গোপীনাথ নাইকবাড়ী মুম্বাইলৈ পদব্ৰজে হ’বলগীয়া প্ৰতিবাদী সমদলত ভাগ লোৱাৰ বাবে নাচিকলৈ আহিছিল৷ "আমি এবছৰ অপেক্ষা কৰিলো, কিন্তু চৰকাৰে আমাৰ এটাও দাবী পুৰণ নকৰিলে৷ এইবাৰ আমাৰ দাবীসমূহ কাৰ্যকৰ নকৰালৈকে আমি উভতি নাযাও৷" মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ অকোলা তালুকৰ তাম্ভোল গাঁৱৰ ৮৮ বৰ্ষীয় কৃষকজনে ক’লে৷
নাইকবাড়ীয়ে চাৰি একৰ মাটিত খেতি কৰিছিল৷ তাৰে এক একৰ মাটিৰ মালিক তেঁও নিজে আৰু বাকীখিনি মাটি বন বিভাগৰ৷ কিন্তু বিগত এবছৰ ধৰি তেঁও কেৱল এক একৰ মাটিতে খেতি কৰি আহিছে৷ "গাঁৱত পিয়াহৰ পানীটুপিও নাই৷ খেতি ক’ৰপৰা কৰিম?" নাচিক জিলাৰ বিলহোলি গাঁৱৰ দাঁতিত তেঁও মোক এই প্ৰশ্ন কৰিলে৷ তাৰ পৰাই ২১ ফেব্ৰুৱাৰীৰ দিনা দুপৰীয়া ২ বাজি ৩০ মিনিটত হাজাৰ হাজাৰ কৃষকে দুপৰীয়াৰ আহাৰ খোৱাৰ বাবে ৰৈছিল৷ তেঁও নাচিকৰ পৰা ইয়ালৈকে ১০ কিলোমিটাৰ বাট তিনি ঘণ্টাত অতিক্ৰম কৰি আহি এইখিনি পাইছিল৷ অকোলা তালুকৰ প্ৰায় ২৫০ জনমান কৃষক নাইকবাড়ীৰ সৈতে তালৈ আহিছিল৷



