মীনাৰ মাকৰ দিনটো আহৰি নাই। তেওঁ ধলপুৱা চাৰি বজাতে নিজা গাওঁ চটপটিৰ পাইকাৰি বজাৰলৈ যায় আৰু নাৱৰ মালিকৰ বাবে মাছৰ ডাক লগায়। ন বজাত ঘৰলৈ ঘূৰি আহি তেওঁ মাছবোৰ নিমখ পানীৰে ধোৱে আৰু ঘৰৰ পাছফালে থাৰ্মকলৰ বাকচত শুকুৱাবলৈ ভৰায় থয়, সেয়া তেওঁ এসপ্তাহ বা দুসপ্তাহৰ পাছত বিক্ৰী কৰিব পাৰে। আবেলি তেওঁ শুকান মাছ বিক্ৰী কৰিবলৈ বাছত বা অটোৰিক্সাৰে প্ৰায় ১২ কিলোমিটাৰ দূৰৰ পালঘৰৰ খুচুৰা বজাৰলৈ যায়। তাত মাছ ৰৈ গ’লে গধুলি তেওঁ চটপটিৰ বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰে।
পিছে তেওঁ ডাক মৰা নাওবোৰ কমি আহিছে, মাছৰ পৰিমানো কমিছে। “মাছ নহ’লে এতিয়া কি বেছিম?” কলি সম্প্ৰদায়ৰ (অন্য পিছপৰা জাতিত অন্তৰ্ভূক্ত) ৫৮ বছৰীয়া মীনাৰ মনলৈ এই প্ৰশ্নটোৱে আহে। সেয়ে তেওঁ বিভিন্ন ধৰণৰ কাম বাচি ল’বলগীয়া হৈছে। বৰ্ষা ঋতুৰ পাছত চটপটিৰ পাইকাৰি বজাৰৰ বেপাৰী বা নাৱৰ মালিকৰ পৰা মাছ কিনে আৰু তাকেই বিক্ৰী কৰি যিমানখিনি পাৰে উপাৰ্জনৰ চেষ্টা কৰে (তেওঁ অৱশ্যে আমাক কিমান পায় আমাক সবিশেষ নজনালে)।
ঘৰুৱা উপাৰ্জনৰ নাটনি মাৰিবলৈ তেওঁৰ ৬৩ বছৰীয়া গিৰিয়েক উলহাছ মেহেৰেও অধিক কাম কৰিবলৈ লৈছে। তেওঁ এতিয়াও অ এন জি চিৰ জৰীপ নাৱত শ্ৰমিক আৰু নমুনা সংগ্ৰাহক হিচাপে মাজে-সময়ে কাম কৰাটো অব্যাহত ৰাখিছে। পিছে মুম্বাইৰ ডাঙৰ মাছমৰীয়া নাৱত দুমাহৰ পৰা এই বছৰ ৪-৬ মাহলৈ কাম সম্প্ৰসাৰিত কৰিছে।
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তেওঁলোকৰ উপকুলীয় গাওঁ চটপটি মানুহে কোৱা সোণালী আৱেষ্টনীত পৰে। ইয়াৰ সমুদ্ৰতলি মাছৰ লালন-পালন আৰু প্ৰখ্যাত বম্বিল (বম্বে ডাক)ৰ বাবে জনাজাত। পিছে বম্বিল ধৰাটোও হ্ৰাস পাইছে। ১৯৭৯ চনত চটপটি-ডাহানু অঞ্চলত অভিলেখ সংখ্যক ৪০,০৬৫ টনৰ বিপৰীতে ২০১৮ত ১৬,৫৭৬ লৈ নামি আহিছে।










