শংকৰ ৱাঘেৰে তেওঁৰ প্লাষ্টিকৰ বেগটো মাটিত দলিয়াই কাঠৰ লাখুটিডালত ভৰ দি কুঁজা হৈ ঘনকৈ উশাহ ল'লে। তাৰ পাছত তেওঁ আঠুঁ কাঢ়ি দীঘলীয়াকৈ উশাহ লৈ চকু দুটা মুদি দিলে। পৰৱৰ্তী পোন্ধৰ মিনিটৰ বাবে চকুহাল বন্ধ হৈ থাকিব। ৬৫ বছৰীয়া বৃদ্ধজনে আজিৰ দিনটোত বহু দূৰ খোজ কাঢ়িলে। তেওঁৰ চাৰিওকাষে আন্ধাৰত আন ২৫,০০০ মান কৃষক আছে।
নাছিক-আগ্ৰা ৰাজপথৰ ইগাতপুৰীৰ ৰায়নগৰ অঞ্চলত জিৰণিৰ বাবে বহি তেওঁ ক'লে, "আমাৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিছো।" ৬ মাৰ্চৰ ব্যস্ত মঙলবাৰৰ বিয়লি নাছিক চহৰৰ পৰা আৰম্ভ হোৱা বিশাল পদযাত্ৰাটোৰ আজি প্ৰথম নিশাৰ জিৰণি। কৃষকসকলে ১১ মাৰ্চ, দেওবাৰে মুম্বাইত গৈ উপস্থিৰ হোৱাৰ পৰিকল্পনা কৰিছে আৰু তাৰ পাছদিনা বিধানসভা ভৱন ঘেৰাও কৰিব। ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণত বিফল হোৱা বাবেই এই প্ৰতিবাদ। (চাওকঃ (সুদীৰ্ঘ পদযাত্ৰাঃ ওখহি যোৱা ভৰি, অদম্য শক্তিআৰু পদযাত্ৰাৰ পিছৰ পৰিস্থিতি)
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সিষ্ট)ৰ কৃষক সংগঠন অখল ভাৰতীয় কৃষক সভাই এই দীঘলীয়া পদযাত্ৰাৰ আয়োজন কৰিছে। সংগঠক তথা কৃষক সভাৰ সাধাৰণ সম্পাদক অজিত নাৱালে কয়, চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি সাৰিব নোৱাৰিব। ২০১৫ চনতো কৃষকৰ বন ভূমিত অধিকাৰ, ফচলৰ ভাল মূল্য, ঋণ ৰেহাই আদিৰ বাবে কৃষকৰ হৈ আমি প্ৰতিবাদ কৰিছিলো। চৰকাৰে দাবীসমূহ পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। এইবাৰ চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব।









