

Kolhapur, Maharashtra
|TUE, JUL 23, 2019
জলবায়ুৰ প্ৰভাৱত কোলহাপুৰত নগুৰ-নাগতি
কোলহাপুৰৰ ৰাধানগৰীত মানৱ-বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাইছে। হাবিৰ মেঠোন আহি খেতি পথাৰত সোমাইছে। নিৰ্বনানীকৰণ, খেতিৰ পৰিৱৰ্তিত ধাৰা, খৰাং বতৰ আৰু জলবায়ুৰ তাৰতম্যই এই সংঘাত তীব্ৰতৰ কৰিছে
Reporter
Editor
Series Editors
Translator
এক একৰ মাটিৰ জোৱাৰৰ খেতি কিয় আৰু কেনেদৰে ইমান কম সময়তে নাইকিয়া হৈ গ’ল? ‘যোৱা দুবছৰত প্ৰথমবাৰৰ বাবে মই খেতিৰ বতৰত মোৰ গাওঁ এৰি এসপ্তাহৰ কাৰণে বাহিৰলৈ গৈছিলো। সেইখিনি সময়তে সিহঁতে সোপাকে খাই পেলালে,’ আনন্দ চালভিয়ে কয়। ইয়াতে ‘সিহঁত’ মানে মেঠোনৰ কথা কোৱা হৈছে (বনৰীয়া গৰু বুলিও যাক জনা যায়)। এই ধৰাৰ বিশালাকায় তৃণভোজী মতা মেঠোন এটা ৬ ফুট পৰ্যন্ত হয় আৰু ওজন ৫০০ৰ পৰা ১০০০ কিলোগ্ৰাম পৰ্যন্ত হয়।
মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ ৰাধানগৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বভাৱতঃ শান্তিপ্ৰিয় এই তৃণভোজী জন্তুবোৰ ৰাজপথলৈ ওলাই আহিবলৈ ধৰিছে আৰু খেতিপথাৰত নামিছে।
‘মোৰ পথাৰখনত কোনোৱে পহৰা দি থকা নাছিল,’ ৰাক্ষী গাঁৱৰ চালভিয়ে কয়। ‘ভাগ্যে মই এক একৰ মাটিৰ মোৰ কুঁহিয়াৰৰ খেতিখন বচাব পাৰিলো (প্ৰায় ৮০ টন কুঁহিয়াৰ)।’ কেনেকৈ তেওঁ ১০০০ কিলো ওজনৰ বৃহদাকাৰ মেঠোনৰ পৰা খেতি ‘বচাব’ পাৰিলে বুলি সোধাত তেওঁ উত্তৰ দিলে যে ফটকা ফুটাই।
দুবছৰ আগৰেপৰা চালভিয়ে মুকলি পথাৰতে ৰাতি শুবলৈ যোৱা আৰম্ভ কৰিছিল। ‘আমি ৰাতি ৮ বজাত আহো আৰু পুৱা মেঠোনৰ জাকবোৰ হাবিলৈ উভতি যোৱাৰ পিছত পুৱতি নিশা ৪ বজাত ঘৰলৈ আহো,’ তেওঁ বিতংকৈ বুজাই ক’লে। ‘ৰাতি আমি পথাৰত ফটকা ফুটাও।’ মেঠোনবোৰ ভয় খাই তেওঁৰ পাঁচ একৰৰ পথাৰত নানামি হাবিলৈ উভতি যায়। তেওঁৰ ভালেকেইজন চুবুৰীয়াই একেই কামকে কৰে। পানহালা তালুকৰ ৰাক্ষী গাঁৱৰ খেতিয়কৰ একেৰাহে দুবছৰ ধৰি মেঠোনৰ উপদ্ৰৱত খেতি নষ্ট হৈছে।

