“বিশাল বিশাল বৃক্ষ যেতিয়া ভাঙি পৰি থকা দেখো, মোৰ এনে লাগে যেন মই মোৰ সন্তানক হেৰুৱালো,” প্ৰায় ৪০ বছৰীয়া মালি মদন বৈদ্যই কয়। “মই গোটেই জীৱন গছ-বনৰ সৈতে কটাইছো।” চৌপাশৰ বিধ্বংসী অৱস্থা দেখি তেওঁ কয়। “এয়া কেৱল একোজোপা গছ নহয়, প্ৰতিজোপা গছ অগণন পক্ষীকুল আৰু পখিলাৰ গৃহ। ৰ’দত এই গছে আমাক ছাঁ দিয়ে আৰু বৰষুণত যেন ছাতি হৈ পৰে।” কলকাতাৰ পূৱ মেট্ৰ’পলিটান বাইপাছৰ ওচৰৰ শ্বহীদ স্মৃতি ক’লনীত বাসগৃহৰ লগত থকা বৈদ্যৰ নাৰ্ছাৰীখনৰো ঘূৰ্ণী বতাহত প্ৰচুৰ ক্ষতি হয়।
কলকাতা পৌৰ নিগমৰ হিচাপ মতে ২০ মে’ত ঘূৰ্ণীবতাহ আমফানে কলকাতা মহানগৰত কমেও ৫,০০০ জোপা বৃহৎ গছ উভালি পেলালে। ‘অতি ভয়াৱহ ঘূৰ্ণী বতাহ’ৰ শ্ৰেণীভুক্ত আমফানে পশ্চিমবংগৰ উপকূলীয় এলেকাত ঘণ্টাত ১৪০-১৫০ কিলোমিটাৰ বেগেৰে ভূপৃষ্ঠ স্পৰ্শ কৰি প্ৰৱাহিত হৈছিল, হঠাৎ ইয়াৰ তীব্ৰতা ১৬৫ কিলোমিটাৰ পৰ্যন্ত হৈছিল। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আলিপুৰত থকা কাৰ্যালয়ৰ সূত্ৰ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত এই প্ৰচণ্ড ধুমুহাই ২৩৬ কি.মি. বৃষ্টিপাতৰ সৃষ্টি কৰিছিল।
গ্ৰাম্য এলেকাত, বিশেষকৈ সুন্দৰবনৰ দৰে এলেকাত আমফান ঘূৰ্ণীবতাহৰ সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ পৰিমাণ এই মুহূৰ্তত ঠাঁৱৰ কৰা কঠিন। কলকাতাকে ধৰি উত্তৰ আৰু দক্ষিণ ২৪ পৰগানা উভয়ে এই ধ্বংসলীলাৰ বৃহৎ আঘাত স্বীকাৰ কৰিবলগীয়া হয়। কলকাতাত ১৯ জন লোকৰ মৃত্যুকে ধৰি সমগ্ৰ ৰাজ্যত কমেও ৮০ জন লোকৰ মৃত্যু হয়।
বহুতো অঞ্চলৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰে। পৰিবহনৰ যোগসূত্ৰ ধ্বংসপ্ৰাপ্ত হয়, পথৰ যোগাযোগৰ অভাৱে ক’ভিড-১৯ৰ বাবে আৰোপ কৰা তলাবন্ধৰ নিষেধাজ্ঞাৰ সৈতে একাকাৰ হৈ এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইবোৰ অঞ্চললৈ যোৱা এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে। তলাবন্ধৰ বাবে সৃষ্টি হোৱা জটিলতাৰ পৰিধি পাৰ হৈ অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে। পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টা সাংঘাতিক অসুবিধাজনক, কিয়নো সাধাৰণতে যিসকল শ্ৰমিকক পোৱা যায় বা থাকে, তেওঁলোকে তলাবন্ধৰ বাবে বহু আগতেই পশ্চিমবংগৰ বিভিন্ন গাওঁ বা আন ৰাজ্যত থকা নিজৰ ঘৰলৈ গ’ল।













