়ো সলনি হৈছে। সাধাৰণতে মাজত এঘণ্টাৰ দুপৰীয়াৰ আহাৰৰ বিৰতি ধৰি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাম হয়। এতিয়া কিছুমান দলে পুৱা নিশা ২ বজাৰ পৰা পুৱা ৮ বজালৈ কাম কৰে আৰু আন কিছুমানে পুৱা ৫ বজাৰ পৰা আগবেলা ১১ বজালৈ কাম কৰে। এই চিফট্ দুটাতে আটাইতকৈ কষ্টকৰ কামখিনি হয়। তাৰপাছতো কিছুমান কাম থাকি যায় যিখিনি আন কেইজনমান শ্ৰমিকে কৰে।
“তাতে আনকি পুৱা ১০ বজাতো থিয় হৈ থকাটো মস্কিল, ইমানেই গৰম পৰে,” এন্থনী চামীয়ে কয়। জলবায়ু আৰু উষ্ণতাৰ ভৰসা কৰিব নোৱৰা পৰিৱৰ্তনৰ নিজ অভিজ্ঞতাৰে তেওঁ অনুভৱ কৰিছে। জলবায়ু কেনেদৰে পৰিৱৰ্তন হৈছে সেয়া গোলকীয় উষ্ণতাৰ ওপৰত নিউয়ৰ্ক টাইমচৰ এক ইণ্টাৰেক্টিভ প’ৰ্টেলৰ ডেটাইও একে কথাই কৈছে।

M. Palani Kumar

M. Palani Kumar
১৯৬৫ত এন্থনীৰ যেতিয়া জন্ম হৈছিল, তেতিয়া টুটুকুড়িত (পুৰণি নাম টুটিকড়িন) বছৰটোৰ ১৩৬ টা দিনত উষ্ণতা ৩২ ডিগ্ৰী ছেলচিয়াছ পাৰ কৰিব বুলি আশা কৰিবপৰা গৈছিল। এতিয়া যিটো ২৫৮ দিন হ’ব পাৰে বুলি সেই প’ৰ্টেলটোৰ ডেটাই কয়। তেওঁৰ জীৱনকালত গৰমৰ দিনৰ সংখ্যা ৯০ শতাংশ বাঢ়িছে।
তাৰে লগত আকৌ আবতৰীয়া বৰষুণ আছেই।
“কোনোবাদিনা বৰষুণ দিলে আমি এসপ্তাহলৈ কৰ্মহীন হৈ পৰো,” শ্ৰমিকসকলে একমুখে কৈ উঠে। বৰষুণে নিমখবোৰ, গেদবোৰ, ডোবাৰ গাঁথনি সকলো ভাঙি উটুৱাই নিয়ে আৰু তেওঁলোকৰ কাম আৰু টকা-পইচা দুয়োটাই নাইকিয়া হৈ পৰে।
অনিয়মীয়া বতৰ আৰু জলবায়ুৰ সমস্যাত স্থানীয় কেতবোৰ পৰিৱৰ্তনেও ইন্ধন যোগাইছে। ছাঁ দিয়া গছবোৰ কাটি পেলোৱা হৈছে। এতিয়া মুকলি নীল আকাশৰ তলত ফটো তুলিবলৈ ভাল, কিন্তু কাম কৰাটো কষ্টকৰ। লোণৰ ডোবাবোৰত কাম কৰাটো আগতকৈও বেছি টান হৈ পৰিছে। আগতে “মালিকে আমাৰ কাৰণে খোৱাপানী ৰাখিছিল, আজিকালি ঘৰৰ পৰা বটলত ভৰাই আনিব লাগে,” ঝান্সীয়ে মোক কয়। শৌচালয় আছে নে নাই, মই সোধাত উপলুঙাৰ সুৰত তেওঁ হাঁহি এটা মাৰিলে। “আমি ডোবাৰ পিছফালৰ মুকলি পথাৰলৈ যাও,” তেওঁলোকে কয়। শৌচালয় এটা আছে যদিও তাত পানী নাই।
ঘৰত মহিলাসকলে আন সমস্যাৰো সন্মুখীন হয়, বিশেষকৈ নিজৰ ল’ৰা-ছোৱালীক লৈ। সিহঁত সৰু থাকোতে ৰাণীয়ে কামলৈ সিহঁতক লৈ আহিছিল। চালিখনৰ তলতে কাপোৰেৰে ঝুলনা এখন কৰি তাতে ৰাখি কামত ধৰিছিল। “কিন্তু এতিয়া মোৰ নাতিল’ৰাকেইটা ঘৰতে ৰাখিব লাগে। সিহঁতে কয়, ডোবাবোৰ শিশুহঁতৰ ঠাই নহয়।” ঠিকেই বাৰু, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সিহঁতক চুবুৰীয়া বা আত্মীয়ৰ ঘৰত ৰখা হয় বা লগত কোনোৱেই নাথাকে। “আপুনি বালৱাড়ি (অংগনবাদী)লৈ শিশুক ৩ বছৰ বয়স হোৱাৰ পাছতহে নিব পাৰে। তাতে দিনটো ৮ বজাত আৰম্ভ হয়। আমাৰ সময়সূচীৰ লগত প্ৰায়ে নিমিলে।”
*****
“মোৰ হাতদুখন চুই চাওকচোন, মতা মানুহৰ যেন নালাগেনে?”
– লোণৰ ডোবাৰ মহিলা শ্ৰমিক
কামৰ বিনিময়ত পোৱা টকাকেইটাৰ বাবে মহিলা শ্ৰমিকসকলৰ দেহটোৱে কেনেদৰে মূল্য স্বীকাৰ কৰিবলগীয়া হৈছে সেই কথা ক’বলৈ মহিলাসকল আগবাঢ়ি আহে। ৰাণীয়ে তাইৰ চকুৰ কথাৰে আৰম্ভ কৰিলে। চকু চাট মাৰি ধৰা নিমখৰ মাজত কাম কৰোঁতে কৰোঁতে তেওঁৰ চকু বিষায়, খোচে। বেছি পোহৰত তেওঁ চাব নোৱাৰা হয়। “তেওঁলোকে আমাক ডাঠ চশমা দিছিল, কিন্তু এতিয়া আমাক কেৱল পইচা দিয়ে,” তেওঁ কয়। চশমা আৰু জোতাৰ কাৰণে সাধাৰণতে বছৰি ৩০০ টকা দিয়ে।