Sanket Jain
‘আমি এই ফটকা কিনিবলৈ এটা ঋতুত দিনে ৫০ টকাকৈ খৰছ কৰিবলগীয়া হয়,’ চালভিৰ পত্নি সুনীতাই কয়। এনেদৰে খেতিৰ খৰছৰ হিচাপত ফটকাৰ পইছা যোগ হয়। ‘ৰাতি পথাৰত খেতিয়কে ৰাতি কটোৱাটো তেনেই বিপদসংকূল,’ তাইৰ শংকা প্ৰকাশ কৰে। ৰাতি অইন বন্য জীৱ-জন্তু আদি সাৰে থাকে। সাপৰ কথাই ক’ব পাৰি।
মেঠোনবোৰে বুজিবলৈ বাকী নাথাকিব যে ফটকাই শব্দহে কৰে, তাৰ পৰা কোনো আঘাত নাপায়। তেতিয়া কি কৰা যাব? ৰাধানগৰী তালুকৰ কিছুমানে বৈদ্যুতিক ফেঞ্চ ব্যৱহাৰ কৰিবলৈ লৈছে। ‘কিন্তু তাতেও মেঠোনবোৰ অভ্যস্ত হৈ গৈছে,’ ৰাধানগৰীৰ বন্যপ্ৰাণী বেচৰকাৰী সংস্থা বাইচন নেচাৰ ক্লাবৰ সহ-প্ৰতিস্থাপক সম্ৰাট কেৰকাৰে কয়। ‘মেঠোনে ফেঞ্চৰ ওপৰত লাহেকৈ ঠেং এখন দি বিদ্যুত আছে নে নাই পৰীক্ষা কৰা নিজ চকুৰে দেখিছো। আগতে সিহঁতে মানুহক ভয় কৰিছিল, কিন্তু এতিয়া মানুহ দেখিলে সিহঁত সহজতে আঁতৰি নোযোৱা হ’ল।’
‘আমি মেঠোনবোৰক দোষ দিয়া নাই,’ সুনীতাই কয়। ‘দোষ বন বিভাগৰ। বনাঞ্চল ভালদৰে চোৱাচিতা নকৰিলে জীৱ-জন্তু বাহিৰলৈ ওলাই আহিবই।’
মেঠোনৰ জাকবোৰ বনাঞ্চলৰ পৰা খাদ্য আৰু পানীৰ সন্ধানত ওলাই আহিব ধৰিছে। শুকান হাবিত বাঢ়ি অহা কাৰ্বি ফুলৰ পাত খাবলৈও সিহঁত (strobilanthes callosa) আহে। অভয়াৰণ্যখনৰ জলাশয়বোৰ শুকাই যোৱাৰ ফলত পানীৰ সন্ধানতো মেঠোনবোৰ ওলাই আহে। আকৌ অভয়াৰণ্যখনৰ ভিতৰচ’ৰাত তৃণভূমি কমি অহাটোও তৃণভোজী বন্যপ্ৰাণী বনাঞ্চলৰ বাহিৰলৈ ওলাই অহাৰ অন্যতম কাৰণ বুলি বন সুৰক্ষাকৰ্মী আৰু ক্ষেত্ৰ গৱেষকে ক’ব খোজে।

Sanket Jain

Sanket Jain

Sanket Jain
কেন্দ্ৰীয় ভূজল ব’ৰ্ডৰ তথ্য মতে ৰাধানগৰী তালুকত হোৱা বৰষুণৰ পৰিমাণ ২০০৪ত ৩৫১০ মি.মি., ২০০৮ত ৩৬৮৪ মি.মি. আৰু ২০১২ত ৩০৭২ মি.মি. আছিল। কিন্তু ২০১৮ত সেয়া পোনচাটে হ্ৰাস পায় ২১২০ মি.মি.লৈ। দৰাচলতে যোৱা এটা দশকতকৈও অধিক কাল মহাৰাষ্ট্ৰৰো বিভিন্ন প্ৰান্তৰ দৰে কোলহাপুৰ জিলাতো বৃষ্টিপাতৰ লক্ষণীয় তাৰতম্য ঘটিছে।
