দাদৰৰ এটা ব্যস্ত পদপথত প্ৰতিদিনে পুৱাই পুৱাই শিৱম সিঙে এখন ৰঙা দলিচা পাৰে। পাঁচ ফুট দীঘল আৰু চাৰি ফুট বহল দলিচাখনৰ ওপৰত চাৰিখন প্লাষ্টিক টুল বহায়। ফ্ৰেমত বন্ধোৱা লক্ষ্মী দেৱীৰ ফটো এখন তেওঁ এখন টুলত ৰাখে আৰু ঢুপকাঠি জ্বলায়।
তেওঁৰ দোকানখন লগোৱা ঠাইতে থকা আহত গছজোপাৰ ডাল এটাত এখন বেনাৰ আঁৰি থোৱা আছে- তাতে লিখা আছে 'শিৱম মেহেন্দী আৰ্টিষ্ট'। বেনাৰ আৰু টুলত থকা বিভিন্ন ফটো এলবামবোৰত মেহেন্দীৰ ছবি ৰাখি থোৱা আছে। হাত আৰু ভৰিৰ মেহেন্দীৰ ছবি। শিৱমে তাৰপিছত প্ৰথমজন গ্ৰাহকে পচন্দ কৰা ডিজাইনটোলৈ বাট চাইছে- ফুল, পেইচলে, ঘুৰণীয়া ডিজাইন আদি, কেতিয়াবা আকৌ গ্ৰাহকৰ হাত দেখিও তেঁও নতুন ডিজাইন আকিবলৈ উত্হাসিত হয়। "কোনোবা আহিব…" দিনটোক লৈ আশাবাদী শিৱমে কয়।
২০০ মিটাৰমান আতৰত শিৱ নায়কেও ৰানাদে ৰোডত দোকান বহুৱাইছে, সেয়া চেণ্ট্ৰেল মুম্বাইৰ দাদৰ চাবআৰ্বান ৰেলৱে ষ্টেছনৰপৰা বেছি দুৰৈত নহয়। হেনাৰ পেষ্টেবোৰ প্লাষ্টিকৰ শংকু আকৃতিৰ টোপোলাবোৰ ভৰাই তেওঁ দিনটোৰ বাবে প্ৰস্তুতি চলাইছে। তেঁওলোকে দোকান বহুওৱা ফুটপাথকেইটা অতি ব্যস্ততাপূৰ্ণ। কামৰ সন্ধানত বিভিন্ন ঠাইৰপৰা আহি থিতাপি লগা ভালেমান বেপাৰীয়ে ভিন ভিন সামগ্ৰী আৰু সেৱা লৈ তাতে বহিছে। ফুলৰ বেপাৰীজন চোলাপুৰৰ, আ-অলংকাৰ মেৰামতি কৰাজন লক্ষ্ণৌৰ, জোতা বিক্ৰী কৰাজন কলকাতাৰ আৰু আইচক্ৰীম বিক্ৰী কৰাজন ৰাজস্থানৰ।





