“আমাক এনেকৈ তিল তিলকৈ মৰাতকৈ নেদেখাজনে সকলোকে একেলগে মাৰি নিব পাৰিলেহেঁতেন,” ২৬ মে’ৰ প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত অহা প্ৰৱল ঢৌৱে সুন্দৰবনৰ মৌচুনী দ্বীপ থানবান কৰি পেলোৱাত গৃহহাৰা কৃষক আজহাৰ খানে দুখেৰে কয়।
বংগ উপকূলত সিদিনাৰ প্ৰৱল জোৱাৰ-ভাটা আৰু চক্ৰবাতে মুড়িগংগা নদীত প্ৰচণ্ড উজান আনে। সেই ঢৌ আনদিনাতকৈ ১-২ মিটাৰ ওপৰলৈ উঠিছিল। নদীৰ পানীয়ে মথাউৰি ভাঙে আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰ ডুবাই পেলোৱাত ঘৰ-বাৰী, খেতি-বাতিৰ প্ৰচুৰ ক্ষতিসাধন হয়।
২৬ মে’ৰ দিনা বেলি ভাতি দিয়াৰ ঠিক আগে আগে ওড়িশাৰ বালাশোৰৰ কাষত, মৌচুনীৰ দক্ষিণ-পশ্চিম দিশে প্ৰায় ৬৫ সামূদ্ৰিক মাইল দূৰত ইয়াছ ঘূৰ্ণীবতাহৰ স্থলাগম ঘটে। তাৰ লগে লগে প্ৰৱল ধুমুহাৰ সৃষ্টি হয়। এই প্ৰচণ্ড চক্ৰবাতীয় ধুমুহাই ঘণ্টাত ১৩০-১৪০ কিলোমিটাৰ বেগত গতি কৰিছিল।
“আমি ধুমুহা অহা দেখিছিলো আৰু ভাবিছিলো যে আমাৰ ঘৰৰ বস্তু-বাহিনী নিবলৈ সময় পাম। কিন্তু তেনেতে গাঁৱৰ ভিতৰলৈ হোৰাহোৰে পানী সোমাই আহিল,” বাঘদাঙা মৌজা(গাওঁ)ৰ মাজুৰা বিবিয়ে কয়। মৌচুনীৰ পশ্চিমে মুড়িগংগা নদীৰ মথাউৰিৰ কাষত তেওঁৰ ঘৰ। “আমি প্ৰাণৰ মমতাত দৌৰিলো, কিন্তু আমাৰ বস্তু-বাহিনী বচাব নোৱাৰিলো। আমাৰ বহুতেই প্ৰাণ বচাবলৈ গছৰ ওপৰত উঠিল।”
বাঘদাঙা, বালিয়াৰা, কুসুমতালা আৰু মৌচুনী- এই চাৰিখন গাঁৱলৈ নাও আৰু ফেৰি নেৰেনেপেৰা বৰষুণৰ বাবে তিনিদিন ধৰি বন্ধ আছিল। ২৯ মে’ৰ দিনা ৰাতিপুৱা মই মৌচুনী পাওতে দ্বীপটোৰ প্ৰায়ভাগ অঞ্চলেই জলমগ্ন হৈ আছিল।
মোৰ খেতিমাটিখিনি লুণীয়া পানীয়ে বুৰাই পেলালে, বাঘদাঙাৰ আশ্ৰয় শিবিৰত লগ পাওঁতে অভিলাস চৰ্দাৰে মোক কয়। “আমি খেতিয়কবোৰে জীৱিকা হেৰুৱাইছো,” তেওঁ কয়। “অহা তিনি বছৰলৈ মই সেই মাটিখিনিত একো কৰিব নোৱাৰিম। আকৌ সাৰুৱা হৈ উঠিবলৈ মাটিখিনিক সাত বছৰ পৰ্যন্ত লাগিব পাৰে।”




















