‘গাধৰ গাখীৰে ল’ৰা-ছোৱালীক স্বাস্থ্যৱান কৰি তোলে।’ হঠাৎ এই কণ্ঠস্বৰ শুনি মই আচৰিত হৈ ঘূৰি চালো।
মূৰ জোকাৰি নীৰৱ হৈ থকা কাজলৰ সৈতে থিয় হৈ আছে সুখদেৱ। তাই এটা শব্দও কৰা নাই। তাৰ লগে লগে নীৰৱে খোজ কাঢ়ি গৈ আছে।
ডিঙিত ৰছী লগাই হাতত এডাল এছাৰি লৈ সুখদেৱে মালাড়ৰ পথেৰে যেতিয়া কাজলক লৈ যায়, তেতিয়া কোনেও সেইফালে দৃষ্টি নিক্ষেপ নকৰাত মই আচৰিত হ’লো। কাজলক ৰাস্তাত পোনে পোনে অহাৰ বাবে সুখদেৱে মাজে মাজে এছাৰিডালেৰে মাটিত কোবাই শব্দ কৰে।
গাধৰ গাখীৰৰ গুণাগুণ প্ৰশংসা কৰি এসময়ত সুখদেৱে আঠ বছৰীয়া কাজলৰ পৰিৱৰ্তে ৰাণীক লগত লৈ মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল। সেইদিনা ৰাণী ঘৰত আছিল। পুৱ মালাড়ৰ আপ্পাপাড়া বস্তিত সুখদেৱৰ ঘৰ। কাজলৰ পাঁচমহীয়া পোৱালীটোৰ সৈতে পাড়াত তাই থিয় হৈ আছিল। জন্মতে পিছৰ ঠেংখন বেয়া হোৱা লেঙেৰীও ঘৰলৈ উভতি আহিছিল।
সিহঁতক লৈ ঘৰখনত মুঠতে আৰু ৬ টা গাধ আছে। এই বহল পৰিয়ালটোৰ গৰাকী সুখদেৱ। সুখদেৱৰ ভতিজা ৰামদাসৰ পাঁচটা গাধ আছে। সিহঁতৰ তেনেকুৱা কোনো নাম নাই।
পত্নী জয়শ্ৰীয়ে ক’লে, সুখদেৱ ‘চিনেমা পাগল’। সেই কাৰণে গাধবিলাকৰ নাম বলিউডৰ চিনেমাৰ তাৰকাৰ নামেৰে ৰাখিছে। আগতে মাধুৰী দীক্ষিত নামৰ গাধ এজনীও আছিল।
উত্তৰ মুম্বাইৰ উপকণ্ঠত থকা আপ্পাপাড়াৰ সৰু পাহাৰ এটাৰ ওপৰত মানুহ আৰু গাধ সকলো একেলগে থাকে। সৰু জুপুৰী ঘৰটোত মানুহখিনি ঠাহ খাই থাকে আৰু গাধকেইজনীক কাষতে পঘাৰে খুটিত বান্ধি থয়। ওচৰ-চুবুৰীয়াই সেইবোৰলৈ কাণসাৰ নকৰে। ‘আমি ইয়ালৈ অহাৰ বহু আগতেই সিহঁত আহিছিল,’ একে পাড়াতে থকা চাহিলে কয়।
ৰাজা গাধা পোৱালীটোৰ বাপেক, সি লাহে লাহে বদমাইচ হৈ পৰিছে। সিহঁতে কয় যে ইফালে-সিফালে দৌৰি ফুৰে আৰু মানুহক হাৰাশাস্তি কৰে। ‘সি কিছুমান বেয়া কাম কৰি ফুৰে। মাইকী গাধক তাৰ পিচত দৌৰাই ফুৰে। ৰাস্তাত খোজ কাঢ়ি যোৱা মানুহক ঠেলা-হেঁচা কৰে- কিন্তু কাৰো বিশেষ ক্ষতি নকৰে।’ ৰাজাৰ মালিক ৰামদাসে কয়। সেই কাৰণেই চাৰি মাহৰ আগতে তাক আমাৰ গাঁৱত বিক্ৰি কৰি দিছিল।
বিভিন্ন ৰাজ্যৰ পৰা জীৱ-জন্তু কিনা-বেচা কৰিবলৈ মানুহ অহা মহাৰাষ্ট্ৰৰ পুণে জিলাৰ জেজুৰি তালুকৰ বাৰ্ষিক খণ্ডৱা মন্দিৰ মেলাত যাদৱ পৰিয়ালৰ লোকে মাজে-সময়ে গাধ কিনা-বেচা কৰে। দুৰ্বল গাধৰ মূল্যৰ ৫০০০ টকাৰ পৰা আৰম্ভ কৰি বোজা কঢ়িয়াব পৰা সবল গাধৰ মূল্য ২৫ হাজাৰ টকা পৰ্যন্ত হয়।











