সোঁহাতত এখন তৰোৱাল লৈ ঘোৰাৰ পিঠিত উঠি থকা সেয়া ঐতিহাসিক ৰাণী বেলু নছিয়াৰ। চেন্নাইত আয়োজিত তামিলনাডুৰ গণৰাজ্য দিৱসৰ সমাৰোহত সেই মহীয়সী নাৰীগৰাকীৰ সৰ্বত্ৰে চৰ্চা হৈছিল আৰু সকলোৱে পাৰেমানে ফটো তুলিছিল। প্ৰতীকপটত ভি. অ. চিদাম্বৰম পিল্লাই, সুব্ৰমণ্যম ভাৰতী আৰু মাৰুথু বন্ধুৰ দৰে তামিল মহৎ লোকৰ সৈতে একেটা শাৰীত সেইগৰাকী মহীয়সী নাৰীকো দেখা গৈছিল।
‘তামিলনাডুৰ স্বাধীনতা সংগ্ৰাম’ক প্ৰতিনিধিত্ব কৰা এই একেখন প্ৰতীকপটকে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ পেৰেডত ‘বিশেষজ্ঞ’ কমিটিয়ে নাকচ কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. কে. ষ্টেলিনে বিষয়টো বিবেচনাৰ বাবে আহ্বান জনাইছিল যদিও তাৰ কোনো সঁহাৰি পোৱা নগ’ল। সেয়ে ৰাজ্যখনৰ গণৰাজ্য দিৱসৰ পেৰেডত এই প্ৰতীকপট হৈ পৰিল চৰ্চাৰ বিষয়।
কেন্দ্ৰৰ ‘বিশেষজ্ঞ’ কমিটিখনে বিভিন্ন কথাৰ লগতে এইটো কথাও ক’লে যে প্ৰতীকপটৰ কিছুমান ব্যক্তিক “ৰাষ্ট্ৰীয় পৰ্য্যায়ত কোনোৱেও নাজানো।” অক্ষয় কৃষ্ণমূৰ্তীয়ে এই কথা কোনোপধ্যেও মানি নল’ব। তেওঁ ভাবে যে তেওঁ সেইসকল লোকৰ এজন, বেলু নছিয়াৰৰ সৈতে এক আত্মিক সম্পৰ্ক আছে। এইগৰাকী নছিয়াৰে বৃটিছৰ বিৰুদ্ধে যুঁজি শিৱাংগিনী (এতিয়া তামিলনাডুৰ এখন জিলা)ত ১৭৯৬লৈ আমৃত্যু শাসন কৰিছিল।
“একাদশ শ্ৰেণীত থাকোতে স্কুলৰ নাটকৰ প্ৰতিযোগিতাত বেলু নছিয়াৰৰ চৰিত্ৰ ৰূপায়ণ কৰাটোৱে মোৰ জীৱন সলনি কৰি দিছিল,” তেওঁ কয়।
“সেয়া কেৱল নাচ-গান নাছিল,” অক্ষয়াই কয়। সেই গীতবোৰত যেতিয়া ৰাণীক ‘বীৰমংগাই’ বুলি সম্বোধন কৰা হয়, সেই সাহস আৰু শক্তি তেওঁ নিজৰ গাত অনুভৱ কৰিছিল। প্ৰশিক্ষণপ্ৰাপ্ত ধ্ৰুপদী নৃত্যশিল্পী অক্ষয়াৰ মনত পৰে, আন্তঃস্কুল প্ৰতিযোগিতাৰ দিনা তেওঁৰ গা বেয়া আছিল। কিন্তু যিমানখিনি পাৰে তেওঁ কৰিছিল।
মঞ্চৰ পৰা নামিয়েই তেওঁ মূৰ্চা গৈছিল। হস্পিতাললৈ নি তেওঁক চেলাইন ড্ৰিপ দিবলগীয়া হৈছিল। “হাতত আইভি লাইন (বেজীৰ চিন) লৈ আমাৰ নাটখনে দ্বিতীয় পুৰস্কাৰ পাইছিল।” সেই দিনটোৱে তেওঁক নিজৰ সম্ভাৱনাৰ ওপৰত বিশ্বাস কৰিবলৈ শিকালে। তেওঁ ‘সাহসী হৈ পৰিল,’ দুচকীয়া আৰু চাৰিচকীয়া গাড়ী চলোৱা শিকিলে।












