“এইবোৰ মৌ বা গুড়ৰ সৈতে মিহলি কৰি খুৱাব লাগে,” আইতাকৰ কোলাত লেবেজান হৈ পৰি থকা সুহানীৰ ফালে চাই গ্ৰামীণ স্বাস্থ্য বিষয়া উৰ্মিলা দুগ্গাই কয়।

শিশুটিক মেলেৰিয়াৰ কাঢ়া দৰৱ খৱাবলৈ তিনিগৰাকী মহিলাই মৰম আৰু কৌশল খটুৱাবলগীয়া হৈছে- শিশুটিৰ আইতাক, আন এগৰাকী গ্ৰামীণ স্বাস্থ্য বিষয়া (আৰ.এইছ.অ’.) সাবিত্ৰী নায়ক আৰু মনকি কাচলান নামৰ মিতানিনগৰাকী, মিতানিন মানে আশাকৰ্মী।

ল’ৰা-ছোৱালীবোৰে বাহিৰত খেলা-ধূলা কৰি থকাৰ কলকলনিৰ মাজতে এই গোটেই প্ৰক্ৰিয়াটো ৩৯ বছৰ বয়সীয়া জ্যেষ্ঠ আৰ.এইছ.অ’. উৰ্মিলাই এখন ডাঙৰ ৰেজিষ্টাৰ উলিয়াই তাতে লিখি ৰাখিছে। চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ নৌমুঞ্জমেটা গাঁৱৰ অংগনবাদী কেন্দ্ৰ এটাৰ বাৰান্দাত তেওঁৰ অস্থায়ী ক্লিনিকখন আছে।

মাহৰ প্ৰতি দ্বিতীয় মঙলবাৰে অংগনবাদীৰ পৰিৱেশটো বহিৰংগ বিভাগ (যিখন ক্লিনিকত চিকিসা কৰাবলৈ ৰোগীয়ে ভৰ্তি হ’ব নালাগে)ৰ দৰে হৈ পৰে। এফালে ল’ৰা-ছোৱালীয়ে অ-আ-ক-খ শিকাত ব্যস্ত হৈ থাকে, আনফালে তেওঁলোকৰ মাকবোৰ, নৱজাতক আৰু আন লোকে চিকিসাৰ কাৰণে শাৰী পাতি থাকে। উৰ্মিলা আৰু স্বাস্থ্যকৰ্মীৰে তেওঁলোকৰ দলটো পুৱা দহ বজাতে আহি হাজিৰ হয়। তাৰপাছত বাৰান্দাত মেজ এখন আৰু বেঞ্চ এখন যোগাৰ কৰে। তাতে বেগৰ পৰা পঞ্জীয়নবহীখনৰ লগতে চিকিসাৰ সা-সামগ্ৰীবোৰ উলিয়াই থৈ তেওঁলোকে ৰোগী চাবৰ বাবে সাজু হয়।

সিদিনা তেওঁলোকে কৰা সুহানীৰ ৰেপিড ডাইগনষ্টিক টেষ্ট (আৰডিটি) উৰ্মিলা আৰু তেওঁৰ সহকৰ্মীসকলে বছৰটোত নাৰায়নপুৰ ব্লকৰ ছখন গাঁৱত বছৰটোত কৰা ৪০০ মেলেৰিয়া পৰীক্ষাৰ মাজৰ এটা। সেই দলটোত ৩৫ বছৰ বয়সীয়া আৰ.এইছ.অ’. সাৱিত্ৰী নায়কো আছে, তেওঁ এই ব্লকটোৰ দায়িত্বত আছে আৰু তেঁৱেই সকলো টেষ্ট কৰায়।

“মেলেৰিয়া এক ডাঙৰ সমস্যা,” নাৰায়নপুৰ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডা. আনন্দ ৰাম গোটাই কয়। “ই ৰক্তকণিকাৰ ক্ষতি কৰে আৰু আক্ৰান্তজন ৰক্তহীনতাত ভোগে, ফলত শাৰিৰীক বল-শক্তি কমি যায়। সেয়ে দিনহাজিৰা কৰাজনৰ মজুৰিতো প্ৰভাৱ পৰে। শিশুবোৰৰ জন্মৰ সময়ত ওজন কমি যায় আৰু এই চক্ৰটো চলি থাকে।”

