ডিকেন্সৰ উপন্যাসৰ চৰিত্ৰ এটাৰ দৰেই তেওঁক দেখা গৈছে। নিৰ্জন গাওঁখনত তেওঁৰ জন্মবৃত্তান্ত আৰু বিয়লি বেলাৰ অভিজ্ঞতাৰ বৰ্ণনা দিয়া ৭১ বৰ্ষীয় এছ. কান্দাস্বামী তেওঁৰ ঘৰৰ বাৰান্দাত বহি আছে, নেপথ্যত এলানি পৰিত্যক্ত ঘৰ। মীনাক্ষীপুৰমত দিনবোৰ নিয়াবলৈ তেওঁৰ কাষত কোনো নাই। সময়ৰ কি পৰিহাস! তেওঁৰ পৰিয়ালকে ধৰি যি ৫০টা মান পৰিয়াল আছিল, পাঁচ বছৰমান আগতেই সেই ঠাই এৰি গ’ল।
নিসংগ বৃদ্ধজনৰ জীৱনটো হৈছে পোৱা-হেৰুওৱা, আশা-নিৰাশাৰ মাজত দুদোল্যমান এটা গল্পৰ দৰে। পানীৰ অভাৱত তিষ্ঠিব নোৱাৰি মীনাক্ষীপুৰমৰ আন সকলোৱে সেই ঠাই পৰিত্যাগ কৰিছে। কিন্তু ‘দুটা দশক আগতে মোৰ পত্নি বীৰলক্ষ্মী য’ত ঢুকাইছিল তাতেই জীৱনৰ বিয়লি বেলাটো কটাম’ বুলি কান্দাস্বামী দৃঢ়প্ৰতিজ্ঞ। কোনো সম্পৰ্কীয় নাইবা বন্ধুৱে তেওঁক বুজাব পৰা নাছিল।
‘মোৰ পৰিয়ালটো যোৱাৰ আগতে আন আটাইবোৰ পৰিয়ালেই গুছি গৈছিল,’ তেওঁ কয়। পাঁচ বছৰ আগতে তেওঁৰ দ্বিতীয়টো ল’ৰাই যেতিয়া বিয়া পাতি ঘৰ এৰিছিল, তেতিয়া কান্দাস্বামীয়ে তামিলনাডুৰ থুথুকুৰিৰ শ্ৰীবৈকুণ্টম তালুকৰ এইখন গাঁৱৰ শেষৰজন বাসিন্দা হৈ ৰৈছিল।
‘কোনো এটা পৰিয়ালেই বেছি দুৰলৈ গৈছে বুলি মই নাভাৱো। দহোটামান পৰিয়ালে ছেক্কাৰাকুৰি গাঁৱত থিতাপি লৈছে।’ খুব বেছি তিনি কিলোমিটাৰ দুৰৰ সেইখন গাঁৱতো পানীৰ সংকটে দেখা দিছে, বোধকৰোঁ তেওঁৰ গাঁৱতকৈ অলপ কম। কিন্তু সেইখন গাঁৱে জলসংকটৰ সৈতে ভালদৰে মোকাবিলা কৰিছে যেন বোধ হয়। গাওঁখন প্ৰাণচঞ্চল। মীনাক্ষীপুৰমৰ নিৰ্জনতাৰ বিপৰীতে তাতে আছে প্ৰাণচঞ্চল কোলাহল। মীনাক্ষীপুৰমলৈ কোনবাটে যায় বুলি যাকেই সোধে সিয়েই আশ্চৰ্যচকিত হয়। চাহৰ দোকানী এজনে আচৰিত হৈ সুধিয়েই পেলালে, ‘আপোনালোক সেই মন্দিৰটোলৈ যাব নেকি? সেই গাওঁখনত আন একোৱেই নাই।’