পঞ্চাশোৰ্ধৰ গৰখীয়া ৰাজু পাটিলে এটা দশক আগতে দেবগড়-নিপানী ৰাজপথত ১২ টা মেঠোনৰ জাক এটা দেখিছিল। তেওঁৰ গাওঁ ৰাধানগৰীৰ গাতে লাগি থকা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ কথা তেওঁ শুনিছিল। কিন্তু তেওঁ কেতিয়াও মেঠোন দেখা নাছিল।
‘এইটো দশকতে মই সিহঁতক বনাঞ্চলৰ পৰা বাহিৰলৈ ওলাই অহা দেখিছো,’ তেওঁ কয়। তাৰে পিছৰে পৰা ৰাধানগৰী গাঁৱত বিশালকায় জন্তুবিধ জাকে জাকে ৰাস্তা পাৰ হোৱাৰ দৃশ্য সুলভ হৈ পৰিল। গাঁৱৰ মানুহে ৰাস্তা পাৰ হোৱা মেঠোনৰ জাকৰ ভিডিঅ’ ম’বাইলত আৱদ্ধ কৰিছে। কুঁহিয়াৰ, জোৱাৰ, মাকৈজহা আৰু ধান আদিৰ খেতি খাবলৈ জাকে জাকে মেঠোনে কোলহাপুৰ জিলাৰ ৰাধানগৰী, চাহুৱাড়ি, কাৰবীৰ আৰু পানহালা তালুকৰ পথাৰত নামিবলৈ আৰম্ভ কৰিছে।
বনাঞ্চলৰ জলাশয়বোৰ শুকাই যাবলৈ ধৰাৰ ফলত পানীৰ সন্ধানত জীৱ-জন্তুবোৰ ওলাই আহিছে।
ৰাধানগৰী তালুকত গঞাই অনুমান কৰা মতে যোৱা ১০-১৫ বছৰত মেঠোনবোৰে বনাঞ্চলৰ বাহিৰলৈ ওলাই আহিবলৈ আৰম্ভ কৰিছে। পানহালা তালুকত এনে ঘটনা বাঢ়িছে। বনাঞ্চলৰ কাষতে খেতি কৰা ৰাক্ষী গাঁৱৰ ৪২ বৰ্ষীয় যুৱৰাজ নিৰুখে কয়, ‘আমি যোৱা দুবছৰৰ পৰা মেঠোন দেখিছো। আগতে বন গাহৰিয়ে আমাৰ খেতি নষ্ট কৰিছিল,’ জানুৱাৰীৰ পৰা আৰম্ভ কৰি এতিয়ালৈ ১২ টা মেঠোনৰ জাকে তিনিবাৰকৈ আমাৰ খেতিত নামিছে। ‘মই জোৱাৰ খেতিত চাৰি কুইণ্টল জোৱাৰৰ লোকচানৰ সম্মুখীন হৈছো আৰু এইবাৰ বাৰিষাত ধানখেতি কৰিবলৈ সংকোচোধ কৰিছো,’ তেওঁ কয়।
হাবিৰ পৰা ওলাই আহি ৰাজপথ পাৰ হোৱা মেঠোনৰ জাকৰ ভিডিঅ’ ৰাধানগৰীৰ মানুহে ম’বাইল ফোনৰ কেমেৰাত আৱদ্ধ কৰিছে
‘ঋতুচক্ৰ সম্পূৰ্ণৰূপে সলনি হৈছে,’ ৰাধানগৰৰ বন বিষয়া প্ৰশান্ত তেণ্ডুলকাৰে মন্তব্য কৰে। ‘আগতে মাৰ্চত আৰু এপ্ৰিলত এবাৰ হ’লেও বৰষুণ দিছিল, জলাশয়বোৰত পানী জমা হৈছিল। আমি নিজেই যদি প্ৰকৃতিৰ বিৰুদ্ধে যাও, তেন্তে কাক দোষাৰোপ কৰিম? ৫০-৬০ বছৰ আগতে বনাঞ্চলৰ আছিল, চৰণীয় পথাৰ আছিল, খেতি আছিল আৰু তাৰপিছত আছিল গাওঁবোৰ। এতিয়া মানুহে লাহে লাহে বনাঞ্চলৰ মাটিত বসতি কৰিবলৈ ল’লে আৰু ধীৰে ধীৰে বনাঞ্চলৰ দিশে আগবাঢ়িল। গাওঁ আৰু বনাঞ্চলৰ মাজৰ ভূমি নাইকিয়া হৈ পৰিল।’
