চাৰি বছৰ সময়ৰ ভিতৰত জীৱন ভাই বাৰিয়া দুবাৰকৈ হৃদৰোগত আক্ৰান্ত হ’ল। ২০১৮ চনত প্ৰথমবাৰ আক্ৰান্ত হওঁতে তেওঁ ঘৰতে আছিল। তেওঁৰ পৰিবাৰ গাভিবেনে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। ২০২২ চনৰ এপ্ৰিল মাহত আৰৱ সাগৰত মাছ্ধৰা নাও চলাই থাকোঁতে তেওঁ হঠাতে বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰে। তেওঁৰ এজন সহকৰ্মীয়ে ষ্টিয়াৰিং ধৰিলে আৰু আন এজনে বিচলিত প্ৰায় হৈ তেওঁক শুই পৰাত সহায় কৰিলে। তেওঁলোক সেই সময়ত সাগৰ তীৰৰ পৰা প্ৰায় ৫ ঘণ্টাৰ দূৰৈত আছিল। মৃত্যুৰ আগেয়ে জীৱনভাই দুবাৰতকৈয়ো অধিক এনেদৰে আক্ৰান্ত হৈছিল।
গাভিবেনে যি আশংকা কৰি আটাইতকৈ বেছি ভয় খাইছিল সেয়াই সঁচা হ’ল।
প্ৰথমবাৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ এবছৰ পিচত জীৱনভায়ে আকৌ মাছ ধৰিবলৈ যাবলৈ লোৱা সিদ্ধান্তটোত তেওঁ বৰ উৎসাহী নাছিল। সেইটোত যে বিপদৰ আশংকা আছিল তেওঁ জানিছিল। জীৱনভায়েও জানিছিল। গুজৰাটৰ আমৰেলি জিলাৰ উপকূলীয় চহৰ জাফৰাবাদত থকা ঢিমিকি পোহৰেৰে উদ্ভাষিত তেওঁৰ জুপুৰিটোত বহি গাভিবেনে ক’লে, ‘মই তেখেতক মানা কৰিছিলোঁ।’
কিন্তু, চহৰখনৰ আন বেছিভাগ মানুহৰ দৰেই জীৱনভায়ে মাছ ধৰাৰ বাহিৰে আন কাম নাজানিছিল যিটো কামে তেওঁক বছৰি প্ৰায় ২ লাখ টকাৰ উপাৰ্জন প্ৰদান কৰিছিল। ৫৫ বছৰ বয়সীয়া গাভিবেনে ক’লে, “৪০ বছৰ ধৰি তেখেতে এই কাম কৰি আহিছিল।” হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত তেখেতে এবছৰ জিৰণি লওঁতে আমাৰ ঘৰটো যেনে তেনে চলাই ৰাখিবলৈ মই শ্ৰমিক [আন মাছমৰীয়াসকলৰ মাছ শুকুওৱা] হিচাপে কাম কৰিছিলোঁ। তেখেতে সুস্থ বুলি অনুভৱ কৰাৰ পিচত আকৌ কামলৈ যাবলৈ সিদ্ধান্ত ল’লে।
জাফৰাবাদৰ এজন ডাঙৰ মাছমৰীয়াৰ মাছধৰা নাও এখনত জীৱনভায়ে কাম কৰিছিল। বাৰিষাৰ ঋতু বাদ দি বছৰৰ আঠোটা মাহ মাছুৱৈবোৰে এই মাছধৰা নাওবোৰ আৰৱ সাগৰৰ ১০-১৫ দিনৰ দূৰত্বলৈকে লৈ যায়গৈ। কেইসপ্তাহমান জোৰাকৈ তেওঁলোকে যথেষ্ট পৰিমাণৰ পানী আৰু খাদ্যও লগত লৈ যায়।
গাভিবেনে ক’লে, ‘জৰুৰীকালীন সেৱাৰ কোনো ব্যৱস্থা নথকাকৈ কেইবাদিনৰ বাবে সাগৰৰ বহু দূৰলৈ যোৱাটো কেতিয়াও নিৰাপদ নহয়। তেওঁলোকৰ মাত্ৰ এটা প্ৰাথমিক চিকিৎসা সজুঁলিৰ বাকচ থাকে। হৃদৰোগীৰ বাবে ই বৰ আশংকাপূৰ্ণ।’