At a makeshift clinic in an anganwadi, Urmila Dugga notes down the details of a malaria case, after one of the roughly 400 malaria tests that she and her colleagues conduct in a year in six villages in Narayanpur block
PHOTO • Priti David

অংগনবাদীত পতা অস্থায়ী ক্লিনিকত উৰ্মিলাই দুগ্গাই মেলেৰিয়া হোৱা এজনৰ সবিশেষ লিখিছে , তেওঁলোকে নাৰায়নপুৰ গাঁৱৰ ছখন গাঁৱত এটা বছৰত প্ৰায় ৪০০ মেলেৰিয়া পৰীক্ষা কৰায়

২০২০ত চত্তীশগড়ত মেলেৰিয়াত ১৮ জনৰ মৃত্যু ঘটিছিল, সেয়া আছিল দেশৰ ভিতৰতে সৰ্বোচ্চ। তাৰ পিছতে আছিল মহাৰাষ্ট্ৰ, তাত ১০ জন ঢুকাইছিল। ৰাষ্ট্ৰীয় বীজাণুবাহী ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীত উল্লেখ কৰা মতে মেলেৰিয়া ৰোগৰ ৮০ শতাংশই ‘জনজাতীয়, পাহাৰীয়া, আওহতীয়া দুৰ্গম এলেকা’ত দেখা যায়।

সাধাৰণতে মানুহে নিমপাত জ্বলাই মহ খেদাটোৱে পছন্দ কৰে। “শোওতে আঠুৱা তৰি শুবলৈ আৰু ঘৰৰ আশে-পাশে থকা পানীৰ খাল-দোংবোৰত পানী নাৰাখিবলৈ বাৰম্বাৰ কৈ আহিছো। নিমপাতৰ ধোৱাত মহবোৰ গুছি যায় ঠিকেই, কিন্তু ধোৱাবোৰ নাইকিয়া হ’লেই মহবোৰ ঘূৰি আহে।”

পাছত আকৌ উৰ্মিলাই এই কে’ছবোৰ দ্বিতীয়বাৰৰ বাবে হালামিমুনমেটাত থকা উপ স্বাস্থ্যকেন্দ্ৰ (এছএইছচি)ৰ ডাঙৰ পঞ্জীয়ন বহী এটাত লিখিব লাগিব, সেইটো এছএইছচি নাৰায়নপুৰ জিলাৰ ৬৪টা উপ স্বাস্থ্যকেন্দ্ৰৰ মাজৰ এটা। সেই পঞ্জীয়নবহীটোত কে’ছবোৰ লিখোতে প্ৰায় তিনিঘণ্টমান লাগে। বহীটোত প্ৰতিটো পৰীক্ষা, একাধিক টিকাকৰণ, প্ৰাক-প্ৰসৱকালীন আৰু প্ৰসৱোত্তৰ স্বাস্থ্যপৰীক্ষা, মেলেৰিয়া আৰু যক্ষ্মাৰ চেক-আপ আৰু জ্বৰ, বিষ আদিৰ প্ৰাথমিক চিকিৎসাৰ তথ্য লিখিবলগীয়া হয়।

উৰ্মিলা এগৰাকী অগজিলেৰি নাৰ্ছ মিডৱাইফো (এএনএম) হয়, দুবছৰৰ তেওঁ প্ৰশিক্ষণ লৈছে। আৰ.এইছ.অ’. হিচাপে বছৰত পাঁচবাৰমান তেওঁ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত ১ৰ পৰা ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰলৈ যায়।

পুৰুষ আৰ.এইছ.অ’. সকলক বছৰত এবাৰ মাল্টি পাৰপাজ স্বাস্থ্যকৰ্মী হিচাপে প্ৰশিক্ষণ দিয়া হয়। “এয়া উচিত নহয়,” উৰ্মিলাই আপত্তি কৰে। “আমি একেই কাম কৰো, সেয়ে প্ৰশিক্ষণো (অৰ্হতা হিচাপে) একেই হোৱা উচিত। আমাক কিয় ৰোগীয়ে চিষ্টাৰ বুলি মাতে আৰু পুৰুষ আৰ.এইছ.অ’.সকলক ‘ডাক্তৰ চাহাব’ বোলে? আপুনি এই কথা আপোনাৰ প্ৰতিবেদনত উল্লেখ কৰা উচিত!”