বক্সাইট খননৰ দৰে বিধ্বংসী আগ্ৰাসনৰ ফলত বনাঞ্চল ‘বেদখল’ হৈছে। বন ধ্বংসৰ এই ক্ৰিয়াকলাপ ভালেকেইটা দশক ধৰি কম-বেছি পৰিমাণে চলি আহিছে।
বক্সাইটৰ মুক্ত খননে ৰাধানগৰী অঞ্চলটোক ধ্বংসৰ গৰাহলৈ ঠেলি নিছে,’ চেংচ্যুৰি এছিয়াৰ প্ৰতিস্থাপক সম্পাদক বিট্টু চেহগালে কয়। ‘ৰাইজৰ বিৰোধ প্ৰৱল আছিল। কিন্তু খনন কোম্পানী যেনে ইণ্ডাল (পিছত হিন্দালকো [HINDALCO]ৰ সৈতে লগ লাগে) আদিৰ শক্তি প্ৰতিবাদকাৰীতকৈ বেছি আছিল। কোম্পানীবোৰেই চৰকাৰী কাৰ্যালয়ৰ নীতি নিৰ্ধাৰণ কৰিছিল। এনেদৰে খননৰ ফলত চৰণীয়া পথাৰ, পানীৰ উৎস আদিৰ বিস্তৰ ক্ষতিসাধন হয়।’
দৰাচলতে ১৯৯৮ৰ পৰা বম্বে উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে একাধিকবাৰ এনে কাৰ্যকলাপৰ সমালোচনা কৰিছে। ২০১৮ৰ অক্টোবৰত সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যখনে বিষয়টোত ‘সমূলি গুৰুত্ব নিদিয়া’ক লৈ মহাৰাষ্ট্ৰৰ চৰকাৰৰ মূখ্য সচিবগৰাকীক উপস্থিত থকাৰ বাবে নিৰ্দেশ জাৰী কৰিছিল।

Sanket Jain
কোলহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰ ২০১২ৰ এক অধ্যয়নে খননৰ দীৰ্ঘম্যাদী ক্ষতিৰ কথা আঙুলিয়াই দিছে। ‘কোলহাপুৰ জিলাত বক্সাইটৰ খননৰ পাৰিৱেশিক প্ৰভাৱ’ শীৰ্ষক অধ্যয়নটোত উল্লেখ কৰা হৈছে যে ‘অঞ্চলটোত বৈধ আৰু অবৈধ খননে গুৰুতৰ পাৰিৱেশিক অৱক্ষয় আনিছে। যদিও প্ৰাৰম্ভিক অৱস্থাত খননে সীমিত লোকৰ বাবে কৰ্মসংস্থানৰ সুযোগ সৃষ্টি কৰিছিল আৰু চৰকাৰৰ দিবপৰাকৈ ৰাজহ সৃষ্টি কৰিছিল, এয়া খুব কম সময়ৰ বাবেহে বৰ্তি থাকিব। অথচ এনে কাৰ্যকলাপৰ ফলত স্থানীয় পৰিস্থিতিতন্ত্ৰৰ ওপৰত পৰা প্ৰভাৱ স্থায়ী।’
