“দৌল্লু কুনিতা বজোৱাত আমি ল’ৰাবোৰতকৈ ভাল, সিহঁতে আমাৰ সমান নোৱাৰে,” ১৫ বছৰীয়া বিজয় লক্ষ্মীৰ কথাটোত আছিল অপাৰ আত্মবিশ্বাস।
সেই শীৰ্ণ শৰীৰৰ পাতল ছোৱালীহঁতৰ খীণ কঁকালত গধুৰ একো একোটা ঢোল। কিন্তু তথাপিও সিহঁতে নিখুঁতকৈ চক্ৰাকাৰে ঘূৰি নাচিছে, চকুৰ পচাৰতে ক্ৰীড়াকৌশল কৰি দেখুৱাইছে, এই সকলোবোৰ এটা উৎকৃষ্ট ছন্দোবদ্ধ ৰূপত আগবাঢ়িছে।
এওঁলোক হ’ল কিশোৰী। তেওঁলোকৰ গোটটোৰ আটাইতকৈ বয়সীয়া ছোৱালীজনীয়েই আনকি এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই। অৱশ্যে, ঢোল আৰু নৃত্যৰ শৈলীৰ বাবে শাৰীৰিক শক্তিৰ সবাতোকৈ প্ৰয়োজন, এই ছোৱালীবোৰে সম্পূৰ্ণ শক্তিৰে আৰু অতি সহজে এইদৰে নৃত্য কৰি থকাটো আচৰিত কথা। দৌল্লু কুনিতা কৰ্ণাটকৰ এটা জনপ্ৰিয় লোক নৃত্য। কানাড়াত, ঢোলক 'দৌল্লু' বুলি কোৱা হয়, আনহাতে 'কুনিতা'ৰ অৰ্থ হৈছে নৃত্য। ইয়াক 'গাণ্ডু কেলে' বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে "পুৰুষৰ দক্ষতা" বা "পুৰুষৰ কলা।" শক্তিশালী পুৰুষে কঁকালত ১০ কিলোগ্ৰাম পৰ্যন্ত ঢোল বান্ধি লয় আৰু দ্ৰুত গতিত আৰু উৎসাহেৰে নৃত্য কৰে। পৰম্পৰাগত চিন্তাধাৰা অনুসৰি এই নৃত্য পৰিৱেশন কৰিবলৈ পুৰুষসকল শক্তিশালী আৰু বলৱান হোৱাটো প্ৰয়োজন।
কিন্তু কিছুমান যুৱতীয়ে যেতিয়া এই পৰম্পৰা ভংগ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই পৰম্পৰা ধাৰাই নতুন বাট কাটিছিল। বেংগালুৰুৰ নিকটৱৰ্তী আৰু চহৰৰ মূল এলেকাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত, ধানখেতি আৰু নাৰিকল গছেৰে আৱৰি থকা এই এলেকাটো হেচৰঘাট্টাত আছে। আৰু এই বিস্তীৰ্ণ সেউজীয়াৰ মাজত এই ছোৱালীৰ গোটটোৱে সাংস্কৃতিক আদৰ্শ সলনি কৰাত নামি পৰিছে। এই ছোৱালীবোৰে এই ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে যে 'দৌল্লু কুনিতা' মহিলাসকলৰ বাবে নহয়। তেওঁলোকে পুৰণি বিশ্বাসক উপেক্ষা কৰি গধুৰ ঢোলবোৰ কঁকালত ওলোমাই লৈছে।





