চাৰুবালাৰ হাতত থকা ৰঙীন ৰুমালখন কেতিয়াবা বিজুলীৰ দৰে চমকি উঠে। ঝুমুৰৰ তালে তালে চাৰুবালাৰ ৰঙা-নীলা বৰণৰ ঘাগৰা ঘুৰিছে। সুৰকাৰসকলৰ বাদ্যযন্ত্ৰাদি লৈ সমস্বৰত গীত-বাদ্য আৰম্ভ কৰিছে।
ডেকা-বুঢ়া মিলি ৮০-৯০ জনমান দৰ্শকে জুম বান্ধি পশ্চিমবংগৰ আৰ্ছা তালুকৰ সেনাবানা গাঁৱত তেওঁলোকৰ নৃত্য-গীত উপভোগ কৰিছে। ৬৫ বছৰ বয়সৰ চাৰুবালাৰ নাচৰ চেও গাভৰু ছোৱালীৰ দৰেই খৰ।
নাচনীয়ে পিন্ধা জুনুকাৰ শব্দৰ পৰাই ‘ঝুমুৰ’ শব্দটো আহিছে বুলি কোৱা হয়। পশ্চিমবংগৰ দক্ষিণ-পশ্চিমাঞ্চল আৰু গাতে লাগি থকা ঝাৰখণ্ডত দাঁতিকাষৰীয়া (আন এক শৈলী অসমত জনপ্ৰিয়) অঞ্চলত এই নৃত্যশৈলী জনপ্ৰিয়। ঝুমুৰ গীত ৰচনা কৰা প্ৰায়ভাগ গীতিকাৰ অৱহেলিত জনজাতিৰ লোক আৰু তেওঁলোকৰ গীতত সাধাৰণতে সামাজিক সমস্যা, খৰাং, বানপানী, ৰাজনীতি আৰু সামাজিক ব্যাধি আদিৰ কথা প্ৰতিফলিত হয়। কৃষ্ণ আৰু ৰাধাৰ মাজৰ প্ৰেম আৰু বিৰহৰ কথাও ঝুমুৰ গীতত সঘনে পোৱা যায়।
চাৰুবালাৰ নিজৰ জীৱনৰ কথাও এই গীতে কয়। তাই এসময়ত পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ ২ নং পুৰুলিয়া তালুকৰ বেলমা গাঁও নিবাসী আছিল। চাৰুবালাৰ পিতৃ মোহন কালিন্দীৰ পৰিয়ালটো কালিন্দী সম্প্ৰদায়ৰ। কৃষি শ্ৰমিক আৰু নিৰ্মাণখণ্ডৰ শ্ৰমিক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা সম্প্ৰদায়টোক কিছুমান ৰাজ্যত অনুসূচীত জাতি হিচাপে সূচীবদ্ধ কৰা হৈছে। চাৰুবালাৰ ১৬ কি ১৭ বছৰ নৌহওঁতেই ওচৰৰে ডুমডুমি গাঁৱৰ শংকৰ কালিন্দীলৈ বিয়া হৈ যায়।
তেতিয়া শংকৰৰ বয়স ২০ বছৰ। শংকৰেও হাতত যি কামকে পাইছিল তাকেই কৰি জীৱন নিৰ্বাহ কৰিছিল। সি তাইৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলাইছিল। আতিশায্য ইমানেই চলিল যে তাই দেউতাকৰ ঘৰলৈ উভতি আহে। কিন্তু পিতৃয়ে তাইৰ পেট পুহিব নোৱাৰিম বুলি কৈ তাইক ৰাখিবলৈ অমান্তি হ’ল। এনেকৈয়ে চাৰুবালা গৃহহাৰা হৈ ৰাস্তাতে কিছুদিন জীৱন কটালে।

