ৰাধানগৰীৰ পৰা মাত্ৰ ২৪ কিলোমিটাৰ দূৰৈৰ আনখন বন্যপ্ৰাণী অভয়াৰণ্য হৈছে ডাজিপুৰ। আগতে দুয়োখন অভয়াৰণ্য একেখনেই আছিল। ১৯৮০ত দুয়োখন অভয়াৰণ্যক পৃথক কৰা হয়। একেলগে দুয়োখন অভয়াৰণ্যই ৩৫১.১৬ বৰ্গকিলোমিটাৰ অঞ্চল জুৰি আছে। ডাজিপুৰত ৰঙামাটিৰ এটা অঞ্চল আছে যাক চাভৰাই সাদা বুলি জনা। তাতে থকা জলাশয়টোৱেই অঞ্চলটোৰ চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ কাৰণে খাদ্য আৰু পানীৰ প্ৰমুখ উৎস। কিন্তু জলাশয়টো সংকুচিত হ’ব ধৰিছে আৰু এই বছৰ মে’ মাহলৈ পানী একেবাৰে নাইকিয়া হৈছে।
আকৌ ‘যোৱা দশকটোতে ইয়াতে সৰ্বাধিক নিৰ্বনানীকৰণ ঘটিছে। ইয়ে জলবায়ুৰ চক্ৰৰ তাৰতম্য ঘটাইছে,’ বন্যপ্ৰাণী গৱেষক আৰু বন্যপ্ৰাণী সুৰক্ষা আৰু গৱেষণা সমাজৰ সচিব অমিত চায়েদে কয়।
চাভৰাই সাদা এনে এক অঞ্চল য’ত জীৱ-জন্তুৰ কাৰণে বন বিভাগে কৃত্ৰিম ‘লৱণ লেহন’ৰ ব্যৱস্থা কৰিছে। এনে লৱণ লেহন স্থল হৈছে এনে স্থান য’ৰ পৰা জীৱ-জন্তুৱে আৱ্শ্যকীয় খনিজ পুষ্টিদ্ৰব্য লাভ কৰিব পাৰে। ডাজিপুৰ আৰু ৰাধানগৰীৰ ভালেকেইটা স্থানত নিমখ আৰু ভুচি ৰখা হৈছে।
লৱণ লেহনৰ দৰে আন একধৰণৰ মানৱীয় হস্তক্ষেপ হৈছে কুঁহিয়াৰৰ খেতিৰ বিস্তাৰ। কোলহাপুৰ জিলাৰ কিছুমান অঞ্চলত বহু দশকৰ পৰাই প্ৰচুৰ বৃষ্টিপাত হৈ থকা কাৰণে কুঁহিয়াৰ খেতিৰ বাবে অনুকূল আছিল। এই খেতি বাঢ়িছে, কিন্তু বিপদৰো সংকেত দিছে। ৰাজ্যিক চেনী আয়ুক্তালয়ৰ আৰু চৰকাৰী সংবাদ মাধ্যমৰ তথ্য মতে ১৯৭১-৭২ত কোলহাপুৰত ৪০ হাজাৰ হেক্টৰ মাটিত কুঁহিয়াৰৰ খেতি কৰা হৈছিল। ২০১৮-১৯ত এই খেতিয়ে ১৫৫,০০০ হেক্টৰ মাটি আগুৰিছে, তাৰ মানে কুঁহিয়াৰ খেতি তেতিয়াৰে পৰা এতিয়ালৈ ২৮৭ শতাংশ বৃদ্ধি পাইছে। (মহাৰাষ্ট্ৰত কুঁহিয়াৰৰ খেতি বাবে প্ৰতি একৰ মাটিত ১৮-২০ মিলিয়ন লিটাৰ পানীৰ আৱশ্যক হয়)।

Sanket Jain
এই সকলোৱে অঞ্চলটোৰ মাটি-পানী-বায়ু, তৰু-তৃণ, বতৰ আৰু জলবায়ুৰ ওপৰত অভাৱনীয় প্ৰভাৱ পেলাইছে। এই অঞ্চলটোত তিনি ধৰণৰ বনাঞ্চল আছে- বনাঞ্চল দক্ষিণ অৰ্দ্ধ-চিৰসেউজ, দক্ষিণ আৰ্দ্ৰ-মিশ্ৰিত ঘন আৰু দক্ষিণ চিৰসেউজ বনাঞ্চল। যদিওবা এই পৰিৱৰ্তনৰ প্ৰভাৱ অভয়াৰণ্যতে সীমিত হৈ নাথাকে, তথাপি তাৰে নিবাসীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ গুৰুতৰ। মানৱ কাৰ্যকলাপ বৃদ্ধি পাইছে, কিন্তু মেঠোনৰ জাকবোৰ একেই আছে।
