তীৰা আৰু অনিতাই এইবাৰ খেতি ভাল হ’ব বুলি আশা কৰিছে, অপেক্ষাত অধীৰ হৈ পৰিছে। খেতি মানে অলপ ধান আৰু মাকৈ। খেতি চপাবলৈও আৰু বেছিদিন নাই।
এইবাৰ খেতি ভাল হ’বই লাগিব, হোৱাটো অতিকৈ জৰুৰী। মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ পিছৰে পৰা তেওঁলোকে ছমাহৰো বেছি সময় ইটাৰ ভাতীত কাম কৰিব নাপালে।
“খেতি যোৱা বছৰো কৰিছিলো, কিন্তু বৰষুণ ভাল নোহোৱা কাৰণে আৰু কীট-পতংগৰ আক্ৰমণত শস্য নষ্ট হ’ল,” তীৰাই কয়। “আমি প্ৰায় ছমাহ খেতিত লাগো, কিন্তু খেতি কৰি হাতলৈ এটকাও নাহে,” অনিতাই কয়।
মহুগাঁৱাৰ একেবাৰে দক্ষিণদিশে অনুসূচিত জাতি ভুইয়া সম্প্ৰদায়ৰ চুবুৰি ভুইয়া তাঢ়িত তীৰা (৪৫) আৰু অনিতা(৪০)ৰ ঘৰ।
ঝাৰখণ্ডৰ পালামু জিলাৰ চেইনপুৰ ব্লকৰ এইখন গাঁৱত ২০১৮ৰ পৰাই পৰিয়ালটোৱে প্ৰতিবাৰ খাৰিফ শস্যৰ বতৰত বাতিয়া পদ্ধতিত মাটি লৈ খেতি কৰি আহিছে। বাতিয়া মানে আধিয়াৰ খেতি। এই মুখে মুখে চলা পদ্ধতিত মাটি লোৱাজনে আৰু মাটিৰ গৰাকীয়ে খেতিত সমানে সমানে ব্যয় বহন কৰে আৰু চপোৱা শস্যখিনি সমানে ভগাই লয়। আধিয়াৰ লোৱাজনে বেছিভাগ শস্য নিজে খাবলৈ ৰাখে আৰু সামান্য অংশ কেতিয়াবা বজাৰত বিক্ৰী কৰে।