Once a month the Naumunjmeta school doubles up as an outpatient clinic for Urmila, Manki (middle), Savitri Nayak and other healthcare workers
PHOTO • Priti David
Once a month the Naumunjmeta school doubles up as an outpatient clinic for Urmila, Manki (middle), Savitri Nayak and other healthcare workers
PHOTO • Priti David

মাহত এবাৰ নৌমুঞ্জমেটা স্কুলখন উৰ্মিলা , মানকি (মাজত), সাবিত্ৰী নায়ক আৰু আন স্বাস্থ্যকৰ্মীৰে এখন বৰ্হিৰোগীৰ ক্লিনিক হৈ পৰে

এতিয়া ল’ৰা-ছোৱালীবোৰ শ্ৰেণীকোঠালৈ ঘূৰি আহিছে, অ আ ক খ মাতিছে। দৰৱ খোৱাৰ পিছত সুহানী এতিয়া টোপনিত পৰিছে। সেইখিনি সময়তে উৰ্মিলাই তাইৰ আইতাকৰ সৈতে অকণমান কথা পাতিছে আৰু গণ্ডিত ক’ত মেলেৰিয়াৰ চিকিৎসা কৰাব পাৰি আৰু পুষ্টি কেনেকৈ পাব সেইবিষয়ে বুজাই কয়। নাৰায়নপুৰ জিলাত ৭৮ শতাংশ বাসিন্দাই গণ্ড সম্প্ৰদায়ৰ।

“মই তেওঁলোকৰ মাজৰে এজন (গণ্ড সম্প্ৰদায়ৰ)। গণ্ডি, হালবি, চত্তীশগড়ী আৰু হিন্দী ভাষাত ক’ব পাৰো। ভালকৈ তেওঁলোকৰ সৈতে কথা পাতি বুজিবলগীয়া হয়,” উৰ্মিলাই কয়। “ইংৰাজী কওঁতে মোৰ অকণমান অসুবিধা হয়, কিন্তু মই বুজি পাওঁ।”

মানুহৰ সৈতে এনেদৰে দিহা-পৰামৰ্শৰ মাজেৰে কথা পতা কামটো তেওঁ বৰ ভাল পায়, কামটোৰ সেই সময়খিনি তেওঁ প্ৰিয়। “মানুহক লগ কৰি তেওঁলোকৰ ঘৰলৈ যোৱা কামটো মই ভাল পাওঁ,” তেওঁ কয়। “প্ৰতিদিনে মই ২০ৰ পৰা ৬০ জন পৰ্যন্ত মানুহ লগ পাওঁ। তেওঁলোকৰ সমস্যা আৰু জীৱনবোৰৰ বিষয়ে জানি ভাল লাগে। মই লেকছাৰ নিদিও, অন্ততঃ মই তেনেদৰে নাভাবো!” তেওঁ হাঁহি মাৰি কয়।

ভাতিবেলা এক বাজিছে। উৰ্মিলাই পুৱা ঘৰতে বনাই অনা সেউজীয়া শাকভাজি আৰু ৰুটিৰ টিফিনটো উলিয়াইছে। ঘৰে ঘৰে সাক্ষাৎ কৰা কামটোলৈ দেৰি হ’ব বুলি তেওঁ সোনকালে টিফিনটো শেষ কৰিব চাইছে। উৰ্মিলাই প্ৰতিদিনে তেওঁৰ গিয়েৰ নথকা স্কুটাৰত পিছপিনে সাৱিত্ৰীক উঠাই লৈ (তেওঁ হালবি আদিবাসী সম্প্ৰদায়ৰ) ৩০ কিলোমিটাৰ মান ঘূৰি গাঁৱৰ মানুহৰ খতিয়ান লয়। তেওঁলোকে ঘূৰা গাওঁবোৰ ঘন জংগলৰ মাজে মাজে আছে, সেয়ে দুজন যোৱাটো নিৰাপদ।

