দত্তাত্ৰেয় সুৰৱেৰ ১১ বছৰীয়া পুত্ৰ বিবেক এই সকলৰে মাজৰ এজন। সি ৬ষ্ঠ শ্ৰেণীত পঢ়ে। ‘শিক্ষক কেতিয়াবাহে শ্ৰেণীত উপস্থিত থাকে, আন জিলাৰ বহুতো বিদ্যালয়ত আবণ্টিত ধন হ্ৰাস কৰাৰ ফলত প্ৰায় বিজুলী সৰবৰাহ বন্ধ থাকে। ইয়াৰ পৰা ওলাই পৰে যে ৰাজ্য চৰকাৰে জিলা পৰিষদৰ বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতি গুৰুত্ব নিদিয়ে, দত্তাত্ৰেয় সুৰৱেই ক’লে।
সুৰৱে এজন খেতিয়ক। হ’লেও নিজৰ পুত্ৰক যিমান সম্ভৱ ভাল শিক্ষা দিব বিচাৰে। ‘খেতিৰ কোনো ভবিষ্যত নাই,’ তেওঁ কয়। তেওঁ বিদ্যালয়ৰ মাচুলৰ বাবদ বছৰি ৩০০০ টকা দিব লাগে। ‘তাৰ ভবিষ্যতৰ লগত আপোচ কৰিব নিবিচাৰো বাবেই মই তাক ব্যক্তিগত বিদ্যালয়লৈ লৈ গ’লো,’ সুৰৱেই কয়।
ইয়াৰ উপৰি বহুতো পৰিয়ালে নিজৰ সন্তানে ভালকৈ ইংৰাজী শিকাব বিচাৰে বুলি আহমেদনগৰৰ শিক্ষাবিদ হেৰম্ভ কুলকাৰ্নিয়ে কয়। সেয়ে জিলা পৰিষদৰ স্কুলতকৈ বহুতে ইংৰাজী মাধ্যমৰ স্কুলত গুৰুত্ব দিয়ে, কাৰণ মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম মাৰাঠী।
মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ বিদ্যালয়ত ২০০৭-০৮ত প্ৰথম শ্ৰেণীত ১০ লাখ ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। দহ বছৰৰ পিছত ২০১৭-১৮ত প্ৰায় ৩০,২৪৮ ছাত্ৰ-ছাত্ৰীয়ে বা মাত্ৰ ২.৫ শতাংশই এই বিদ্যালয়সমূহৰ ১০ম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল। এয়া তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা লাভ কৰা তথ্য।
আন এটা কথা মন কৰিব লাগিব যে জিলা পৰিষদৰ স্কুলবিলাকত ৭ম বা ৮ম শ্ৰেণী পৰ্যন্ত থাকে (দশম শ্ৰেণীলৈ নাথাকে), জিলা পৰিষদৰ সদস্যই ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ নকৰে। ২০০৯-১০ত জিলা পৰিষদ বিদ্যালয়ত প্ৰথমমান শ্ৰেণীত সমগ্ৰ ৰাজ্যত ১০ লাখ ১০ হাজাৰ ছাত্ৰ আছিল, আঠ বছৰৰ পিছত ২০১৭-১৮ত ইয়াত এতিয়া ৮ম মান শ্ৰেণীত মাত্ৰ ১২৩,৭৩৯ জন ছাত্ৰ-ছাত্ৰী আছে। এই সময়চোৱাত ৮৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া বাদ দিলে।
প্ৰব্ৰজনৰ বাবেও জিলা পৰিষদৰ স্কুলত ছাত্ৰৰ সংখ্যা হ্ৰাস পাইছে। কামৰ দিনত কৃষক আৰু শ্ৰমিকসকল যেতিয়া আন ঠাইলৈ কাম বিচাৰি যায়, লগত ল’ৰা-ছোৱালীকো লৈ যায়। কৃষিপ্ৰধান জিলা মাৰাঠাৱাড়াৰ পৰা প্ৰব্ৰজন বৃদ্ধি পাইছে। কমেও ৬ লাখ কৃষকে অঞ্চলটোৰ ভিতৰতে প্ৰব্ৰজিত হয়। আকৌ নৱেম্বৰ আৰু মাৰ্চৰ ভিতৰত কুঁহিয়াৰ কটা শ্ৰমিকৰ কাম কৰিবলৈ পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকলৈ যায়। কমিউনিষ্ট কৃৃষক নেতা ৰাজন ক্ষীৰসাগৰে আমাক ক’লে।
কৈলাস আৰু সাৰদা চালভেয়ে প্ৰতি বছৰে পাৰভানিৰ তেওঁলোকৰ দেৱেগাওঁ গাঁৱৰ পৰা ৬০ কিলোমিটাৰ দূৰৰ টেলেগাওঁ চেনী কাৰখানাত কাম কৰিবলৈ যায়। তেওঁলোকে কেঁচুৱা পুত্ৰসন্তান হৰ্ষবৰ্ধনক লগত লৈ যায়, ইয়াৰ উপৰি সাৰদাৰ ১২ বছৰীয়া ভতিজী ঐশ্বৰ্য্য ৱাংখেড়েকো লগত নিয়ে। ‘দৰিদ্ৰতাৰ বাবে তাইৰ পঢ়া নহ’ল,’ কৈলাশে ক’লে। কৈলাস আৰু সাৰদাই সিহঁতৰে ৫ একৰ খেতিমাটিত কপাহ আৰু ছয়াবিনৰ খেতি কৰিছিল। কিন্তু অলপো লাভ নহ’ল। গতিকে বছৰটো চলিবলৈ কঠিন হৈ পৰিছে। ‘আমি যেতিয়া দিনত পথাৰত মাটি চহ কৰো, তেতিয়া আমাৰ কেঁচুৱাটো চোৱাচিতা কৰিবলৈ তাই আমাৰ লগত থাকিবলগীয়া হয় (দুহেজাৰ ঘণ্টাৰ বাবে কুঁহিয়াৰ কটা কাম)।’