M. Palani Kumar
কেইগৰাকীমান মহিলাই ক’লা মোজা পিন্ধিছে, কিন্তু তলটো চিলাই তাতে ৰবৰৰ টিউব লগাই লৈছে। কিন্তু লোণৰ ডোবাৰ কাকো গগলচ্ পিন্ধা নেদেখিলো। “ভাল এজোৰ গগলচত ১,০০০ টকা লাগে, সস্তীয়াবোৰৰ কাম নাই, সেইবোৰে কামত অসুবিধাহে দিয়ে,” সিহঁত আটায়ে মোক কয় আৰু জনায় যে ৪০ বছৰ নৌহওঁতেই তেওঁলোকৰ দৃষ্টিশক্তি ক্ষয় যায়।
আন মহিলাসকলেও ৰাণীৰ কথাত যোগ দিয়ে। বিৰতি পোৱাটো কিমান টান কাম তেওঁলোকে কয়, প্ৰখৰ ৰ’দত অণ্ঠ-কণ্ঠ শুকাই যায়, পানী অকণ খাবলৈকো সময় নিদিয়ে। তীব্ৰ ৰ’দত সেই লুণীয়া পানীয়ে তেওঁলোকৰ ছাল খাই পেলায়। “মোৰ হাতদুখন চুই চাওকচোন, মতা মানুহৰ যেন নালাগেনে?” তেওঁলোকে নিজৰ হাতৰ তলুৱা, ভৰি আৰু আঙুলিবোৰ দেখুৱালঃ ভৰিৰ নখবোৰ ক’লা পৰিছে, শুকাই গৈছে; হাতৰ মৰা ছালবোৰ চকলা-চকলকৈ এৰি গৈছে; ভৰিত অ’ত-ত’ত আঁচোৰৰ চিন আৰু সৰু-সুৰা ঘাঁ যিবোৰ শুকাবই নোখোজে আৰু প্ৰতিবাৰেই সেই লুণীয়া পানীত নামিলে কেঁচা হৈ পৰে।
আমাৰ ব্যঞ্জনবোৰ যিহে সুস্বাদু কৰি তোলে, সিয়ে তেওঁলোকৰ মঙহবোৰ খায়।
তালিকাখন ইমানতে শেষ নহয়। তাত জৰায়ুচ্ছেদন, বৃক্ক (কিডনি)ৰ পাথৰ, অন্ত্ৰবৃদ্ধি (হাৰ্নিয়া) আদি আছে। ৰাণীৰ ল’ৰা কুমাৰৰ বয়স ২৯ বছৰ। কিন্তু কামত গধুৰ ভাৰ দাঙোতে দাঙোতে তেওঁৰ হাৰ্নিয়া হৈছে। অস্ত্ৰোপচাৰ কৰাইছিল, তিনিমাহৰ কাৰণে জিৰাইছিল। কিন্তু এতিয়া তেওঁ কি কৰিব? “গধুৰ বস্তু দঙা কাম আকৌ আৰম্ভ কৰিলো,” তেওঁ কয়। তেওঁৰ হাতত কোনো উপায় নাই। চহৰখনত কাম বুলিবলৈ আন বিশেষ একো নাই।
ইয়াৰে কিছুমান ডেকাল’ৰাই মিছামাছৰ ইউনিট বা ফুলৰ কাৰখানাত কাম পায়। কিন্তু লোণৰ ডোবাত কাম কৰাসকলৰ প্ৰায়ভাগৰেই বয়স ৩০ৰ বেছি আৰু সেই কামতে দশকৰ পিছত দশক লাগি আছে। কিন্তু কুমাৰে তেওঁ পোৱা মজুৰিক লৈহে ভোৰভোৰাই উঠিল। “পেক কৰা কামটো চুক্তিবদ্ধ শ্ৰমিকৰ দৰে, আমি আনকি বনাচো নাপাও। ২৫ টা পেকেটত এক কিলোকৈ নিমখ পেকিং কৰাৰ বাবে মহিলাক ১.৭০ টকা দিয়া হয়। (এটা পেকেটত ৭ পইচাতকৈও কম)। সেই আটাইকেইটা পেকেট চিল কৰিবলৈ আন এগৰাকী মহিলাক ১.৭০ টকা দিয়া হয়। কিন্তু আন এগৰাকী পুৰুষ শ্ৰমিকক সেই ২৫ টা পেকেট এটা বস্তাত ভৰাই, হাতেৰে চিলাই চিজিলকৈ দ’ম কৰি থ’বলৈ ২ টকা দিয়া হয়। দ’মটো যিমানেই ওখ হ’ব, শ্ৰমিকজনৰ কষ্ট সিমানেই বাঢ়িব। কিন্তু পইচা সিমানেই থাকিবঃ ২ টকা।”

