ফোনটো কোনোৱে নুঠালে যদিও কলাৰ টিউনটোত ৩০ ছেকেণ্ডৰ বাবে দায়িত্বশীল কণ্ঠ এটাই কৈ থাকিলঃ ‘ক’ৰণাভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো অসম্ভৱ...নিয়মীয়াকৈ চাবোনেৰে হাত ধোৱক আৰু আনৰ পৰা এক মিটাৰ দূৰত্ব বজাই ৰাখক।’
দ্বিতীয়বাৰ ফোন কৰোঁতে বালাচাহেব খেড়কাৰে ফোন উঠালে যদিও কলাৰ টিউনত পৰামৰ্শ দিয়া কথাখিনিৰ সম্পূৰ্ণ বিপৰীত কাম এটা তেওঁ কৰি থকা বুলি জনা গ’ল। তেওঁ পশ্চিম মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ পথাৰত কুঁহিয়াৰ কাটি আছিল। ‘সকলো ক’ৰণাভাইৰাছক লৈ শংকিত,’ তেওঁ কয়। ‘সিদিনা মই মহিলা এগৰাকীক কান্দি থকা দেখিছিলো, তাইৰ চিন্তা যে তাই ঠিকাত কাম কৰিবলৈ গ’লে তাইৰ সন্তানটোলৈ বেমাৰ সংক্ৰমিত হ’ব।’
৩৯ বছৰীয়া খেড়কাৰক জি.ডি. বাপু লাড কোপাৰেটিভ চুগাৰ ফেক্টৰিত শ্ৰমিক হিচাপে কাম দিয়া হৈছিল। মহাৰাষ্ট্ৰত তেতিয়াও চলি থকা কাৰখানাবোৰৰ মাজৰে সিটোও এটা। ২৪ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইৰাছবিধৰ সংক্ৰমণ ৰুধিবলৈ তলাবন্ধ ঘোষণা কৰে যদিও চেনী ‘অত্যাৱশ্যকীয় সামগ্ৰী’ৰ ভিতৰত পৰে হেতুকে দেশজোৰা তলাবন্ধৰ পৰা চেনী উৎপাদনক ৰেহাই দিয়া হয়। তাৰে আগদিনা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উধ্বৱ ঠাকৰেয়ে ৰাজ্যৰ সীমান্ত চিল কৰি আন্তঃৰাজ্যিক চলাচল বন্ধ কৰে।
ৰাজ্যখনত ১৩৫ টা চেনীৰ কাৰখানা আছে। তাৰে ৭২ টা সমবায় আৰু ৬৩ টা ব্যক্তিগত মালিকানাধীন। ৰাজ্যিক সমবায় মন্ত্ৰী বালাচাহেব পাটিলে কয়। ‘ইয়াৰে ৫৬ টা কাৰখানা ২৩ মাৰ্চৰ দিনা বন্ধ হয় আৰু ৭৯ টা চলি আছে,’ তেওঁ ফোনতে কয়। ‘এই কাৰখানাবোৰলৈ অহা কুঁহিয়াৰ কটা কাম পথাৰত এতিয়াও চলি আছে। মাৰ্চৰ শেষলৈ তাৰে কিছুমান কোম্পানীয়ে কাম বন্ধ কৰিব, কিছুমান এপ্ৰিলৰ শেষলৈকে চলাব।’
প্ৰতিটো চেনী কাৰখানাৰ অধীনত বহু একৰ কুঁহিয়াৰ খেতিৰ পথাৰ থাকে। ঠিকাত অনা শ্ৰমিকে সেই পথাৰৰ পৰা কুঁহিয়াৰ কাটি কাৰখানালৈ লৈ আহিব লাগে। কাৰখানাৰ মালিকে ঠিকাদাৰৰ দ্বাৰা সেই শ্ৰমিক নিয়োগ কৰে।
বাৰামতিৰ ছত্ৰপতি চুগাৰ ফেক্টৰিৰ ঠিকাদাৰ হনুমন্ত মুন্ধেয়ে কয় যে তেওঁলোকে আগধন হিচাপে কিছু টকা দি শ্ৰমিকক ‘বুক’ কৰে। ‘ঋতু শেষ হয় মানে তেওঁলোকক দিয়া আগধনৰ জোখাৰে কুঁহিয়াৰ কটাটো ঠিকাদাৰসকলে নিশ্চিত কৰে,’ তেওঁ বুজাই কয়।