এনেদৰে কাম কৰি উৰ্মিলা আৰু তেওঁৰ টিমটোৱে ১০ৰ পৰা ১৬ কিলোমিটাৰ ব্যাসাৰ্ধৰ ছখন গাঁৱৰ প্ৰায় ২৫০০ লোকলৈ স্বাস্থ্যসেৱা আগবঢ়ায়। তেওঁলোকে সাক্ষাৎ কৰা ৩৯০ ঘৰ পৰিয়ালৰ প্ৰায়ভাগেই গণ্ড আৰু হালবি আদিবাসী লোক, কিছুসংখ্যক দলিত সম্প্ৰদায়ৰ।

Savitri pricking Suhani’s finger for the malaria test. Right: Manki, Savitri and Bejni giving bitter malaria pills to Suhani
PHOTO • Priti David
Savitri pricking Suhani’s finger for the malaria test. Right: Manki, Savitri and Bejni giving bitter malaria pills to Suhani
PHOTO • Priti David

মেলেৰিয়াৰ পৰীক্ষা কৰাৰ বাবে সাৱিত্ৰীয়ে সুহানীৰ আঙুলিৰ পৰা তেজ লৈছে সোঁফালেঃ মানকি , সাৱিত্ৰী আৰু বেজনীয়ে সুহানীক মেলেৰিয়াৰ তিতা বড়ি খুৱাইছে

তেওঁলোকে মাহৰ নিৰ্দিষ্ট এটা দিনত নিৰ্দিষ্ট ঠাই এখনলৈ যায়, সেই দিনটোক গ্ৰামীণ স্বাস্থ্য স্বচ্ছতা আহাৰ দিৱস (স্বাস্থ্য, অনাময় আৰু পুষ্টি দিৱস) বুলি কোৱা হয়। এই দিনটোত উৰ্মিলা আৰু তেওঁৰ সহকৰ্মীসকলে (এগৰাকী পুৰুষ আৰু আন এগৰাকী মহিলা আৰ.এইছ.অ’) টিকাকৰণ, জন্মৰ পঞ্জীয়ন আৰু মাতৃৰ স্বাস্থ্যকে ধৰি ২৮ টা ৰাষ্ট্ৰীয় কাৰ্য্যসূচীৰ তৃণমূল পৰ্য্য়ায়ৰ কাম কিমান আগবাঢ়িছে, সেয়া চায়।

তালিকাখন বৰ দীঘল, উৰ্মিলা আৰু আন আৰ.এইছ.অ’.সকলে জনস্বাস্থ্য ব্যৱস্থাটোৰ তৃণমূল পৰ্য্যায়ত এই কামবোৰ সম্পাদন কৰে। তেওঁলোকৰ ওপৰতে জিলা এখনৰ তত্বাৱধায়ক, খণ্ড ডাক্তৰ, খণ্ড চিকিৎসা বিষয়া আৰু মুখ্য চিকিৎসা বিষয়াই নিৰ্ভৰ কৰে।

“আৰ.এইছ.অ’.সকল হৈছে স্বাস্থ্যসেৱাৰ সন্মুখশাৰীৰ কৰ্মী, তেওঁলোকেই স্বাস্থ্য ব্যৱস্থাটোৰ সন্মুখত থাকি প্ৰতিনিধিত্ব কৰে। তেওঁলোক অবিহনে আমি অসহায় আৰু আশাহীন হৈ পৰো,” নাৰায়নপুৰ জিলাৰ ৭৪ গৰাকী মহিলা আৰু ৬৬ গৰাকী পুৰুষ আৰ.এইছ.অ’.ৰ চি.এম.অ’. ডা. গোটায়ে কয়। “তেওঁলোকেই শিশু আৰু প্ৰসূতিৰ স্বাস্থ্য, মানসিক স্বাস্থ্য, যক্ষ্মা, কুষ্ঠ আৰু ৰক্তহীনতা আদিৰ ওপৰত নজৰ ৰাখে। তেওঁলোকৰ কাম কেতিয়াও থমকি নৰয়।”