M. Palani Kumar

M. Palani Kumar
ভাচকুলাৰ শল্যচিকিৎসক আৰু তামিলনাডু ৰাজ্যিক পৰিকল্পনা আয়োগৰ সদস্য ডা. আমালোৰপ্ৰভানাথান জোছেফে কয় যে “চিকিৎসাবিজ্ঞানৰ ফালৰ পৰা চাবলৈ হ’লে তেওঁলোকে যিয়েই জোতা নিপিন্ধক কিয়, তাৰ মাজেৰে যে বিষাক্ত বস্তু সৰকি নাযাব তাৰ মানেই নাই। এদিন বা দুদিনৰ বাবে কাম কৰাটো ঠিকে আছে। কিন্তু এয়া আপোনাৰ গোটেই জীৱনটোৰ বাবে যদি জীৱিকা, তেন্তে আপোনাক বৈজ্ঞানিক আৰ্হিত ডিজাইন কৰা বুটচ্ লাগিব যিবোৰ এক নিৰ্দিষ্ট ব্যৱধানত সলনি কৰিব লাগিব। এইখিনি নকৰিলে আপোনাৰ ভৰিখন ঠিকে থকাটোৰ গেৰাণ্টি দিব নোৱাৰি।”
চকু চাট মাৰি ধৰা সুৰ্য্যৰ পোহৰৰ প্ৰতিফলনৰ উপৰিও তেওঁ ভাবে যে “এনে পৰিৱেশত গগলচ্ নোহোৱাকৈ কাম কৰাৰ পৰা চকুৰ বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে।” নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ শিবিৰ আৰু সকলো শ্ৰমিকৰ বাবে সঘনে ৰক্তচাপ পৰীক্ষাৰ তেওঁ পৰামৰ্শ দিয়ে। “কাৰোবাৰ যদি ৰিডিং ১৩০/৯০ আহে, তেওঁক মই লোণৰ ডোবাত কাম কৰিবলৈ নিদিলোহেঁতেন।” এনে এক পৰিৱেশত কঠোৰ পৰিশ্ৰমৰ সময়ত শ্ৰমিকৰ দেহে লোণ শুহি লয়, তেওঁ কয়। এনেকৈ লোণৰ ভাৰ কঢ়িয়াওতে পাঁচৰ পৰা ছয় ধৰণৰ শাৰিৰীক সঞ্চালনৰ প্ৰয়োজন হয়। “ইয়াত কিমানখিনি শক্তি খৰছ হয়, সেয়া গণিলে অভাৱনীয় হিচাপ এটা ওলাব।”
এই শ্ৰমিকসকলে এই চাৰি-পাঁচ দশক ধৰি ইয়াত কাম কৰি আহিছে ঠিকেই। কিন্তু কাৰো সামাজিক দিশত সুৰক্ষা নাই, বৈতনিক ছুটী (পেইড লিভ) নাই, শিশুৰ যত্ন বা গৰ্ভাৱস্থাৰ ছুটী নাই- লোণৰ ডোবাৰ শ্ৰমিকসকলে কয় যে তেওঁলোক দৰাচলতে কুলিতকৈ (নগণ্য মজুৰিৰ শ্ৰমিক) বেছি একো নহয়।
*****
“লোণৰ ব্যৱহাৰ ১৫,০০০ বিধতকৈও বেছি।”
– এম. কৃষ্ণমুৰ্ত্তী, জিলা সমন্বয়ক, টুটুকুড়ি, আনঅৰ্গেনাইজড ৱৰ্কাৰ্ছ ফেডাৰেছন
“নিমখৰ উৎপাদনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছতেই ভাৰতৰ স্থান,” কৃষ্ণমুৰ্ত্তীয়ে কয়। “নিমখ নহ’লে জীৱন অসম্ভৱ, কিন্তু শ্ৰমিকসকলৰ জীৱনবোৰ তেওঁলোকৰ শস্যবিধৰ দৰেই নিমখীয়া!”
টুটুকুড়ি জিলাত ৫০ হাজাৰৰো অধিক লোণ শ্ৰমিক আছে, কৃষ্ণমুৰ্ত্তীয়ে অনুমান কৰে। তাৰমানে জিলাখনৰ ৭.৪৮ লাখ শ্ৰমিকৰ প্ৰতি ১৫ জনৰ মাজৰ এজনে এই খণ্ডত কাম কৰে। অৱশ্যে তেওঁলোকৰ কাম গৰম দিনত ফেব্ৰুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈ ৬-৭ মাহৰ কাৰণেহে থাকে। কেন্দ্ৰ চৰকাৰে লোণ শ্ৰমিকৰ সংখ্যা ওপৰত উল্লেখ কৰা সংখ্যাতকৈ বহুত কমকৈ লিপিবদ্ধ কৰিছে। সেয়া হৈছে ২১,৫২৮ গৰাকী, তাকো সমগ্ৰ তামিলনাডুৰ বাবে। তাতেই কৃষ্ণমুৰ্ত্তীৰ আনঅৰ্গেনাইজড ৱৰ্কাৰ্ছ ফেডাৰেছনৰ কাম আহি পৰে। চৰকাৰৰ লেখত নহা বৃহৎ সংখ্যকৰ ৰেকৰ্ড তেওঁলোকেই ৰাখে।

M. Palani Kumar

M. Palani Kumar
ইয়াৰে প্ৰতিজন লোণ শ্ৰমিক- লাগিলে তেওঁ ক্ৰিষ্টেলাইজাৰবোৰত জবকা মৰা কামেই কৰক বা লোণ চপোৱা আৰু কঢ়িওৱা কামেই কৰক, তেওঁলোকে প্ৰতিদিনে ৫ৰ পৰা ৭ ঘণ্টা পৰ্যন্ত কাম কৰে। তেওঁলোকে কঢ়িওৱা এই লোণৰ দাম বৰ্তমান এক টনত ১৬০০ টকা, তেওঁলোকে ধোৱা লোণৰ মুঠ দাম ৮,০০০ টকাৰ অলপ বেছি। কিন্তু এদিনো যদি আবতৰীয় বৰষুণ আহে, তেওঁলোকৰ কাম এসপ্তাহ আনকি ১০ দিনলৈ নোহোৱা হয়, তাকেই তেওঁলোকে জোৰ দি কয়।
কৃষ্ণমুৰ্ত্তীয়ে কয়, যিটো কথাই তেওঁক বৰকৈ দুখ দিয়ে, সেয়া হৈছে ৯০ দশত আদৰি লোৱা উদাৰীকৰণৰ নীতি, যিটো বৰ্তমান অতি তীব্ৰ গতিত আগবাঢ়িছে, যাৰ পৰিণাম স্বৰূপে “ডাঙৰ ব্যক্তিগত কোম্পানীক বজাৰত সোমোৱাৰ অনুমতি দিয়া হৈছে।” “বহু দশক জুৰি লোণ চপোৱা এই কষ্টকৰ কাম দলিত শ্ৰেণীৰ পুৰুষ-মহিলা শ্ৰমিকে কৰি আহিছে। তাৰে ৭০ৰ পৰা ৮০ শতাংশ লোকেই উপান্ত শ্ৰেণীৰ। তেওঁলোকক কিয় লোণৰ চিটাবোৰ লীজত দিয়া নহয়? মুকলি নিলামত তেওঁলোকৰ দৰে সৰু সৰু মানুহে কেনেকৈ ডাঙৰ ক’ৰ্পৰেটৰ সৈতে ফেৰ মাৰিব পাৰিব?”
ডাঙৰ কোম্পানীবোৰে যেতিয়া বেপাৰত নামে, তেওঁলোকৰ মাটিৰ ওপৰত প্ৰভুত্ব বাঢ়ে, হাজাৰ হাজাৰ একৰ মাটি তেওঁলোকে অধিকাৰ কৰে। কৃষ্ণমুৰ্ত্তী এই কথা লৈ নিশ্চিত যে এই হাতে কৰা কামবোৰ এদিন মেচিনে দখল কৰিব, “তেতিয়া এই ৫০,০০০ লোণ শ্ৰমিকৰ কি গতি হ’ব?”
প্ৰতি বছৰে ১৫ অক্টোবৰৰ পৰা (যেতিয়া উত্তৰ-পূৱৰ মৌচুমী বতৰ আৰম্ভ হয়) ১৫ জানুৱাৰীলৈকে শ্ৰমিকৰ হাতত একো কাম নাথাকে। এই তিনিটা মাহ বৰ কষ্টৰ মাহ। এই দিনকেইটাত তেওঁলোকে পইচা ধাৰে লৈ আৰু খৰছ কমাই ঘৰ চলায়। ৫৭ বছৰীয়া লোণ শ্ৰমিক এম বেলুচামীয়ে খেতিপথাৰত কাম কৰে আৰু লোণ প্ৰস্তুতৰ পৰিৱৰ্তিত পদ্ধতিৰ বিষয়ে তেওঁ কয়। “মোৰ মা-দেউতাৰ দিনৰ পৰাই সৰু ব্যৱসায়ীয়ে লোণ উৎপাদন আৰু বিক্ৰীৰ কাম কৰি আহিছে।”
দুবিধ নীতিয়ে পৰিস্থিতি সম্পূৰ্ণ সলনি কৰি পেলাইছে। এটা হৈছে কেন্দ্ৰ চৰকাৰে যেতিয়া ২০১১ত ঘোষণা কৰে যে মানুহে খোৱা নিমখত আয়’ডিন থাকিব লাগিব। আনটো হৈছে লোণৰ ডোবাবোৰ লীজত লোৱাৰ চুক্তিৰ সংশোধন। তেওঁলোকে সেয়া কৰিব পাৰিলে, কিয়নো লোণ সংবিধানৰ কেন্দ্ৰীয় সূচীত পৰে।

