প্ৰহ্লাদে তেওঁৰ গৰুকেইটা বচোৱাৰ চেষ্টা কৰিছে। কিন্তু তাৰ বাবে তেওঁৰ তিনি একৰ মাটিৰ মধুৰিআমৰ খেতি খন শুকাই মৰি যাবলৈ এৰি দিব লাগিব।
‘কিবা এটা বাচি ল’বই লাগিব,’ সাতৰ পৰা ৮ ফুট উচ্চতাৰ শাৰী শাৰী মধুৰিআমৰ গছবোৰৰ মাজত থিয় হৈ চলচলীয়া চকুৰে ৪৪ বৰ্ষীয় প্ৰহ্লাদে কৈ গ’ল। ‘মই যি পাৰো সকলো কৰিছোঁ, মোৰ গাঁঠিৰ ধন ভাঙিছোঁ, গহনা-গাঁঠৰি বিক্ৰী কৰিছোঁ...কিন্তু এনেদৰে কিমানদিন পানী কিনি গছবোৰ জীয়াই ৰাখিম। শেষত মই মোৰ গৰুকেইটাকে বচোৱাৰ সিদ্ধান্ত লৈছো। বুকুত শিল ৰাখি এই সিদ্ধান্তত উপনীত হৈছোঁ।’
এবাৰ বিক্ৰী কৰি দিলে গৰু পাবলৈ টান। মহাৰাষ্ট্ৰ চৰকাৰৰ খৰাং সাহায্যৰ বাবে বীৰ জিলাৰ তেওঁৰ গাওঁ ভড়গাঁও ধোকৰ সমীপতে এপ্ৰিল মাহত গৰুৰ শিবিৰ পাতিছিল। প্ৰহ্লাদে স্থানীয় বজাৰৰ পৰা গাইপতি ১ লাখ টকাকৈ ক্ৰয় কৰা দুটা গীৰ গৰুৰ লগতে মুঠ ১২ টা গৰু শিবিৰলৈ লৈ যোৱা হৈছিল। কিন্তু খেতি পথাৰ এৰি দিয়া মানে যি ক্ষতি হ’ব সেয়া অপূৰণীয়।
‘মোৰ সৰুটো ভাই চাৰি বছৰ আগতে লক্ষ্ণৌলৈ গৈছিল, তাৰে পৰাই সি মধুৰিআমৰ পুলি আনিছিল,’ তেওঁ কয়। ‘বাগিচাখন ডাঙৰ কৰোঁতে প্ৰহ্লাদৰ পৰিয়ালটোক চাৰি বছৰ সময় লাগিছিল। কিন্তু নেৰানেপেৰাকৈ পৰা খৰাঙৰ পিছত ২০১৮ত হোৱা তীব্ৰ খৰাঙে আৰু শুকান মাৰাথৱাড়া অঞ্চলৰ পানীৰ তীব্ৰ নাটনিয়ে তেওঁৰ কঁকাল ভাঙিলে।’
ৰাজ্যখনৰ কিছুমান টেহচিলত প্ৰতিবছৰে খৰাং আৰু পানীৰ নাটনিয়ে দেখা দিয়াৰ সময়তে ২০১২-১৩ কৃষি বৰ্ষত সমগ্ৰ মাৰাথৱাড়া অঞ্চলত তীব্ৰ খৰাঙে মুৰ দাঙি উঠে (২০১২ৰ মৌচুমী বায়ুৰ প্ৰভাৱ নপৰাৰ ফলত ২০১৩ৰ গ্ৰীষ্মকালত পানীৰ তীব্ৰ নাটনিয়ে দেখা দিছিল)। তাৰ পিছত ২০১৪-১৫ আৰু এতিয়া ২০১৮-১৯ত পুনৰ্বাৰ তীব্ৰ খৰাঙৰ প্ৰকোপ পৰে। ২০১২ৰ পৰা প্ৰতি বছৰে গ্ৰীষ্মকালত পানীৰ নাটনি বাঢ়ি আহিছে। তদুপৰি বতৰ সম্পৰ্কীয় খৰাং (মৌচুমী বায়ুৰ বিফলতা), কৃষিজাত খৰাং (খাৰিফ আৰু ৰবি শস্যৰ বিফলতা) আৰু জল সংক্ৰান্ত খৰাং (ভূজল স্তৰৰ নিঃশেষকৰণ)অৱস্থা মাৰাথৱাড়াত তীব্ৰতৰ হোৱা দেখা গৈছে।
ভড়গাওঁ ঢোক গাওঁখন জিওৰাই টেহচিলৰ অন্তৰ্গত। জিওৰাই হৈছে মহাৰাষ্ট্ৰ চৰকাৰে ২০১৮ৰ অক্টোবৰত খৰাংপীড়িত বুলি ঘোষণা কৰা ১৫১ খন টেহচিলৰ এখন। জিওৰাইত দীৰ্ঘদিনীয়া গড় বৃষ্টিপাত ৬২৮ মি.মি.ৰ বিপৰীতে ২০১৮ৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ বৃষ্টিপাত ৫০ শতাংশ কমকৈ হৈছিল, সেয়া আছিল ২৮৮ মি.মি.। এয়া ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য। খেতিৰ বাবে গুৰুত্বপূৰ্ণ ছেপ্তেম্বৰ মাহত গড় বৃষ্টিপাত ১৭০ৰ বিপৰীতে বৃষ্টিপাত আছিল মাত্ৰ ১৪.২ মি.মি.।









