“মই বিম্বাশৱদে দৌৰি আহিম, আৰু কুনোত বসতি পাতিম।”
সেইয়া চিন্তু নামৰ চিতাবাঘটোৱে শুনিবলৈ বা পঢ়িবলৈ ইচ্ছা থকাজনক প’ষ্টাৰখনৰ পৰা কৈছে।
ওপৰ মহলৰ চৰকাৰী নিৰ্দেশ মৰ্মে মধ্য প্ৰদেশৰ বন বিভাগৰ দ্বাৰা প’ষ্টাৰখন ছয় মাহ আগতে লগোৱা হৈছিল। কুনো ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ সকলো গাঁৱলৈকে গৈ পাইছিলেগৈ সেইখন, য’ত ‘চিন্তু চিতা’ নামৰ প’ষ্টাৰত থকা বন্ধু চৰিত্ৰটোৱে নিজৰ বসতি স্থাপনৰ পৰিকল্পনা কৰিছে।
চিন্তুৰ বাসস্থানখন যি ঠাই হ’ব, তাত সি ৫০ টা প্ৰকৃত আফ্ৰিকান চিতাৰ লগত সহাৱস্থান কৰিব। কিন্তু বাগচা গাঁৱৰ ৫৫৬ ঘৰ মানুহৰ সৈতে নহয়, যি সকলক তাৰ পৰা উঠাই আন কোনোবা ঠাইলৈ পঠিয়াই দিয়া হ’ব। হাবিৰ সৈতে নিজৰ পৃথিৱীখন ইমান নিবিড়ভাৱে সাঙোৰ খাই থকা প্ৰধানতঃ ছাহাৰিয়া আদিবাসী এই লোকসকলৰ বাবে সি এক নিৰ্বাসন, যিয়ে তেওঁলোকৰ জীৱিকা আৰু দৈনন্দিন জীৱনৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিব।
আমদানি কৰা চিতাবাঘ চাবলৈ মাত্ৰ টকা ভাঙি ছাফাৰি ৰাইড ল’ব পৰা পৰ্য্যটকসকলেহে ৰাষ্ট্ৰীয় উদ্যানখনলৈ সোমাব পাৰিব। স্বাভাৱিকতেই স্থানীয় বাসিন্দাসকলে নোৱাৰিব, তেওঁলোকৰ বেছিভাগেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ।
একে সময়তে, সেই প’ষ্টাৰখন আৰু ‘মৰমলগা’ ফুটুকী মেকুৰীৰ কাৰ্টুনে বন্যপ্ৰাণী উদ্যানখনৰ বাহিৰৰ ২০ কিল’মিটাৰ দূৰৈত অৱস্থিত সৰু গাওঁ পাইৰা জাটাৱৰ ৮ বছৰ বয়সীয়া সত্যন জাটৱৰ দৰে শিশুৰ চিন্তাত আউল লগালে, যিয়ে দেউতাকক সুধিলে, “এইটো ছাগলী নেকি?” চাৰি বছৰত ভৰি দিবলৈ ওলোৱা তাৰ সৰু ভায়েক অনিৰূদ্ধই ক’লে, সেইটো নিশ্চয় এক ৰজা কুকুৰ!