M. Palani Kumar

M. Palani Kumar
২০১১ৰ ভাৰত চৰকাৰ আইনত কোৱা হৈছেঃ “কোনো ব্যক্তিয়ে তেতিয়ালৈ সাধাৰণ নিমখ বিক্ৰী কৰিব নোৱাৰে, বা বিক্ৰীৰ কাৰণে আপুৰ্তি কৰিব নোৱাৰে বা বিক্ৰীৰ কাৰণে নিজৰ চৌহদত ৰাখিব নোৱাৰে, যেতিয়ালৈ সেয়া মানুহে খাব পৰাকৈ আয়’ডিনযুক্ত কৰি তোলা নহয়।” তাৰমানে সাধাৰণ নিমখ কেৱল ফেক্টৰিৰ উৎপাদিত নিমখ। (নিমখৰ কেতবোৰ আন শ্ৰেণী যেনে খনিজ লৱণ, ক’লা নিমখ আৰু হিমালয়ৰ গুলপীয়া নিমখ আদিক এই নিয়মৰ বাহিৰত ৰখা হয়)। ইয়াৰ আন এটা অৰ্থও ওলায় যে এই পৰম্পৰাগতভাৱে নিমখ প্ৰস্তুত কৰি অহাসকলে নিজৰ অধিকাৰ হেৰুৱালে। ইয়াক আদালতত প্ৰত্যাহ্বান জনোৱা হ’ল আৰু উচ্চতম ন্যায়ালয়ে দৰাচলতে আইনখনৰ দিশটোৰ কঢ়া সমালোচনা কৰিলে, কিন্তু নিষেধাজ্ঞা বাহাল থাকিল। সাধাৰণ নিমখ, যিটো খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়, সেয়া আয়’ডিনযুক্ত নকৰিলে বিক্ৰী কৰিব নোৱাৰে।
২০১৩ৰ অক্টোবৰত দ্বিতীয়লানি সংশোধন আহিল। কেন্দ্ৰীয় অধিসূচনাত কোৱা হ’লঃ “লোণ উৎপাদনৰ বাবে কেন্দ্ৰ চৰকাৰৰ মাটিৰ বাবে নিবিদাৰ জৰিয়তে পট্টা দিয়া হ’ব।” ইয়াৰ উপৰি ইতিমধ্যে লীজত থকা মাটিৰ বাবে চুক্তি নৱীকৰণ কৰা নহ’ব। চুক্তিৰ ম্যাদ উকলিলে নতুনকৈ নিবিদা জাৰী কৰা হ’ব আৰু এই প্ৰক্ৰিয়াত “বৰ্তমান পট্টাধাৰকে নতুন অংশগ্ৰহণকাৰীৰ সৈতে নিবিদা প্ৰক্ৰিয়াত ভাগ ল’ব পাৰে।” কৃষ্ণমুৰ্ত্তীয়ে কয় যে এই নতুন নিয়মে নিশ্চয়কৈ ডাঙৰ উৎপাদকসকলক লাভান্বিত কৰিব।
চাৰিটা দশক আগৰ কথা ঝান্সীয়ে মনত পেলায়। তেওঁৰ মাক-দেউতাকে তেতিয়া পট্টাধাৰীৰ পৰা মাটি চুক্তিত লয়, পুলী লগোৱা কুঁৱা এটাৰ পৰা পানী উলিয়ায় (বাল্টি হিচাপে তালপাতৰ খৰাহী এটা ব্যৱহাৰ কৰে) আৰু ১০ টা সৰু সৰু চিটাত নিমখ উৎপাদন কৰে। প্ৰতিদিনে মাকে ৪০ কিলোগ্ৰাম নিমখ মুৰত লৈ (আকৌ এটা তালপাতৰ খৰাহীত) চহৰলৈ গৈ সেই নিমখ বিক্ৰী কৰে। “২৫-৩০ টকা দি আইচক্ৰীম বনোৱা কোম্পানীয়ে সেই গোটেইখিনি নিমখ কিনি লয়,” তেওঁ কয়। মাক বজাৰলৈ যাব নোৱাৰিলে ঝান্সীৰ মুৰত সৰু খৰাহী এটা দি পঠিয়ায়। আনকি তেওঁ ১০ পইচাৰ নিমখ জুখি বিক্ৰী কৰা তেওঁৰ মনত আছে। “আমাৰ লোণৰ খেতি থকা ঠাইত এতিয়া অট্টালিকা বনোৱা হৈছে, আবাসিক কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে,” ঝান্সীয়ে কয়। “আমাৰ হাতৰ পৰা সেই মাটি কেনেকৈ গুছি গ’ল মই নাজানো,” দুখমনে তেওঁ কথাখিনি ক’লে। কথাৰ সুৰত অলপ হতাশা, বতাহত নিমখৰ গন্ধ।
লোণৰ শ্ৰমিকৰ বাবে জীৱনটো সদায়ে কষ্টকৰ। দশকৰ পিছত দশক ধৰি তেওঁলোকৰ থালবোৰত কেৱল চাগুদানা আৰু বজৰাই থাকি আহিছে (কাচিৎহে চাউল থাকে), তাৰে লগত মাছৰ কুঝাম্বো মানে জোল থাকে। আকৌ ইডলি, যিটো নিয়মিত খাদ্যৰ অংশ হৈ পৰিছে, সেয়া দেৱালীৰ সময়ত বছৰৰ বনোৱা হৈছিল। ঝান্সীয়ে ইডলি বনোৱাৰ দিনা এই কথা ভাবি ফুৰ্ত্তিতে ৰাতি শুব পৰা নাছিল যে পিছদিনা উৎসৱৰ পুৱা তেওঁ ইডলি খাবলৈ পাব।
দীপাৱলী আৰু পৌংগল, এই দুটাই ডাঙৰ উৎসৱ যেতিয়া তেওঁলোকে নতুন কাপোৰ পাইছিল। তেতিয়ালৈ তেওঁলোকে সেই পুৰণি, ফটা-চিটা কাপোৰকে, বিশেষকৈ ল’ৰাবোৰে “১৬ টা ফুটা থকা, বেজী-সুতাৰে সী থোৱা পেণ্ট পিন্ধিছিল,” শূন্যতে হাতখনেৰে অংগী-ভংগী কৰি ঝান্সীয়ে কয়। তেওঁলোকে ভৰিত তালগছৰ পাতৰ চেণ্ডেল পিন্ধিছিল, সেয়া মাক-দেউতাকে হাতেৰে বনাই দিছিল, মৰাপাটৰ সুতাই সেই চেণ্ডেলজোৰ ধৰি ৰাখিছিল। সেইজোৰেই সুৰক্ষা দিছিল, কিয়নো তেতিয়া লোণৰ ডোবাৰ পানীবোৰ ইমান নিমখীয়া নাছিল। এতিয়া নিমখ এক ঔদ্যোগিক পণ্য, বাহিৰত বহুল ব্যৱহাৰ, ঘৰত খোৱাখিনিৰ পৰিমাণ তেনেই নগণ্য।

