‘প্ৰথমে সিহঁতে ক’লে যে কাৰ্ডত মোহৰ মৰা নাই। তেতিয়া মই মোহৰ মৰাৰ বাবে দৰকাৰ হোৱা সকলো কাগজ-পত্ৰ গোটাই আনিলো। কিন্তু সিহঁতে মোক ৰেচন নিদিলে,’ গায়াবাঈ চৱনে ক’লে।
পুণে পৌৰনিগমৰ ঠিকা শ্ৰমিক গায়াবাঈক মই ১২ এপ্ৰিলত সাক্ষাৎ কৰাৰ সময়ত তলাবন্ধৰ বাবে পৰিয়ালৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁ অসুবিধাত পৰিছিল। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে জাৰি কৰা হালধীয়া ৰেচন কাৰ্ডেৰে পি.ডি.এছ. দোকানৰ পৰা সুলভ মূল্যৰ ৰেচন তেওঁ আনিব পৰা নাছিল। পুণেৰ কথৰুড়ৰ শাস্ত্ৰী নগৰ এলেকাত থকা তেওঁৰ ঘৰৰ ওচৰৰ দোকানখনৰ দোকানীজনে ক’লে যে তেওঁৰ কাৰ্ডখনৰ ম্যাদ উকলিছে। ‘তেওঁ কয় যে ৰেচন পাবলগীয়া লোকৰ তালিকাত তেওঁৰ নাম নাই।’
কাম কৰি থাকোতে এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত কাৰখানাত কাম কৰা তেওঁৰ শ্ৰমিক স্বামী ভিকা শাৰীৰিকভাৱে অক্ষম হৈ পৰাৰ এবছৰৰ পিছত অৰ্থাৎ ১৪ বছৰৰ আগতে ৪৫ বছৰ বয়সীয়া গায়াবাঈয়ে পুণে পৌৰনিগমত চাফাই কৰ্মচাৰী হিচাপে কাম পায়। পৰিয়ালত এতিয়া কেৱল তেৱেই একমাত্ৰ উপাৰ্জনকাৰী। তেওঁৰ ডাঙৰ জীয়ৰীৰ বিয়া হৈ গৈছে, কনিষ্ঠ কন্যা আৰু পুত্ৰ দুয়ো স্কুল এৰি দিলে আৰু উপাৰ্জন নাই। মাহে ৮,৫০০ টকা পোৱা দৰমহাৰে গায়াবাঈয়ে ঘৰ চলায়। শাস্ত্ৰী নগৰত থকা তেওঁৰ টিনৰ চালিৰ ঘৰটো মেৰামতি কৰিব পৰা অৱস্থাত নাই। ‘এয়া মোৰ অৱস্থা, তথাপিও মই ৰেচন নাপাও,’ তেওঁ কয়।
ৰেচনৰ দোকানলৈ অৰ্থহীন অহা-যোৱা তেওঁ কেৱল তলাবন্ধৰ বাবেই কৰা নাই। ‘সিহঁতে (দোকানীয়ে) যোৱা ছয় বছৰ ধৰি মোক ৰেচন দিয়া নাই,’ তেওঁ কয়। তেওঁ ভাবিছিল যে অন্ততঃ তলাবন্ধৰ সময়ত সিহঁত অলপ নৰম হ’ব।
২৫ মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাৰ পৰা দুসপ্তাহৰো বেছি গায়াবাঈ থকা কলনিটোৰ বহুতো পৰিয়ালে স্থানীয় পি.ডি.এছ. দোকানৰ পৰা খাদ্য-সামগ্ৰী ক্ৰয় কৰিবপৰা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (২০১৩) সামৰি লোৱা ৰেচন কাৰ্ড থকা সকলোৱে ৰেহাই মূল্যৰ খাদ্য-সামগ্ৰী লাভ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও দোকানীয়ে নানা অজুহাত দেখুৱাই তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে।