কিছুদিনৰ পাছতে, হালমিনুনমেটাৰ পৰা ১৬ কিলোমিটাৰমান দূৰৰ মেলচুৰ গাঁৱত স্বাস্থ্য, অনাময় আৰু পুষ্টি দিৱসৰ দিনা উৰ্মিলাই প্ৰায় ১৫ গৰাকী মহিলাক স্বাস্থ্য পৰামৰ্শ দিয়ে, তাৰে প্ৰায়ভাগৰেই কণ কণ ল’ৰা-ছোৱালী আছে।

তাতে ফুলকুঁৱৰ কাৰাংগা ৰৈ আছে, তেওঁ গণ্ড আদিবাসী সম্প্ৰদায়ৰ (চত্তীশগড়ত অনুসূচিত জাতি হিচাপে অন্তৰ্ভূক্ত)। কেইদিনমান আগতে উৰ্মিলাই ইয়ালৈ সাক্ষাৎ কৰিবলৈ আহোতে ফুলকুঁৱৰে কৈছিল যে তেওঁ গাটো বৰ দূৰ্বল আৰু অৱসাদ অনুভৱ কৰে। তেওঁ ৰক্তহীনতাত ভোগা বুলি অনুমান কৰি উৰ্মিলাই তেওঁক আইৰনৰ বড়ি খাবলৈ পৰামৰ্শ দিছিল আৰু এতিয়া তেওঁ সেই বড়ি ল’বলৈ আহিছে। আবেলি ২ বাজিছে আৰু তেওঁ দিনটোৰ শেষৰজন ৰোগী।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০১৫-১৬)ত উল্লেখ কৰা মতে চত্তীশগড়ৰ ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ প্ৰায় আধা সংখ্যকেই (৪৭ শতাংশ) ৰক্তহীনতাত ভূগি আছে। একেদৰে ৰাজ্যখনৰ ৪২ শতাংশ শিশুৱেও ৰক্তহীনতাত ভূগি আছে।

Savitri pricking Suhani’s finger for the malaria test. Right: Manki, Savitri and Bejni giving bitter malaria pills to Suhani
PHOTO • Priti David

উৰ্মিলাই প্ৰতিদিনে তেওঁৰ গিয়েৰ নথকা স্কুটাৰত পিছপিনে সাৱিত্ৰীক উঠাই লৈ ৩০ কিলোমিটাৰ মান বাট বাই গাঁৱৰ মানুহৰ খতিয়ান লয় তেওঁলোকে ঘূৰা গাওঁবোৰ ঘন জংগলৰ মাজে মাজে আছে , সেয়ে দুজন যোৱাটো নিৰাপদ

বিয়া হোৱাৰ আগতেই কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰত ৰক্তহীনতাৰ এই সমস্যা সমাধান কৰাটো সহজ কাম নহয়। “ছোৱালীবোৰক ১৬ কি ১৭ বছৰ বয়সত বিয়া দি দিয়া হয় আৰু তেনে বয়সৰ ছোৱালীৱে মাহেকীয়া দুই-তিনিবাৰ নহ’লে আৰু গৰ্ভধাৰণ কৰা বুলি অনুমান কৰিলেহে আমাৰ ওচৰলৈ আহে। প্ৰাক-প্ৰসৱকালীন পৰিপুৰক যেনে আইৰন আৰু ফলিক এচিড আদি অত্যাৱশ্যকীয় দৰৱ দিবলৈ ৰৈ যায়,” পঞ্জীয়ন বহীত কিবা লিখি থকা অৱস্থাত তেওঁ কয়।

গৰ্ভনিৰোধৰ বিষয়ে পৰামৰ্শ দিয়াটোও উৰ্মিলাৰ আন এটা ডাঙৰ কাম আৰু তেওঁ এইটো দিশত পৰিৱৰ্তন আনিব বিচাৰে। “মই তেওঁলোকক বিয়া হোৱাৰ আগত কেতিয়াও নেদেখো, সেয়ে সন্তানৰ মাজত ব্যৱধান ৰখাৰ কথাও ক’বলৈ নাপাও,” তেওঁ কয়। সেয়ে উৰ্মিলাই মাহত এবাৰ এখনকৈ স্কুললৈ গৈ ছোৱালীবোৰৰ সৈতে কথা পাতে, লগতে গাঁৱৰ বয়সস্থ মহিলাৰ সৈতেও এই আশাত কথা পাতে যাতে তেওঁলোকে ছোৱালীহঁতক সেই স্বাস্থ্য বিষয়ক কথাবোৰ বুজাই দিয়ে আৰু সিহঁতৰ কিবা খবৰ থাকিলে জনায়।