M. Palani Kumar

M. Palani Kumar
*****
“মই মোৰ নামটো লিখিব পাৰো, বাছৰ ৰাস্তাবোৰ পঢ়িব পাৰো আৰু এম.জি.আৰ. গান গাব পাৰো।”
– এছ ৰাণী, লোণৰ ডোবাৰ শ্ৰমিক আৰু মহিলাৰ নেত্ৰী
সন্ধিয়া সময়ত, কামৰ পাছত ৰাণীয়ে আমাক ঘৰলৈ মাতিলে। ঘৰ মানে এটা সৰু কোঠা, তাতে এখন চোফা আৰু চাইকেল এখন, কাপোৰ ৰছী এডালত ওলমি আছে। গৰম চাহ একাপ লৈ তেওঁ পঞ্জীয়কৰ কাৰ্য্যালয়ত ২৯ বছৰ বয়সত বিয়াৰ স্বাক্ষৰ কৰাৰ কথা মনত পেলায়। তেতিয়া গাঁৱৰ মহিলাৰ কাৰণে সেই বয়স বেছিয়েই আছিল। বিয়াত পলম হোৱাৰ ডাঙৰ কাৰণটো আছিল সম্ভৱতঃ তেওঁৰ পৰিয়ালটোৰ টকাৰ অভাৱ। ৰাণীৰ তিনিজনী জীয়াৰী- থংগাম্মাল, সংগীতা আৰু কমলা আৰু এজন ল’ৰা, কুমাৰ তেওঁৰ লগত থাকে।
আনকি বিয়াৰ হোৱাৰ সময়ত তেওঁলোকৰ হাতত “বিবাহ অনুষ্ঠান পাতিব পৰাকৈ টকা নাছিল,” তেওঁ কয়। তাৰপাছত তেওঁ আমাক ফটো এলবাম দেখুৱালে- তেওঁৰ ছোৱালীৰ পুষ্পিতা হোৱা অনুষ্ঠান, আন এখন বিয়াৰ, ভাল কাপোৰ পিন্ধি থকা ফটো, তেওঁৰ ল’ৰা কুমাৰে নাচি-বাগি গাই থকা ফটো...এই সুখৰ মুহূৰ্তবোৰ সেই নিমখৰ খেতিত কৰা হাড়ভঙা শ্ৰমৰ প্ৰতিদান।
আমি কথাৰ মহলা মাৰি থকাৰ মাজতে ৰাণীয়ে সেউজীয়া তাঁৰৰ খৰাহী এটাৰ কাণকেইটা গাঁঠিছে, হেণ্ডেলডাল টান কৰিছে। আচলতে কুমাৰে আৰম্ভণিতে সেইটো বনাইছিল। তেওঁ ইউটিউব ভিডিঅ’ এটাৰ পৰা সেয়া শিকিছিল। কেইদিনমান ধৰি তেওঁ সেইটোৰ বাবে সময় উলিয়াব পৰা নাছিল। তেওঁ অলপ অতিৰিক্ত উপাৰ্জন আহক বুলি আন এটা লোণৰ ডোবাত কাম কৰিবলৈ যায়। মহিলাৰ সদায়ে ঘৰত দ্বিতীয় চিফট্ থাকেই, তেওঁ কয়, “তেওঁলোকে কাচিৎহে জিৰাবলৈ পায়।”
ৰাণীয়ে কেতিয়াও জীৰাবলৈ সময় নাপালে, আনকি তাই সৰু থাকোতেও। তিনি বছৰ বয়সতে তেওঁক মাক আৰু ভনীয়েকৰ সৈতে চাৰ্কাছলৈ পঠিয়াই দিয়া হৈছিল। “সেয়া আছিল টুটিকৰিণ চলেমান চাৰ্কাছ, মোৰ মায়ে হাই-হুইল (এটা চকাৰ) চাইকেলৰ চলোৱাত পাকৈত আছিল।” ৰাণীয়ে বিভিন্ন কলাকৌশল দেখুৱাব পাৰিছিল, ভনীয়েকে বাজিকৰী জানিছিল। “মোৰ ভনীজনীয়ে ৰছীত খোজকাঢ়িব পাৰিছিল। মই পিছফালে হাউলি মুখেৰে কাপ উঠাই আনিব পাৰিছিলো।” চাৰ্কাছৰ দলটোৰ লগত তাই মাদুৰাই, মানাপ্পাৰাই, নাগৰকইল, প’ল্লাচি আদি চহৰলৈ গৈছিল।
তেওঁৰ বয়স যেতিয়া আঠ বছৰ হয়, চাৰ্কাছৰ দলটো টুটিকৰিণলৈ ঘূৰি আহিলে ৰাণীক লোণৰ ডোবাত কাম কৰিবলৈ পঠিয়াই দিয়া হৈছিল। তেতিয়াৰে পৰা লোণৰ পথাৰখনেই ৰাণীৰ পৃথিৱী হৈ পৰে। তেতিয়াই তেওঁ শেষবাৰৰ বাবে স্কুললৈ গৈছিল। “মই তৃতীয় শ্ৰেণীলৈ পঢ়িছিলো। মই মোৰ নাম লিখিব পাৰো, বাছৰ ৰাস্তাবোৰ পঢ়িব পাৰো আৰু এম.জি.আৰ. গান গাবও পাৰো।” আগতে দিনত তেওঁ ৰেডিঅ’ত পুৰণি এম.জি.আৰ. গীত বাজিলে সমানে সমানে গাইছিল। সেই গানে ভাল কাম কৰাৰ পৰামৰ্শ দিয়ে।

