“আমাৰ ঘৰৰ মূধচৰ পৰা এন্দুৰ সৰি পৰা আৰু মৰি যোৱাৰ কথা মোৰ এতিয়াও মনত আছে। মই জীৱনত দেখা এইটো আছিল আটাইতকৈ অমংগলীয়া দৃশ্য। এই কথা শুনি আপোনাৰ আজি হাঁহি উঠিব পাৰে, কিন্তু ঘৰৰ ওপৰৰ পৰা এন্দুৰ তলত পৰি যোৱা মানে আমি ঘৰ এৰি যাব লাগিব, তদুপৰি পুনৰ কেতিয়া ঘৰলৈ উভতিম তাৰ নিশ্চয়তা নাই।”
কইম্বাটোৰৰ কালাপাট্টিৰ এগৰাকী বাসিন্দা এ. কুৰান্দাইয়াম্মালৰ পৰা অতীতৰ এই ঘটনাৰ বিশদ বৰ্ণনা লাভ কৰিছিলো। ১৯৪০ চনৰ আৰম্ভণিতে শেষবাৰৰ বাবে তামিলনাডুৰ এই চহৰখনত প্লেগ সংক্ৰমিত হোৱাৰ সময়ত বৰ্তমানৰ ৮০ বছৰীয়া এই বৃদ্ধা তেতিয়া এগৰাকী কিশোৰী আছিল।
বৰ আইৰ পৰা আৰম্ভ কৰি প্লেগ তথা কলেৰাকে ধৰি বিভিন্ন মহামাৰীয়ে কইম্বাটোৰৰ অতীত ইতিহাস অসুখী কৰি তুলিছিল আৰু ৰাজ্যখনত এতিয়াও জনসাধাৰণৰ মাজত সেই দুঃস্বপ্নৰ স্মৃতিয়ে বিৰাজ কৰিছে। ফলস্বৰূপে ‘প্লেগ মাৰিয়াম্মান’ (ব্লেক মাৰিয়াম্মান)ৰ মন্দিৰ সেই অঞ্চলত ঘনকৈ গঢ়ি উঠিল। কইম্বাটোৰ চহৰত ১৬টা প্লেগ দেৱীৰ মন্দিৰ গঢ়ি উঠিছিল।
সেই কাৰণে ক’ভিড-১৯ৰ আগমনক ক’ৰনা দেৱী ৰূপে গণ্য কৰি মন্দিৰত উপাসনা কৰা হৈছে। কিন্তু প্লেগ মাৰিয়াম্মানৰ পুণ্যস্থানবোৰৰ বিৰাট প্ৰভাৱ আছিল আৰু আজিও এই প্ৰভাৱ বিদ্যমান। ইয়াৰ নিলগৰ টিৰুপ্পুৰ জিলাত কেইটামান এনে মন্দিৰ এতিয়াও আছে আৰু ইয়াত উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰা হয় আৰু সেইবোৰে বহুতো লোকক আকৰ্ষণ কৰে।
১৯০৩ চনৰ পৰা ১৯৪২ চনলৈ কইম্বাটোৰ চহৰখন কমেও দহবাৰ প্লেগত আক্ৰান্ত হৈছিল, প্লেগে হাজাৰ হাজাৰ লোকৰ প্ৰাণ লৈছিল। প্লেগৰ অন্ত পৰা কেইবাদশক হ’ল যদিও চহৰখনৰ জনমানসত ইয়াৰ বিধ্বংসী স্মৃতি এতিয়াও সজীৱ হৈ আছে। কুৰান্দাইয়াম্মালৰ দৰে প্ৰবীণসকলৰ আগত প্লেগৰ প্ৰসংগ উত্থাপন কৰা মানে চহৰখনৰ অতীত ইতিহাসৰ এক দুৰ্বিসহ অধ্যায়ৰ স্মৃতি ৰোমন্থন।
প্লেগ আই (মাৰিয়া্ম্মান) মন্দিৰসমূহৰ ভিতৰত টাউন হল এলেকাত থকা মন্দিৰটোৰ নাম বেছি জনাজাত, তাতেই ব্যস্ত সন্ধিয়া এটাত ফুল বেছিবলৈ সাজু হৈছে এগৰাকী বিক্ৰেতা। “আজি শুক্ৰবাৰ। আজি মানুহৰ ভিৰ বেছি হ’ব,” সূতাৰে ফুল দুই হাতেৰে গুঠি থকাৰ পৰা মূৰ নোতোলাকৈ প্ৰায় ৪০ বছৰ বয়সীয়া মহিলা কানাম্মালে কয়।
“আপুনি জানে, তেওঁ মহা শক্তিবান। আমাৰ এতিয়া ক’ৰনা দেৱীৰ মন্দিৰ আছে যদিও কোনো কথা নাই, ব্লেক মাৰিয়াম্মান হৈছে আমাৰ মাজৰে এগৰাকী আই। আমি তেওঁক সদায় পূজা কৰি যাম, বিশেষকৈ বেমাৰ হ’লে আমি তেওঁৰ ওচৰ চাপো, কিন্তু অসুস্থ নহ’লেও বহুতো লোকে ব্লেক মাৰিয়াম্মানক পূজা-অৰ্চনা কৰে।” সাধাৰণ উপাসক মানে কানাম্মালে ক’ব বিচাৰিছে যে একাংশ নিয়মীয়া ভক্তই সুখ-সমৃদ্ধি, সফলতা আৰু দীৰ্ঘ জীৱনৰ কামনাৰে এই দেৱীৰ কাষ চাপে। প্লেগ যুগৰ অন্ত পৰাৰ প্ৰায় চাৰি দশকৰ পিছত কানাম্মালৰ জন্ম হৈছিল। কিন্তু তেওঁৰ সমসাময়িক বহুতো লোকে মাৰিয়াম্মানৰ মন্দিৰত উপাসনা কৰে।












