নসুমুদ্দিনে ফেকুৰি ফেকুৰি কান্দিছিল। প্ৰথমবাৰৰ বাবে মা-দেউতাকৰ পৰা আঁতৰাই তেওঁক ঘৰৰ পৰা ১০-১২ কিলোমিটাৰ দূৰলৈ পঠিওৱাৰ যো-জা চলিছিল। সাত বছৰ বয়সত সেয়া তেওঁৰ বাবে সঁচাকৈয়ে টান কাম আছিল। ''মোৰ বৰ বেয়া লাগিছিল আৰু কান্দিছিলো। ঘৰ আৰু মা-দেউতাহঁতক এৰিবলগীয়াত হোৱাত মই চকুপানী ৰখাব পৰা নাছিলো,’’ তেওঁ মনত পেলায়।
গৰখীয়া কাম কৰিবলৈ তেওঁক পঠিওৱা হৈছিল। ''আমাৰ ঘৰখন দুখীয়া আছিল, মা-দেউতাও নিৰুপায়,’’ এতিয়া ৪১ বছৰ বয়সীয়া নসুমুদ্দিন শ্বেইখে কয়। ''ঘৰত খাবলৈ নুজুৰিছিল। পথাৰৰ পৰা শাক-পাত যি পাইছিলো তাকে তুলি আনি প্ৰায়ে আমি দিনত এসাজ ভাত খাইছিলো। আমাৰ গাঁৱৰ দুই-এঘৰেহে তেতিয়া পেট পুৰাই খাবলৈ পাইছিল।’’ পঢ়াৰ কথা তেতিয়া তেওঁলোকৰ কল্পনাৰ বাহিৰত। ''সেই সময়ত মই স্কুললৈ যোৱাৰ কথা ভাবিব পৰা নাছিলো। মোৰ পৰিয়ালৰ অৱস্থা ইমানেই বেয়া আছিল, স্কুলৰ খৰছ ক’ৰ পৰা দিলেহেঁতেন?’’
সেয়ে তেওঁ অসমৰ ধুবুৰী জিলাৰ (তেতিয়াৰ) উৰাৰভূঁই গাঁৱৰ ঘৰ এৰি ৩ টকা ভাড়া দি বাছেৰে মানুহঘৰলৈ গ’ল। তেওঁক গৰখীয়া কৰি ৰখা মালিকঘৰৰ ৭ টা গৰু আৰু ১২ বিঘা খেতি মাটি আছিল। ''বন্ধা হিচাপে জীৱনটো বৰ কষ্টকৰ আছিল। কম বয়সতে মই গোটেই দিনটো কাম কৰিবলগীয়া হৈছিল। কেতিয়াবা খাবলৈ ভাল খাদ্যও দিয়া হোৱা নাছিল, পঁইতা ভাত দিছিল। ভোকত মই কান্দি থাকিছিলো,’’ নসুমুদ্দিনে কয়। ''প্ৰথম কেইদিনমান মোক একো দিয়া নাছিল, কেৱল দিনৰ দুসাজ আৰু শুবলৈ ঠাই দিছিল। মালিকে ১০০-১২০ মোন ধান পাইছিল। বছৰ বাগৰিল, তেওঁলোকে মোক পিছলৈ দুই মোন ধান দিয়া কৰিলে,’’ খেতিৰ বতৰ শেষ হোৱাৰ পিছত মাৰ্চৰ পৰা নৱেম্বৰত প্ৰায় ৮০ কিলো।
অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্ত্তী এলেকাবোৰত কেইটামান দশক আগলৈকে কম বয়সীয়া ল’ৰাক লোকৰ ঘৰত গৰু চৰোৱা আৰু কাম-বনৰ বাবে বন্ধা ৰখাৰ নিয়ম আছিল। দৰিদ্ৰ পৰিয়ালৰ ল’ৰাবোৰক এনেকৈ গৰু চৰোৱা কামৰ বাবে ধনী খেতিয়কৰ হাতত 'কৰ্মচাৰী’ হিচাপে গতাই দিয়া হৈছিল। স্থানীয়ভাৱে এই ব্যৱস্থাক পেটভাট্টি (পেটৰ ভাতমুঠি মোকলোৱা কাম) বুলি কোৱা হৈছিল।