M. Palani Kumar

M. Palani Kumar
ৰাণীয়ে ভাল নাচিবও পাৰে, তেওঁৰ সহকৰ্মীয়ে জোকোৱাৰ চলেৰে কয়। টুটুকুড়িৰ সাংসদ কাণিমঝি কৰুণানিধিৰ অধ্যক্ষতাত হোৱা অনুষ্ঠান এটাত অলপতে তেওঁ কাৰাগাট্টাম নৃত্য প্ৰদৰ্শন কৰিছিল, সেই কথা লগৰবোৰে কওঁতে ৰাণী লাজতে ৰঙা-চিঙা পৰিল। ৰাণীয়ে মঞ্চত কথা কোৱা শিকি আছে, তেওঁলোকৰ আত্মসহায়ক গোট কুঝুৰ তেওঁ নেত্ৰী, লগতে আন লোণ শ্ৰমিক মহিলাসকলৰো। তেওঁ চৰকাৰৰ ওচৰত তেওঁলোকৰ প্ৰতিনিধি হৈ যায়। “এই লোণৰ ডোবাৰ তাই ৰাণী” বুলি যেতিয়া তেওঁৰ লগৰবোৰে কয়, তেওঁ মিচিকিয়াই হাঁহে।
কৃষ্ণমুৰ্ত্তীয়ে আয়োজন কৰা এখন সভাত তেওঁ এবাৰ চেন্নাইলৈ গৈছিল। “আমাৰ বহুতেই তালৈ তিনিদিনৰ বাবে গৈছিল, সেই যাত্ৰাত বৰ ফুৰ্ত্তি লাগিছিল। আমি হোটেলত থাকিছিলো, এম.জি.আৰ. সমাধি (আন্না সমাধি) চাইছিলো। আমি নুডলচ্ আৰু চিকেন, ইডলি আৰু পংগল খাইছিলো। মেৰিন উপকূললৈ যাওঁতে আন্ধাৰ হৈছিল, কিন্তু বৰ ভাল লাগিছিল!”
ঘৰত তেওঁৰ খাদ্য একেবাৰে সাধাৰণ। তেওঁ চাউল আৰু এখন কুঝাম্বু (আঞ্জা), সাধাৰণতে মাছৰ বা পিয়াজ-বিনৰ আঞ্জা ৰান্ধে। বেলেগকৈ খাবলৈ কাৰুবাদু (শুকান নিমখ দিয়া মাছ) আৰু কিছু পাচলি সাধাৰণতে বন্ধাকবি বা বীট থাকে। “পইচা নাথাকিলে আমি ব্লেক কফিকে খাওঁ।” কিন্তু আপত্তি নকৰে। খ্ৰীষ্টিয়ান ধৰ্মালম্বী হোৱা কাৰণে তেওঁ গীৰ্জালৈ যায় আৰু প্ৰাৰ্থনা কৰে। এটা দুৰ্ঘটনাত তেওঁৰ স্বামী চেচু ঢুকোৱাৰ পাছত তেওঁৰ ল’ৰা-ছোৱালীকেইটা, বিশেষকৈ তেওঁৰ ল’ৰাটোৰ তেওঁৰ প্ৰতি আচাৰ-ব্যৱহাৰ আৰু বেছি ভাল হৈ পৰে। “অন্নাম কুৰাই চল্লা মুৰিয়াদ্দু- মানে কোনো কথাতে মই আপত্তি কৰিব নোৱাৰো। ভগৱানে মোক সুসন্তান দিছে।”
সন্তান গৰ্ভত থাকোতে, প্ৰসৱৰ দিনটোলৈকে তেওঁ কাম কৰিছিল। লোণৰ ডোবাৰ পৰাই তেওঁ হস্পিতাললৈ খোজকাঢ়ি গৈছিল। “মোৰ পেটটো ইয়াতেই জীৰাইছিল,” নিজৰ উৰুদুটালৈ আঙুলিয়াই তেওঁ কয়। প্ৰসৱৰ ১৩ দিন পাছত তেওঁ পুনৰাই লোণৰ ডোবালৈ আহে। শিশুটিয়ে ভোকত কান্দি নাথাকক বুলি তেওঁ চাগুদানাৰ লুথুৰি কৰি থৈছিল। দুচামুচ চাগুদানা কাপোৰত মেৰিয়াই পানীত তিয়াই সিজাই এটা গ্ৰাইপ ৱাটাৰ বটলত ভৰাই ৰবৰৰ সাফৰ লগাই দিছিল। ভোক লাগিলে স্তনপান কৰাব নোৱাৰালৈকে শিশুটিক তেওঁলোকৰ মাজৰে কোনোবাই সেই বটলৰ খাদ্য খুৱাইছিল।
মাহেকীয়াৰ দিনবোৰো সমানেই কষ্টকৰ আছিল, ভৰি আৰু উৰু তপত হৈ পৰিছিল। “সন্ধিয়া সময়ত গৰম পানীৰে গা ধোৱাৰ পিছত মই ভৰিত নাৰিকলৰ তেল লগাইছিলো। যাতে পুনৰাই পিছদিনা কামলৈ যাব পাৰো...”
নিমখ খাবপৰা বিধৰ হয় নে নহয়, বহু বছৰৰ অভিজ্ঞতাৰে পুষ্ট ৰাণীয়ে চায়েই কৈ দিব পাৰে। ভাল খনিজ লৱণৰ আকাৰবোৰ সমান নহয় আৰু আঠালেতীয়া নহয়। “পিচু-পিচু (জেপেটা) হৈ থকা নিমখৰ সোৱাদ ভাল নহয়।” বৌম থাৰ্মোমিটাৰ আৰু প্ৰসাৰিত জলসিঞ্চনৰ বাট থকা বৈজ্ঞানিক পদ্ধতিৰে নিমখ প্ৰস্তুত কৰা পদ্ধতিৰ এটাই উদ্দেশ্য- বৃহৎ পৰিমাণৰ নিমখ উৎপাদন কৰা। সেই উদ্দেশ্যে পুৰণ হ’লেও উক্ত নিমখ ঔদ্যোগিক ক্ষেত্ৰতহে ব্যৱহাৰ যোগ্য হয়, ৰাণীয়ে কয়।

