“মই সংগ্ৰহ কৰা বস্তুবিলাক আহি ভাগ ভাগ কৰিলো। তেওঁলোকে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীয়ে) এই বস্তুবিলাক ল’ব, ওজন কৰিব, মোক পইছা দিব,” লগত থকা বেগটোৰ পৰা কাগজ কেইখনমান উলিয়াবলৈ খৰখেদা কৰা কালু দাসে কয়। “সময় মতে যদি গাড়ী পাওঁ, তেন্তে ইয়াৰ পিছত দুঘণ্টাত গৈ মই ঘৰ পাম।”
কেইবামাহৰ পিছত দ্বিতীয় সপ্তাহান্তত ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত দক্ষিণ ২৪ পাৰগনা জিলাৰ প্ৰায় ২৮ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ হাছানপুৰৰ পৰা ৬০ বছৰীয়া কালু দাস কলকাতালৈ আহিছে। কান্ধত এখন গামোছা লৈ অটোৰিক্সা আৰু বাছেৰে তেওঁ ঘৰৰ পৰা কলকাতালৈ আহিছে।
দক্ষিণ-পূৱ কলকাতাৰ বিভিন্ন এলেকাৰ মানুহৰ ঘৰৰ পৰা ভঙা-ছিঙা সামগ্ৰী যোৱা ২৫ বছৰ ধৰি কালু দাসে সংগ্ৰহ কৰি আহিছে। তেওঁ কাবাড়িৱালা হোৱাৰ আগতে চলচ্চিত্ৰ বিতৰক কোম্পানী এটাত কাম কৰিছিল। “নেপচুন পিক্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰণে মই ফিল্মৰ ৰীল কঢ়িয়াইছিলো,” তেওঁ কয়। “মুম্বাই, দিল্লী, মাদ্ৰাছৰ পৰা অৰ্ডাৰ (৩৫ মিলিমিটাৰ ৰীলৰ কাৰণে) আহে। ডাঙৰ বাকছত অহা ৰীলবিাক মই হাওৰালৈ লৈ যাওঁ, সেই বিলাকৰ ওজন কৰাও, আৰু বিতৰণৰ বাবে অনুমতি লওঁ।”
কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত দাস কৰ্মহীন হৈ পৰিল। সেই সময়ত তেওঁ দক্ষিণ কলকাতাৰ বোসপুকুৰ এলেকাৰ এটা ভাড়াঘৰত আছিল। প্ৰতিবেশী এজনে তেওঁক পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত চিনাকী কৰাই দিয়ে। “মই যেতিয়া কামটো হেৰুৱালো, তেওঁ মোক তেওঁৰ ব্যৱসায়ত যোগ দিবলৈ ক’লে। তেওঁ ক’লে, ‘মই তোমাক প্ৰতিদিনে ২৫ টকাকৈ দিম। তুমি পূৱা ৮ বজাত ওলাব লাগিব আৰু দুপৰীয়া ঘৰলৈ যাব পাৰিবা। তুমি ভঙা-ছিঙা বস্তু কঢ়িয়াব লাগিব আৰু মোৰ লগত ঘূৰিব লাগিব। আমি মাজে মাজে একেলগে চাহ খাম।’ মই সন্মত হ’লো। মই তেওঁৰ পৰা শিকিলো। শিক্ষকে ছাত্ৰক শিকোৱাৰ দৰে, তেওঁ মোৰ গুৰু আছিল।”








