এইবাৰ শীতৰ প্ৰকোপ বেছি হোৱা বাবে আব্দুল মাজীদ ৱানিয়ে ভাল পাইছে। তেওঁ তৈয়াৰ কৰা কাংৰীৰ চাহিদা এইবাৰ বৃদ্ধি পাব বুলি তেওঁ আশাবাদী আৰু যোৱা বছৰৰ ডিচেম্বৰত কাশ্মীৰৰ কিছুমান অঞ্চলত তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছ হৈছিল, সেই চাই এইবাৰো চাহিদা ভাল হ’ব।
মধ্য কাশ্মীৰৰ বাদগাম জিলাৰ চাৰাৰ-ই-শ্বৰীফত ৫৫ বছৰীয়া ৱানি থাকে আৰু কাম কৰে। শ্ৰীনগৰৰ পৰা ৩২ কিলোমিটাৰ দূৰত এই চহৰখন কাংৰী তৈয়াৰ কৰা হস্তশিল্পীৰ কেন্দ্ৰস্থল স্বৰূপ। কাংৰী হৈছে কাঠকয়লাৰ আঙঠাৰে পৰিপূৰ্ণ এটা মাটিৰ পাত্ৰ আৰু ইয়াক বাঁহ-বেতেৰে তৈয়াৰ কৰা এটা পাত্ৰত সুমুৱাই লোৱা হয়। কাশ্মীৰৰ দীঘলীয়া শীতকালত নিজকে গৰম কৰি ৰাখিবলৈ বহুতো কাশ্মীৰিয়ে লগত সহজে লৈ ফুৰিব পৰা নাল লগোৱা ‘হিটাৰ’টো ‘ফিৰণ’ (শীতকালত পৰিধান কৰা আঠুলিকৈ দীঘল ঊলৰ পৰম্পৰাগত হলৌচোলা)ৰ তলত লৈ ফুৰে। (কিছুমান সমীক্ষাই ‘কাংৰী কৰ্কট’ৰ বিষয়ে কয় যে সেয়া এক বিশেষ ৰোগ, শৰীৰত লগাই জ্বলি থকা আঙঠা লৈ ফুৰাৰ বাবে কাশ্মীৰত এই ৰোগ হয় ৰোগ, গোটই দীঘলীয়া শীতকালটো ইয়াক লৈ ফুৰোৱাৰ বাবে সেই ৰোগ হয়, কিন্ত সেয়া এক অন্য কাহিনী।)
‘মিহি বেতেৰে তৈয়াৰ কৰা সুন্দৰ কাংৰীৰ বাবে আমাৰ অঞ্চলটো বিখ্যাত।’ চাৰাৰ-ই-শ্বৰীফৰ কানিল মহল্লাৰ বাসিন্দা ৩০ বছৰীয়া ওমৰ হাছান ডৰে ক’লে। হস্তশিল্পী আৰু শ্ৰমিকসকল কাংৰী নিৰ্মাণৰ কামত জৰিত হৈ পৰে। কাংৰী সুমুওৱা পাত্ৰটো তৈয়াৰ কৰিবলৈ ওচৰৰ জংঘলৰ পৰা ছিৰিলি ছিৰিলি পাতৰ ৱিলো কাঠী সংগ্ৰহ কৰা হয় বা কৃষকৰ পৰা ক্ৰয় কৰা হয়। মৰাপাটৰ কাঠীৰ লেখীয়া এই কাঠীবোৰ কোমল কৰিবলৈ সিজোৱা হয়, তাৰ পিছত মিহিকৈ কাটি চাঁচি পেলোৱা হয় (হাতেৰে তৈয়াৰী এবিধ চোকা যন্ত্ৰেৰে স্থানীয় লোকে ইয়াক চাপ্পুন বুলি কয় (কাঠীৰ দুডাল লাঠি কেৰিয়াকৈ লোৱা হয়। তাৰ পিছত মাটিত পুতি লোৱা হয়)। তাৰ পিছত পানীত তিয়াই থোৱা, শুকোৱা আৰু ৰং কৰাৰ কাম কৰা হয়। তাৰ পিছত এই কাঠী-কামিবোৰেৰে মাটিৰ পাত্ৰটোৰ চাৰিওফালে ঘেৰ দি লোৱা হয়।
গোটেই কামখিনিৰ বাবে প্ৰায় এসপ্তাহ সময় লাগে। এই সময়খিনিৰ ভিতৰতে কাঠী-কামিবোৰ ভালদৰে শুকুৱাই লোৱা হয়। শীতকাল আৰম্ভ হোৱাৰ আগতে আগষ্ট মাহত সাধাৰণতে কাংৰীবোৰ তৈয়াৰ কৰা হয়। কেতিয়াবা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শীতকালতো এয়া কৰা হয়। আনকি এই কাম ফেব্ৰুৱাৰী মাহৰ শেষলৈকে চলি থাকে।
আগতে কাশ্মীৰৰ কাংৰীবোৰ কেৱল এটা মাটিৰ পাত্ৰ আছিল। স্থানীয় কুমাৰৰ পৰা ক্ৰয় কৰি লোৱা হয়, তেনেকুৱা কুমাৰৰ মাটিৰ কাংৰীত বাঁহ-কাঠেৰে তৈয়াৰ কৰা আৱৰণ নাছিল। সময় সলনি হোৱাৰ লগে লগে স্থানীয় হস্তশিল্পীয়ে এই পৰম্পৰাত ‘হিটাৰ’ৰ বাবে বিভিন্ন আৰ্হিৰ আৱৰণ তৈয়াৰ কৰিবলৈ ধৰিলে। ইয়াৰ বজাৰ মূল্যও আগৰ কাংৰীৰ তুলনাত বৃদ্ধি পালে। এতিয়া একেবাৰে কম দামৰ কাংৰী এটাৰ দাম অতিকমেও ১৫০ টকা আৰু তৈয়াৰ কৰিবলৈ ৩-৪ ঘণ্টা সময় লাগে। অতি জটিল আৰ্হিৰে বহুৰঙী কাংৰী একোটাৰ বাবে তিনি-চাৰিদিন সময় লাগে। এনেকুৱা এটাৰ দাম প্ৰায় ১৮০০ টকা হয়। ডৰে মোক ক’লে যে তেনে এটা কাংৰীৰ পৰা ১০০০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত লাভ হয়।