উৰ্মিলাই যেতিয়া ২০০৬ত আৰ.এইছ.অ’. হিচাপে কাম আৰম্ভ কৰিছিল, তেতিয়া গৰ্ভনলীচ্ছেদ কৰোৱা প্ৰথমগৰাকী মহিলা আছিল ফুলকুঁৱৰ, তেওঁৰ বয়স এতিয়া ৫২ বছৰ। দহ বছৰত তেওঁ চাৰিটাকৈ ল’ৰা আৰু এজনী কন্যাসন্তান জন্ম দিছিল। পৰিয়ালৰ কেইবিঘামান মাটিৰে কেনেকৈ এই বাঢ়ি অহা পৰিয়ালটো পোহপাল দিব সেই কথা ভাবি তেওঁ গৰ্ভধাৰণ নকৰাৰ উপায় বিচাৰিছিল। “মোৰ অস্ত্ৰোপচাৰৰ পৰা আৰম্ভ কৰি নাৰায়নপুৰৰ জিলা হস্পিতাললৈ লৈ যোৱালৈকে সকলোখিনিতে উৰ্মিলা আছিল। তেওঁ মোৰ লগত থাকিছিল আৰু পিছদিনা ঘৰলৈ লৈ আহিছিল,” তেওঁ মনত পেলায়।

এই দুগৰাকী মহিলাৰ মাজৰ সম্পৰ্কটো টিকি থাকিল, যেতিয়া ফুলকুঁৱৰৰ ল’ৰাৰ বিয়া হ’ল আৰু তেওঁৰ প্ৰথমটো সন্তান জন্ম পালে, তেতিয়া তেঁৱেই বোৱাৰীক উৰ্মিলাৰ ওচৰলৈ লৈ গ’ল যিয়ে তেওঁক দুই সন্তানৰ মাজত ব্যৱধান ৰখাৰ তাৎপৰ্য্য শিকাইছিল।

“মই প্ৰতি দুই বছৰৰ মূৰে মূৰে গৰ্ভৱতী হৈছিলো আৰু কিমান কষ্ট সহিব লাগে জানিছিলো,” শাড়ীখন ঠিক-ঠাক কৰি যাবলৈ ওলোৱাৰ আগেয়ে আইৰনৰ বড়িকেইটা কঁকালৰ খোঁচনিত ভৰাই লৈ তেওঁ কয়। তেওঁৰ দুয়োগৰাকী বোৱাৰীয়ে এতিয়া কপাৰ-টি লগাইছে আৰু আকৌ এবাৰ গৰ্ভধাৰণ কৰালৈ মাজ ৩ৰ পৰ ৬ বছৰ ৰৈছে।

Left: Phulkuwar Karanga says, 'I got pregnant every two years, and I know the toll it takes'. Right: Dr. Anand Ram Gota says, 'RHOs are frontline health workers, they are the face of the health system'
PHOTO • Urmila Dagga
Left: Phulkuwar Karanga says, 'I got pregnant every two years, and I know the toll it takes'. Right: Dr. Anand Ram Gota says, 'RHOs are frontline health workers, they are the face of the health system'
PHOTO • Courtesy: Dr. Gota

বাওঁফালেঃ ফুলকুঁৱৰ কাৰাংগাই কয়, ‘মই প্ৰতি দুই বছৰৰ মূৰে মূৰে গৰ্ভৱতী হৈছিলো আৰু কিমান কষ্ট সহিব লাগে জানিছিলো।’ সোঁফালেঃ ডা. আনন্দ ৰাম গোটাই কয়, ‘আৰ.এইছ.অ’.সকল হৈছে সন্মুখশাৰীৰ স্বাস্থ্যকৰ্মী, তেওঁলোকেই স্বাস্থ্য ব্যৱস্থাটোৰ তৃণমূল কৰ্মী’

