মনজিত কৌৰে গোহালিৰ ইটা-মাটিৰ মজিয়াৰ পৰা দুয়োখন হাতেৰে ম’হৰ গোবৰ তুলিছে। গোৰোহাৰ ওপৰৰত ভৰ দি বহা ৪৮ বছৰ বয়সীয়া মনজিতে মজিয়াত লাগি থকা অৱশিষ্ট গোবৰখিনি তুলি চৰিয়া এটাত ভৰাইছে, তাৰপাছত মূৰৰ ওপৰত লৈছে। সাৱধানে সেই বোজা মূৰৰ ওপৰত ভাৰসাম্য ৰাখি চৌহদটোৰ কাঠৰ জপনাখন তেওঁ পাৰ হৈছে, ৫০ মিটাৰমান দূৰত থকা গোবৰনিত সেয়া নিক্ষেপ কৰিছে। গোবৰনিত দ’মটো তাইৰ বুকুৰ সমান ওখ হৈছে, সেয়া তাইৰ মাহজোৰা শ্ৰমৰ সাক্ষী।
এপ্ৰিলৰ প্ৰখৰ ৰ’দ পৰিছে। আধা ঘণ্টা সময়ত মনজিতে আঠবাৰ এনেকৈ গোবৰ পেলাইছে। শেষত তেওঁ দমকলৰ পানীত চৰিয়াটো খালি হাতেৰে ধুইছে। দিনটোৰ বাবে ঘৰ এৰাৰ আগেয়ে তেওঁ ষ্টীলৰ পাত্ৰ এটাৰ আধামানলৈকে ম’হৰ গাখীৰ ভৰাইছে, সেয়া তাইৰ নাতিল’ৰাটোৰ কাৰণে।
ৰাতিপুৱা ৭ বজাৰ পৰা এয়া তেওঁ ছয় নম্বৰ ঘৰৰ কাম সামৰিছে, এই আটাইবোৰ ঘৰ জাট শিখসকলৰ। তেওঁৰ নিজৰ গাওঁ তৰন তাৰন জিলাৰ হৱেলিয়া গাঁৱৰ উচ্চ জাতৰ ভূ-স্বামীৰ ঘৰ।
“মজবুৰি হ্যে,” তেওঁ কয়। এনেকৈ গোহালি চাফা কৰি তেওঁ পেট পোহে। এদিনত কিমান গোবৰ তেওঁৰ মূৰত বোজাই কৰি নিয়ে, তেওঁ হিচাপ কৰা নাই, কিন্তু তেওঁ কয়, “বড়া চিৰ দুখতা হ্যে, ভাৰ চুকে চুকে (ইমান ওজন দাঙি দাঙি মোৰ মূৰ বিষায়)।”
তেওঁৰ ঘৰমুৱা বাটত দুয়োপাৰে সোণোৱালী ঘেঁহুৰ খেতি দুৰ-দিগন্তলৈ বিয়পি আছে। সেয়া পাঞ্জাৱত এপ্ৰিল মাহত উদযাপিত শস্য চপোৱা উৎসৱ বৈশাখীৰ পিছতে চপোৱা হ’ব। গন্দিৱিণ্ড ব্লকৰ বেছিভাগ খেতিমাটি হৱেলিয়াৰ জাত শিখ সম্প্ৰদায়ৰ লোকৰ। তেওঁলোকে তাত ঘেঁহু আৰু ধানখেতি কৰে।