কিছু দশক আগতে হাজাৰৰো অধিক এনে বিশালকায় তৃণভোজীবিধৰ দপদপনি থকা সেই ৰাধানগৰী বন্যপ্ৰাণী অভয়াৰণ্যত এতিয়া ৫০০ মানহে মেঠোন আছেগৈ। এয়া মহাৰাষ্ট্ৰৰ বন বিভাগৰ তথ্য। ভাৰতত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত মেঠোনক অনুসূচীত তালিকা ১-ত ধৰা হৈছে। এই তালিকাৰ অন্তৰ্ভূক্ত প্ৰজাতিবোৰক সাধাৰণতে সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰিব লাগে। এনে জন্তুৰ হানি কৰিলে সৰ্বোচ্চ ক্ষতিপুৰণ দিবলগীয়া হয়। প্ৰকৃতি সংৰক্ষণৰ আন্তৰাষ্ট্ৰীয় সংঘ(আইইউচিএন)ৰ বিপন্ন প্ৰজাতিৰ ‘ৰঙা তালিকা’ৰ অন্তৰ্ভূক্ত মেঠোনক ‘অসুৰক্ষিত’ বুলি বৰ্গীকৰণ কৰা হৈছে।
মেঠোনবোৰ সাধাৰণতে পৰিভ্ৰমী, কিন্তু ‘তেওঁলোকৰ (বন বিভাগৰ) হাতত প্ৰব্ৰজনৰ তথ্য নাই,’ অমিত চায়েদে কয়। ‘সিহঁত ক’লৈ যায়, কি ধৰণৰ ক’ৰিডৰ সিহঁতে ব্যৱহাৰ কৰে, গোটবোৰৰ প্ৰকৃতি, এটা গোটত কিমানটা থাকে? এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি যদি তেওঁলোকে গোটবোৰ নিৰীক্ষণ কৰিলেহেঁতেন, তেতিয়া এনেধৰণৰ ঘটনা নহ’লহেঁতেন। সেই ক’ৰিডৰবোৰত জলাশয় নিৰ্মাণ কৰিব লাগে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে ২০১৪ৰ জুন মাহত কোলহাপুৰ জিলাত বৰষুণৰ পৰিমাণ আছিল সেই মাহটোৰ গঢ় স্বাভাৱিক বৃষ্টিপাতৰ তুলনাত ৬৪ শতাংশ কম। ২০১৬ত সেই পৰিমাণ আছিল ৩৯ শতাংশ। ২০১৮ত গঢ় পৰিমাণতকৈ এক শতাংশ বাঢ়িছিল। ২০১৪ৰ জুলাইত বৃষ্টিপাত আছিল মাহটোৰ গঢ় পৰিমাণতকৈ ৫ শতাংশ বেছি। পৰৱৰ্ত্তী বছৰটোত আছিল ৭৬ শতাংশ কম। এই বছৰ বৃষ্টিপাত ১ৰ পৰা ১০ জুলাইলৈ আছিল গঢ় পৰিমাণতকৈ ২১ শতাংশ বেছি। কিন্তু এইবছৰ মৌচুমী বায়ুৰ আগতীয়া প্ৰভাৱত হোৱা বৃষ্টিপাত নাই। ‘বৃষ্টিপাতৰ প্ৰকৃতি যোৱা দশকটোৰ পৰা তাৰতম্য ঘটিছে,’ কেৰকাৰে কয়। এনে খৰাং বতৰে বৰ্ষব্যাপী পানী থকা কম সংখ্যক জলাশয়ৰ সমস্যা জটিলতৰ কৰি তুলিছে।

