অনন্তপুৰ জিলাৰ নাগাৰুৰ গাঁৱৰ খেতিয়কসকলে গাঁওখনত প্ৰচুৰ পানী থকা সিহতৰ সেই অতীতৰ দিনবোৰলৈ মনত পেলায়। ২০০৭ চনৰ সেই দিনবোৰ এতিয়াও সজীৱ, সেয়ে হয়তো সৌ সিদিনাৰ কথা বুলি তেওঁলোকে আলোচনা কৰে। বোধহয় তেওঁলোকে সেই প্ৰাচূৰ্যৰ দিনবোৰ হেৰাই যোৱাটো মানি ল'ব পৰা নাই।
২০০৭ চনমানত, বৃষ্টিপাত কম হ'লেও নাগাৰুৰৰ কাষৰ জলাশয়বোৰ পানীৰে শেষবাৰৰ বাবে ভৰি পৰিছিল। "এন টি ৰামা ৰাওৰ দিনত (অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোতে) বৰষুণ নিয়মীয়া আছিল। ওৱাই এছ ৰাজশেখৰা ৰেড্ডী শাসনলৈ অহাৰ দিনত (২০০৪ চনৰ মে মাহত শাসনাধিস্থ) প্ৰচুৰ বৃষ্টিপাতৰ ফলত জলাশয়বোৰ পানীৰে উপচি পৰিছিল। আৰু সেয়াই আছিল শেষবাৰ," ৪২ বৰ্ষীয় খেতিয়ক ভি ৰামাকৃষ্ণ নাউডুৱে কয়।