এটা বছৰত উৰ্মিলাই ১৮ বছৰ বা তাতোকৈ কম বয়সৰ অবিবাহিত ছোৱালীৰ অতিকমেও তিনিটা অনাকাংক্ষিত গৰ্ভধাৰণৰ কে’ছ পায়। তেওঁলোকক প্ৰায়ে মাকহঁতে লৈ আনে আৰু গৰ্ভপাত কৰাব খোজে। গৰ্ভপাত সাধাৰণতে জিলা হস্পিতালত কৰোৱা হয়। ছোৱালীজনীৰ অৱস্থাটোক লৈ তেওঁলোকে ‘লুকা-ভাকু’ খেলে বুলি উৰ্মিলাই কয়। “ছোৱালীজনী গৰ্ভধাৰণ কৰা বুলি আমাৰ পৰীক্ষাত ধৰা পৰিলে তেওঁলোকে খঙেৰে সেই কথা নাকচ কৰে আৰু চিৰাহা (স্থানীয় বৈদ্য)ৰ ওচৰলৈ যায়, নাইবা মন্দিৰলৈ গৈ মাহেকীয়া আকৌ আৰম্ভ হোৱাৰ কাৰণে প্ৰাৰ্থনা জনায়,” তেওঁ কয়। ৰা.প.স্বা.স.-৪-ত উল্লেখ কৰা মতে ৰাজ্যখনৰ ৪৫ শতাংশ গৰ্ভপাত ঘৰতে কৰোৱা হৈছে।

আৰ.এইছ.অ’.সকলে পুৰুষসকলক কটু সমালোচনা কৰি কয় যে তেওঁলোকক কেতিয়াও হস্পিতালত দেখা নাযায়। “ইয়ালৈ তেওঁলোক কাচিৎহে আহে (এছ.এইছ.চি.লৈ)। পুৰুষে ভাবে যে গৰ্ভধাৰণৰ বিষয়টো মহিলা সমস্যা। নগন্যসংখ্যক পুৰুষেহে বন্ধ্যাকৰণ কৰায়, মহিলালৈ এই বিষয়টো এৰে। আনকি সিহঁতে উপ স্বাস্থ্যকেন্দ্ৰৰ পৰা কণ্ডম কিনি আনিবলৈকো মহিলাকে জোৰ কৰে!”

এবছৰত এজনমান পুৰুষেহে বন্ধ্যাকৰণ কৰায়, উৰ্মিলাই কয়। “এইটো বছৰত (২০২০) আমাৰ গাওঁখনৰ এজনেও পুৰুষ বন্ধ্যাকৰণ নকৰালে,” তেওঁ উল্লেখ কৰে। “আমি পৰামৰ্শহে দিব পাৰো, জোৰ কৰিব নোৱাৰো। কিন্তু আশা কৰোঁ ভৱিষ্যতে অধিকসংখ্যক পুৰুষ ইয়াৰ বাবে আগবাঢ়ি আহিব।”

তেওঁৰ দীঘলীয়া কৰ্মদিনটো পুৱা ১০ বজাত আৰম্ভ হয়, সন্ধিয়া ৫ মান বজাত শেষ হয়। আৰক্ষী বিভাগত কাম কৰা তেওঁৰ স্বামী ৪০ বছৰ বয়সীয়া কনহায়া লাল দুগ্গা ঘৰলৈ উভতা প্ৰায় একেটা সময়তে তেওঁ হালামিমুনমেটাৰ ঘৰলৈ তেওঁ উভতে। তাৰ পাছত তেওঁ তেওঁলোকৰ ছবছৰীয়া কন্যা পালকৰ সৈতে বহি তাইৰ গৃহকৰ্ম কৰায় আৰু ঘৰৰ কাম চম্ভালে।

উৰ্মিলাই সদায়ে তেওঁৰ মানুহখিনিৰ কাৰণে কিবা কৰাৰ হেঁপাহ পুহি ৰাখিছিল আৰু এই কামটোত তেওঁৰ কষ্ট হয় যদিও কামটো কৰি সন্তুষ্টি পায়। “এই কামটোৱে মোক সন্মান দিছে। মই যিকোনো গাঁৱলৈ গ’লে মানুহে মোক আদৰি নিয়ে আৰু মোৰ কথা শুনে। এয়া মোৰ কাম,” তেওঁ কয়।

অনুবাদ: পংকজ দাস

Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das