Rohan Bhate
২০১৭ৰ এপ্ৰিল আৰু মে মাহত ৰাধানগৰী আৰু ডাজিপুৰ বনাঞ্চলৰ কিছুমান জলাশয়ত প্ৰথমবাৰৰ বাবে কৃত্ৰিমভাৱে টেংকাৰেৰে পানী যোগান ধৰা হৈছিল। কেৰকাৰৰ বাইচন নেচাৰ ক্লাবে দুয়োখন বনাঞ্চলৰে তিনি স্থানত এনেদৰে ২০ হাজাৰ লিটাৰ পানী যোগান ধৰা হৈছিল। ২০১৮ত পানীৰ পৰিমাণ বঢ়াই ২৪ হাজাৰ লিটাৰ কৰা হয় (বনাঞ্চলৰ ভালেমান জলাশয় বন বিভাগে নিজে তদাৰক কৰে)।
যাহওক, ‘এইবছৰ বন বিভাগে আমাক অজ্ঞাত কাৰণত ৰাধানগৰী ৰেঞ্জৰ মাত্ৰ এটা জলাশয়তহে পানী যোগান ধৰিবলৈ অনুমতি দিলে,’ কেৰকাৰে কয়। এইবাৰ বেচৰকাৰী সংস্থাটোৱে মাত্ৰ ৫৪ হাজাৰ লিটাৰ পানী যোগান ধৰিব পাৰিছে। ‘জুন মাহৰ প্ৰথম দুবাৰ বৰষুণ হোৱাৰ পিছতে আমি যোগান বন্ধ কৰোঁ,’ কেৰকাৰে কয়।
নিৰ্বনানীকৰণ, খনন, খেতিৰ আৰ্হিৰ গুৰুতৰ পৰিৱৰ্তন, খৰাং, স্বাভাৱিকতে কমি অহা আৰ্দ্ৰতা, পানীৰ গুণাগুণৰ অৱক্ষয়, ভূ-জল অপশোষণ- এই সকলোবোৰৰ পৰিণতিত ৰাধানগৰীত আৰু বহল প্ৰেক্ষাপটত সমগ্ৰ অঞ্চলটোতে বনাঞ্চল, কৃষি, মাটি, বতৰ আৰু জলবায়ু প্ৰভাৱিত হৈছে।
কিন্তু কেৱল প্ৰাকৃতিক জলবায়ুৰেই অৱক্ষয ঘটা নাই।
মেঠোন-মানৱ সংঘাত তীব্ৰতৰ হৈ পৰিছে। ‘মই ২০ গুন্থা (প্ৰায় আধা একৰ) মাটিত কৰা ইকৰাৰ খেতি মেঠোনে খাই পেলালে,’ পানহালা তালুকৰ নিকামৱাড়ি গাঁৱত ছয় একৰ মাটি থকা ৪০ বৰ্ষীয় দুৰ্দশাগ্ৰস্ত মাৰুটি নিকামে কয়। ‘এইবাৰ জানুৱাৰী আৰু এপ্ৰিল মাহৰ ভিতৰত কৰা ৩০ গুন্থা মাটিত কৰা মাকৈজহাৰ খেতিও সিহঁতে তহিলং কৰি পেলালে।’
‘বাৰিষাৰ দিনত বনাঞ্চলত পৰ্যাপ্ত পানী হ’ব, কিন্তু খাদ্যৰ অভাৱ হ’লে সিহঁত আকৌ আমাৰ পথাৰলৈ ঘূৰি আহিব।’
অনুবাদঃ পংকজ দাস
প্ৰচ্ছদ আলোকচিত্ৰঃ ৰোহন ভাটে। তেওঁৰ আলোকচিত্ৰবোৰ আমাক ব্যৱহাৰ কৰিবলৈ দিয়াৰ বাবে তেওঁলৈ আৰু চেংচ্যুৰি এছিয়ালৈ বিশেষ ধন্যবাদ।
দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/জলবায়ুৰ-প্ৰভাৱত-কোলহাপুৰত-নগুৰ-নাগতি