M. Palani Kumar

M. Palani Kumar
*****
“লোণৰ ডোবাক কৃষি হিচাপে বিবেচনা কৰিব লাগে, উদ্যোগ হিচাপে নহয়।”
– জি. গ্ৰহদুৰাই, টুটুকুড়িৰ স্মল স্কেল চল্ট মেনুফেক্সাৰাৰ্ছ এছচিয়েছনৰ সভাপতি
টুটুকুড়িৰ নিউ কলনিৰ শীত-তাপ নিয়ন্ত্ৰিত অফিছত (লোণৰ ডোবাৰ পৰা সেয়া বেছি দূৰত নহয়, তেওঁৰ অফিছটোৰ পৰা ডোবাৰ ওপৰত উৰি থকা কাউৰিবোৰ চকুত পৰে) জি গ্ৰহদুৰাইয়ে জিলাখনৰ লোণ উদ্যোগৰ বিষয়ে গুৰুত্বপূৰ্ণ কেতবোৰ কথা কয়। তেওঁৰ সংস্থাটোত প্ৰায় ১৭৫ গৰাকী সদস্য আছে আৰু প্ৰতিজনৰে প্ৰায় ১০ একৰমানকৈ মাটি আছে। জিলাখনত ২৫ হাজাৰ একৰ মাটিৰ লোণৰ ডোবাৰ পৰা বছৰি প্ৰায় ২৫ লাখ টন নিমখ উৎপাদিত হয়।
গঢ়ে প্ৰতি একৰ মাটিৰ পৰা ১০০ টন বছৰি উৎপাদন হয়। বছৰটো বেয়া গ’লে, বৰষুণ বেছি হ’লে সেই পৰিমাণ ৬০ টনলৈ নামে। “লোণ-পানীৰ উপৰিও আমাক বিদ্যুতৰো প্ৰয়োজন হয়, সেই পানীখিনি উঠাবলৈ আৰু নিমখ উৎপাদনৰ বাবে শাৰিৰীক শ্ৰমৰো প্ৰয়োজন হয়,” গ্ৰহদুৰাইয়ে শ্ৰমিকৰ ব্যয় বঢ়াৰ কথা কয়। “হাজিৰা ইমান বাঢ়িছে। তাৰোপৰি কৰ্মঘণ্টাও কমিছে, আগৰ আঠ ঘণ্টাৰ ঠাইত এতিয়া মাত্ৰ চাৰি ঘণ্টা হৈছে। এতিয়া সিহঁত পুৱা ৫ বজাত হয় আৰু পুৱা ৯ বজাত গুছি যায়। আমি মালিকবোৰ গ’লে তাত কোনো শ্ৰমিকৰ মুখ দেখা নাপাও।” কৰ্মঘণ্টাক লৈ তেওঁৰ অংক শ্ৰমিকৰ অংকৰ সৈতে নিমিলে।
গ্ৰহদুৰাইয়েও মানে যে লোণৰ ডোবাত কাম কৰা যি পৰিৱেশ, সেয়া শ্ৰমিকৰ বাবে অতিকৈ কষ্টকৰ। “পানী আৰু শৌচালয় থাকিব লাগে, কিন্তু ১০০ কিলোমিটাৰ জুৰি বিয়পি থকা লোণৰ ডোবাত তাৰ ব্যৱস্থা কৰাটোও সহজ নহয়।”
টুটুকুড়িৰ নিমখৰ চাহিদা কমি আহিছে, গ্ৰহদুৰাইয়ে কয়। “আগতে ইয়াৰ দৰে ভাল খোৱা নিমখ ক’তো নাছিল। কিন্তু এতিয়া দক্ষিণৰ চাৰিখন ৰাজ্যলৈ নিমখ যায়। অকণমান চিংগাপুৰ আৰু মালেয়াছিয়ালৈ যায়। সিংহভাগ উদ্যোগতে ব্যৱহাৰ হয়। বাৰিষাৰ পাছত লোণৰ ডোবাৰ পৰা জিপছামৰ পৰা অকণমান কিছু লাভ আহে। কিন্তু জলবায়ু পৰিৱৰ্তনে, এপ্ৰিল আৰু মে’ৰ বৰষুণে নিমখৰ উৎপাদন ক্ষতিগ্ৰস্ত কৰিছে,” তেওঁ কয়।
ইয়াৰ উপৰিও গুজৰাটে এইক্ষেত্ৰত জোৰদাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। “টুটুকুড়িৰ তুলনাত অধিক গৰম আৰু শুষ্ক হোৱাৰ কাৰণে দেশৰ মুঠ উৎপাদিত নিমখৰ ৭৬ শতাংশ এই পশ্চিমৰ ৰাজ্য (গুজৰাট)ৰ পৰাই আহে। তেওঁলোকৰ লোণৰ পথাৰবোৰ বৰ ডাঙৰ আৰু উৎপাদন প্ৰক্ৰিয়া আংশিকভাৱে মেচিনচালিত। তাৰোপৰি বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিকে তাত সস্তাতে (নিম্ন মজুৰি দিয়া হয়) কাম কৰে। তেওঁলোকৰ লোণৰ ডোবাবোৰ জোৱাৰৰ পানীয়ে ভৰাই পেলায়, সেয়ে বিদ্যুতৰ খৰছো তেওঁলোকৰ ৰাহি হয়।”

