‘ৰ’দে মোৰ পিঠি পুৰিছিল,’ গাজুৱাস গাঁৱৰ ঠিক ওচৰত এলানি খেজুৰ গছৰ সেৰেঙা ছায়াত মাটিত বহি থকা বজৰং গোস্বামীয়ে কয়। ‘উত্তাপৰ বাঢ়িবলৈ ধৰিছে, শস্য কমি আহিছে,’ বালিৰ স্তুপৰ ওপৰত থৈ দিয়া বাজৰাখিনিলৈ চাই তেওঁ কয়। ৰাজস্থানৰ চুৰু জিলাৰ তাৰানগৰ তহচিলত তেওঁ আৰু তেওঁৰ পত্নী ৰাজ কৌৰে আধি খেতি কৰা ২০ বিঘা মাটিৰ শুকান ঘাঁহ চোবাই চোবাই ওচৰতে থিয় হৈ আছে এটা মাত্ৰ উট।
‘মুৰৰ ওপৰত প্ৰখৰ ৰ’দ, ভৰিৰ তলত তপত বালি,’ তাৰানগৰৰ দক্ষিণাঞ্চলৰ সুজানগড় তহচিলৰ গীতা দেৱী নায়কে কয়। ভাগৱানী দেৱী চৌধুৰীৰ মালিকানাধীন খেতিপথাৰত ভূমিহীন বিধৱা গীতা দেৱীয়ে শ্ৰমিক হিচাপে কাম কৰে। গুডাৱাৰী গাঁৱত প্ৰায় ৫ বজাত দুয়োজনে দিনটোৰ কাম শেষ কৰিছে। ‘আজি-কালি গৰমেই গৰম,’ ভাগৱানী দেৱীয়ে কয়।
গ্ৰীষ্মত বালিময় মাটিয়ে তপত খোলাত ভজাৰ দৰে চেৰচেৰাই থাকে আৰু মে’ আৰু জুন মাহত ইয়াৰ বতাহ উত্তপ্ত চৌকাৰ দৰে হৈ পৰে- ৰাজস্থানৰ চুৰুত তাপমাত্ৰা বৃদ্ধি পোৱা আৰু দৈনন্দিন ইয়াৰ প্ৰকোপ চৰা সম্পৰ্কীয় আলোচনা নৈমিত্তিক ঘটনা। সেই মাহকেইটাত তাপমাত্ৰা সহজে ৪০ ডিগ্ৰী চেলছিয়াছলৈ উৰ্দ্ধগামী হয়। যোৱা মাহ, ২০২০ৰ মে’ মাহৰ দৰে উত্তাপ ৫০ ডিগ্ৰী চেলছিয়াছলৈ উৰ্দ্ধগামী হোৱা আৰু বিশ্বৰ ভিতৰত অভিলেখ হোৱা বুলি ২৬ মে’ৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
২০১৯ৰ জুনৰ প্ৰথমভাগত চুৰুত অৰ্থাৎ যোৱা বছৰ তাপমাত্ৰা ৫১ ডিগ্ৰী চেলছিয়াছলৈ উৰ্দ্ধগামী হৈছিল। ইয়াৰ আধা উত্তাপতে য’ত পানী উতলিব পাৰে, বহুতৰ মতে এয়া চৰম উত্তাপ। ‘মোৰ মনত থকা মতে ৩০ বছৰৰ আগতেও এদিন তাপমাত্ৰা ৫০ ডিগ্ৰীলৈ উৰ্দ্ধগামী হৈছিল।’ বিচনাত ইফালে-সিফালে বাগৰি থকা অৱসৰপ্ৰাপ্ত স্কুল শিক্ষক আৰু ভূস্বামী ৭৫ বছৰীয়া হৰদয়ালজী সিঙে কয়।
কিছু বছৰৰ পৰা ৬ মাহৰ পিছত অৰ্থাৎ ডিচেম্বৰৰ জানুৱাৰী মাহত চুৰুৰ তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামে। ২০২০ৰ ফেব্ৰুৱাৰীৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে লাভ কৰা তথ্য মতে ৪.১ ডিগ্ৰী তাপমাত্ৰাৰে চুৰু হৈ পৰে ভাৰতৰ সমতল ভূমিৰ সৰ্বনিম্ন তাপমাত্ৰা।


















