নিশা ১০-৩০ বজাত চিকানপাড়াত জাগৰণ আৰম্ভ হৈছিল। টোলৰ সকলো যেতিয়া শুই পৰিছিল, সনদৰ ঘৰ গীত আৰু মন্ত্ৰোচ্ছাৰণেৰে মুখৰিত হৈ পৰিছিল।
কালু জংগলী বহিছিল প্লাষ্টিকৰ বস্তাৰে তৈয়াৰী এখন কঠৰ ওপৰত। পূজা কৰিবলৈ ওচৰৰ পাংৰি টোলৰ পৰা তেওঁ আহিছিল। ইটা আৰু মাটিৰে নিৰ্মাণ কৰা ঘৰৰ সন্মুখৰ কোঠাত কা ঠাকুৰ আদিবাসী সম্প্ৰদায়ৰ ভালেমান অতিথি গোট খাইছিল। কোনোবা মজিয়াতে বহিছিল, কোনোবা আকৌ প্লাষ্টিকৰ চকীত বহিছিল। বাণী দেৱীক ভক্তিমূলক গীতেৰে গোটেই নিশা পূজা-অৰ্চনা কৰিবলৈ জাগৰণত সকলো অতিথিয়ে যোগদান কৰিছিল।
কোঠাটোৰ সোঁমাজতে ৫০ বছৰীয়া পূজাৰী কালুৰ পৰিচালিত পূজাৰ সামগ্ৰী ৰখা হৈছে। ইয়াৰ ভিতৰত আছে চাউলৰ গুড়ি, ৰঙা কাপোৰ মেৰিওৱা তামৰ কলহ এটাৰ ওপৰত ৰখা নাৰিকল এটা (স্থানীয় লোকে ইয়াক অ’ৰ্মাল বুলি কয়) আৰু সুগন্ধী ধূপ।
‘ৰোগী আৰু অপদেৱতাৰ কোপদৃষ্টিৰ ক্ষেত্ৰত যেতিয়া ভগতৰ ঔষধে ক্ৰিয়া কৰিবলৱৈ আৰম্ভ কৰে, তেতিয়া এই চিকিৎসাৰ চূড়ান্ত পৰ্ব হিচাপে এই পূজা-অৰ্চনাৰ ব্যৱস্থা কৰা হয়।’ পূজা-অৰ্চনাত কালুক সহযোগ কৰা চিকানপাড়াৰ পৰম্পৰাগত ৰোগ নিৰাময়ৰ বাবে চিকিৎসা কৰা ভগত জাত্যা দিঘাই কয়।