M. Palani Kumar
টুটুকুড়িত এক টন নিমখ উৎপাদন কৰোঁতে ৬০০ৰ পৰা ৭০০ টকা ব্যয় হয়। “কিন্তু গুজৰাটত সিমানখিনি উৎপাদন কৰোঁতে ৩০০ টকা খৰছ হয়,” তেওঁ দাবী কৰে। “আমি কেনেদৰে ফেৰ মাৰিম, বিশেষকৈ যেতিয়া এক টনৰ দাম হঠাতে ৬০০ টকালৈ, যিটো ২০১৯ৰ হৈছিল?” এইখিনি ক্ষতি পূৰাবলৈ গ্ৰহদুৰাই আৰু আনসকলে নিমখ উৎপাদনক “উদ্যোগ হিচাপে নধৰি কৃষি হিচাপে বিবেচনা কৰাটো বিচাৰে। [ইয়াতেই নিমখক ‘শস্য’ হিচাপে ধৰাৰ ধাৰণা আহি পৰে।] ক্ষুদ্ৰ লোণ উৎপাদকক কম সুতত ঋণ আৰু সাহায্যপ্ৰাপ্ত বিদ্যুতৰ সুবিধাৰ প্ৰয়োজন। তাৰ লগতে কাৰখানা আৰু শ্ৰমিক আইনৰ ফালৰ পৰাও অব্যাহতি তেওঁলোকক লাগে।”
“এইবছৰ গুজৰাটৰ পৰা জাহাজ আহিছিল, টুটুকুড়িত নিমখ বিক্ৰী কৰি গৈছে।”
*****
“ভয়ংকৰ কিবা ঘটনা ঘটিলেহে তেওঁলোকে আমাৰ বিষয়ে লিখে।”
– লোণৰ ডোবাৰ মহিলা শ্ৰমিক
লোণৰ ডোবাৰ শ্ৰমিকৰ জীৱনবোৰ উন্নত কৰি তুলিবলৈ আনঅৰ্গেনাইজড ৱৰ্কাৰ্ছ ফেডাৰেছনৰ কৃষ্ণমুৰ্ত্তীয়ে ভালেমান দাবী উত্থাপন কৰি আহিছে। বুনিয়াদী সা-সুবিধা যেনে পানী, অনাময়, জিৰণি ল’বপৰা ঠাই আদিৰ উপৰিও তেওঁ শ্ৰমিক, নিয়োগকৰ্তা আৰু চৰকাৰৰ প্ৰতিনিধিৰে এখন কমিটিৰো দাবী উত্থাপন কৰে, যাতে অনিৰ্ণীত সমস্যাবোৰ সোনকালে সমাধান হয়।
“আমাক শিশুসেৱাৰ সুবিধা লাগে। এতিয়া অংগনবাদীবোৰ কেৱল অফিছৰ সময়খিনিতহে (পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ) খোলা থাকে। লোণৰ ডোবাৰ শ্ৰমিকে পুৱা ৫ বজাতে ঘৰ এৰে, কিছুমান ঠাইত আকৌ তাতোকৈ সোনকালে। ডাঙৰজনী, বিশেষকৈ ছোৱালী হ’লে তাই সৰুকেইটাৰ যত্ন লয়, তেনেকৈ তাইৰো পঢ়া-শুনা নষ্ট হয়। সেইবোৰ শিশুৰ চোৱাচিতা কৰাৰ বাবে অংগনবাদীবোৰ পুৱা ৫ বজাৰ পৰা পুৱা ১০ বজালৈ খোলা ৰখাৰ ব্যৱস্থা থকাটো উচিত নহয়নে?”
কৃষ্ণমুৰ্ত্তীয়ে তেওঁলোকৰ সৰু সৰু সফলতাৰ কাহিনী কয়। অকণমান হাজিৰা আৰু বনাচ বঢ়া আদি সকলো সম্ভৱ হৈছে লোণৰ ডোবাৰ শ্ৰমিকসকলে একলগ হৈ নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিয়া কাৰণে। নতুন ডিএমকে চৰকাৰে তামিলনাডুৰ বাজেটত বাৰিষাৰ দিনত ৫,০০০ টকাৰ সাহায্যৰ দীৰ্ঘদিনীয়া দাবী মানি লৈছে। কৃষ্ণমুৰ্ত্তী আৰু সমাজকৰ্মী উমা মহেশ্বৰীয়ে স্বীকাৰ কৰে যে অসংগঠিত খণ্ডটোক ইমান সহজে সংগঠিত কৰিব পৰা নাযাব। স্বাস্থ্যৰ সমস্যাবোৰ জীৱিকাৰ পৰাই আহিছে। কিন্তু “সামাজিক সুৰক্ষাৰ কেতবোৰ বুনিয়াদী সুবিধা উপলব্ধ কৰাব নোৱাৰিনে?” নিশ্চয়কৈ পাৰি, তেওঁলোকে সেয়া বিচাৰে।
মুঠৰ ওপৰত সকলো মহিলা শ্ৰমিকে আঙুলিয়াই দিয়ে যে মালিকবোৰ সদায়ে লাভত থাকে। ঝান্সিয়ে লোণৰ ডোবাক তাল গছৰ সৈতে তুলনা কৰে, দুয়োবিধেই কঠোৰ। দুয়োটাই প্ৰখৰ ৰ’দত থিয় হৈ থাকিব পাৰে আৰু সদায়েই উপকাৰী। ‘ধুদ্দু’, তেওঁ বাৰে বাৰে এই শব্দটো পুনৰাবৃত্তি কৰে, মানে টকা – লোণৰ ডোবাই সদায়েই মালিকক টকা দিয়ে।
কাম শেষ কৰাৰ পাছত কাগজৰ সৰু সৰু কাপত চাহ খাই থকা অৱস্থাত এই মহিলাসকলে মোক কয়, “কিন্তু আমি নাপাও। আমাৰ জীৱনবোৰৰ কথা কোনেও নাজানে। আপুনি সকলো ঠাইতে কৃষকৰ কথা পঢ়িবলৈ পাব, কিন্তু আমি প্ৰতিবাদ কৰিলেহে মিডিয়াই আমাৰ সৈতে কথা পাতে।” তাৰপাছত তেওঁলোকে যুক্তি দৰ্শায়, তেওঁলোকৰ মাতবোৰ কৰ্কশ হৈ পৰেঃ “ভংয়কৰ কিবা ঘটিলেহে সিহঁতে আমাৰ বিষয়ে লিখে। সকলোৱে লোণ নাখায় জানো, আপুনিয়েই কওকচোন?”
বেংগালুৰুৰ আজিম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অনুদানেৰে এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/টুটুকুড়িৰ-লোণৰ-ডোবাৰ-ৰাণী

