“মই নাজানো শেষত কি কাৰণত তাইৰ মৃত্যু হ’ল, কিন্তু ইমানখিনি জানো যে তাই প্ৰাপ্য চিকিৎসা নাপালে।” ভনীয়েকৰ মৃত্যুৰ ঘটনা বৰ্ণোৱাৰ সময়ত সুভাষ কাবাড়ে কয়।
মহাৰাষ্ট্ৰৰ বীড় জিলাৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ ভগ্নী লতা সুৰভাসে ঢুকোৱাৰ আগদিনা ৰাতি ডাক্তৰে তাইৰ বাবে দুটা জৰুৰীকৈ দিবলগীয়া বেজী লিখি দিছিল। সুভাষে সেয়ে দৌৰাদৌৰিকৈ বাহিৰৰ মেডিকেল ষ্ট’ৰৰ পৰা মিনিটতে বেজীদুটা লৈ আহিল। কিন্তু তেতিয়ালৈ ডাক্তৰজন গ’লগৈ।
“আৰু ভালেমান ৰোগী চাবলৈ থকা কাৰণে তেওঁ দ্বিতীয়টো ৱাৰ্ডলৈ গুছি গৈছিল,” ২৫ বছৰীয়া সুভাষে কয়। “লতাক বেজী দুটা দিবলৈ মই নাৰ্ছ গৰাকীক কওঁতে তেওঁ চাই দেখিলে যে লতাৰ ফাইলত তেনে কোনো বেজীৰ উল্লেখ নাছিল। কেইমিনিটমান আগতে যে ডাক্তৰে সেই বেজী দুটাৰ কথা কৈছে কাৰণে ফাইলত তাৰ উল্লেখ নাই বুলি মই বুজাবলৈ চেষ্টা কৰিছিলো।”
কিন্তু নাৰ্ছগৰাকীয়ে তেওঁৰ কথা নুশুনিলে। বেজী দুটা দিয়াৰ বাবে তেওঁ কাবৌ-কাকূতি কৰোঁতে “ৱাৰ্ডৰ দায়িত্বত থকা লোকজনে চিকিউৰিটিৰ মানুহক মতাৰ ভাবুকি দিলে,” সুভাষে কয়। খামখেয়ালী দূৰ কৰি তেওঁক বেজী দুটা দিয়ালৈকে ইতিমধ্যে এঘণ্টা সময় পাৰ হৈছিল।
দ্বিতীয় দিনা, ১৪ মে’ত লতা ঢুকাল। তেওঁৰ গাত ২৩ এপ্ৰিলৰ দিনা ক’ভিড ধৰা পৰাৰে পৰা হস্পিতালত আছিল। “তাইৰ গা মাজে মাজে ভাললৈ আহিছিল,” বীড় চহৰত ওকালতি কৰা সুভাষে কয়। বেজীকেইটা সময়ত দিয়াহেঁতেন তাই বাচিলহেঁতেন নেকি, তেওঁ নিশ্চিতকৈ নাজানে। কিন্তু হস্পিতালখনত যে কৰ্মচাৰীৰ অতিকৈ নাটনি হৈ আছে, সেই লৈ তেওঁ নিশ্চিত। “ইয়ে ৰোগীৰ ক্ষতি কৰিছে,” তেওঁ কয়।
এই বছৰ মাৰ্চ মাহত দ্ৰুতগতিত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ বিয়পি পৰাত গ্ৰাম্য ভাৰতৰ জনস্বাস্থ্যক পুতৌলগা আন্তগাঁথনিটো ওলাই পৰে। কৰ্মচাৰীৰ নাটনি ঘটা হস্পিতাল, কামত আগ্ৰহ নথকা কৰ্মী আৰু সুচিকিৎসাৰ পৰা বঞ্চিত ৰোগী- গ্ৰামাঞ্চলত বাস কৰা লাখ লাখ লোকৰ বাবে এয়াই ৰাজ্যিক স্বাস্থ্যসেৱা উপলব্ধ।








