নিজৰ প্ৰিয় বাছ আস্থানক লৈ সুৰেশ মেহেন্দালে চিন্তিত। তেওঁৰ অনুপস্থিতিত হয়তো তাৰ চৌহদটো কোনো চাফা কৰাই নাই। তেওঁ প্ৰতিদিনে মৰমতে বিস্কুট খুওৱা সেই কুকুৰৰ পোৱালীকেইটা হয়তো ভোকত আছে। পুণে জিলাৰ মুলছি তালুকাৰ পৌড়ৰ বাছ আস্থানত থকা তেওঁৰ সেই অনুসন্ধান কক্ষৰ দ্বাৰ বন্ধ হৈ থকা এমাহৰ বেছি হ’ল। পৌড় হৈ যাবলগীয়া বা আহিবলগীয়া বাছবোৰৰ তেঁৱেই হিচাপ ৰাখে।
“মই যোৱা ২৮ দিন ধৰি পৌড়লৈ যোৱা নাই। আশা কৰিছো তাত সকলো ঠিকেই আছে,” মই স্বাৰগেটৰ বাছ আস্থানত যোৱা ২৬ নৱেম্বৰত লগ পোৱা ৫৪ বছৰীয়া মেহেন্দালেই এনেদৰেই কৈছিল। তেওঁৰ নিজৰ বাছ আস্থানৰ পৰা ৩৫ কিলোমিটাৰ দূৰত স্বাৰগেট আস্থানৰ প্ৰৱেশদ্বাৰত স্থাপন কৰা তম্বুত তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহন নিগম (এমএছআৰটিচি)ৰ আন সহকৰ্মীৰ সৈতে ধৰ্ণাত অংশ লৈছে। যোৱা ২৭ অক্টোবৰৰ পৰা সমগ্ৰ ৰাজ্যৰ এমএছআৰটিচি-ৰ শ্ৰমিক সকলে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিছে।
ৰাজ্যিক পৰিবহনৰ প্ৰায় ২৫০ জন কণ্ডাক্টৰ আৰু ২০০ জন ড্ৰাইভাৰে এই ধৰ্মঘটত ভাগ লৈছে। “এজন ৰাজ্যিক পৰিবহনৰ শ্ৰমিকৰ মৃত্যু(আত্মহত্যা)ত হোৱা প্ৰতিবাদৰ পৰা এই ধৰ্মঘটৰ আৰম্ভ হৈছিল। যোৱা বছৰ প্ৰায় ৩১ জন শ্ৰমিক আত্মঘাতী হৈছে।” মেহেন্দোলেই ঘটনাক্ৰমৰ ব্যাখ্যা কৰি কয়। তেওঁক লগ পোৱাৰ তিনিদিনৰ ভিতৰতে আন দুজন শ্ৰমিকে আত্মহত্যা কৰিছে। দৰমহা পোৱাত পলম হোৱাৰ বাবে ৰাজ্যিক পৰিবহনৰ শ্ৰমিকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ লগতে এই পৰিস্থিতিৰ অৱনতি ঘটিছে। মাল-বস্তু পৰিবহনৰ বাহিৰে নিগমৰ আয়ৰ অন্য কোনো পথ নাই।








