ত্ৰিশ বছৰীয়া প্ৰভাকৰ চাভালৰ কাম তেওঁৰ ৫৫ বছৰীয়া খুড়া শিৱাজী চাভালতকৈ অধিক পৰিশ্ৰমসাধ্য। মাৰাঠৱাড়াৰ পাৰভানি জিলাৰ মোৰেগাঁৱতে এই দুই কৃষকৰ ঘৰ। দুয়োজনেই ঘাইকৈ কঁপাহৰ খেতি কৰে। শিৱাজীয়ে সেই কঁপাহৰ খেতিৰে বছৰ বছৰ নগদ ধন চুবলৈ পাইছে যদিও সেই একে খেতিৰে প্ৰভাকৰে সৰহকৈ টকা আৰ্জিবলৈ পৰা নাই।

কেৱল চাভালসকলেই ইয়াৰ ভুক্তভোগী নহয়। মাৰাঠৱাড়াৰ পাৰভানিৰ পৰা আৰম্ভ কৰি হিংগোলী আৰু ঔৰংগাবাদ জিলা কঁপাহৰ খেতিৰ বাবে উপযোগী। কেউখন জিলা মিলাই মুঠ ১৭.৬০ হেক্টৰ মাটীত কঁপাহৰ খেতি কৰা হয়। এযা ৰাজ্যিক কৃষি বিভাগৰ তথ্য। কিন্তু অৱস্থা তেনেই তথৈবচ। আগতে খাদ্যশস্য যেনে জোঁৱাৰ, ৰহ আৰু ছয়াবিনৰ খেতিৰ তুলনাত কঁপাহৰ খেতিৰে খেতিয়কে সন্তোষজনক হাৰত ধন ঘটিবলৈ সক্ষম হৈছিল। সেয়ে কঁপাহক নগদী শস্য বুলি কোৱা হয়। কিন্তু বিগত বছৰবোৰত খেতিত খটুৱাবলগা ধনৰ পৰিমাণ বাঢ়ি অহাৰ সমানুপাতিকভাৱে তাৰ পৰা হ'বলগীয়া আয়ৰ পৰিমাণ বঢ়াৰ কোনো লক্ষণেই দেখা নিদিয়া হৈছে। এতিয়া কঁপাহ নামতহে নগদী শস্যৰ শাৰীত ৰৈছে।

প্ৰভাকৰে অকণমান বহলাই কথাখিনি বুজাই কোৱাৰ প্ৰয়াস কৰিছে। এটুকুৰা কাগজত লিখি থোৱা এক একৰ মাটিত কঁপাহৰ খেতিত হোৱা খৰছৰ হিচাপটো তেওঁ দেখুৱালে। ৮০০ টকা এমোনা বীজ কিনোতে খৰছ হয়, জুন মাহৰ মাজভাগমানত বীজ সিঁচাৰ আগেয়ে মাটিখিনি সাজু কৰাৰ বাবে হাজিৰা কৰা মানুহক দিয়া ১১০০ টকা আৰু বীজ সিঁচাৰ সময়ত দিয়া অতিৰিক্ত ৪০০ টকা। বাৰিষাৰ বৰষুণ পৰ্যাপ্ত হ'লে তেওঁ খেতি চপোৱাৰ আগেয়ে তিনিবাৰ ঘাঁহ-বন নিৰাব লাগিব। তাৰ বাবে আকৌ ৩০০০ টকাৰ প্ৰয়োজন হ'য়। সাৰ কিনোতে তেওঁৰ খৰছ হয় ৩০০০ মান টকা। কেতিয়াবা বেছিও হয়। আকৌ কীটনাশক কিনিবৰ বাবে ৪০০০ টকা লাগেই। শেহত খেতি চপাবলৈ ৫০০০ টকা খৰছ হয়।

ইযাতেও খৰছৰ তালিকা শেষ নহয়। আটাইতকৈ টান কামটো হৈছে সেয়া বজাৰত বিক্ৰী কৰা। তাৰ বাবে প্ৰত্যেকবাৰে ৩০০০ টকা লাগে। তাতে বেপাৰীক দিয়া উপঢৌকন আৰু পৰিবহনৰ খৰছ সোমাই থাকে।

"এনেদৰে প্ৰতি একৰ মাটিত ২০,৩০০ টকা খৰছ হয়," প্ৰভাকৰে বিতংকৈ বুজাই দিলে। নবেম্বৰ-ডিচেম্বৰ মাহত খেতি চপোৱাৰ সময়ত বজাৰ দৰ আছিল প্ৰতি কুইণ্টলত ৪,৩০০ টকা। আগৰ বছৰ আছিল ৪,০০০ টকা। "আটাইবোৰ খৰছ বাদ দি আয়ৰ পৰিমাণ হয়গৈ ৩৪,৮০০ টকা," তেওঁ কয়। এনেদৰে আঠ মাহ মুৰৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ মুৰকত প্ৰতি একৰ মাটিৰ পৰা মাত্ৰ ১৪,৫০০ টকাহে আহে। ইয়াৰেপৰাই আকৌ চাভালে পানীৰ পাম্প, ব'ৰৱেল আদিৰ বাবে বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ আছেই। লগতে ছটাকৈ গৰুৰ বাবে প্ৰতিমাহে ১৪,০০০ টকা খৰছ।

পোন্ধৰ বছৰ আগতে শিৱাজী চাভালে এক একৰ মাটিত ৪,৫০০ ৰপৰা ৫০০০ টকাৰ ভিতৰতে খেতি কৰিব পাৰিছিল। এতিয়াৰ তুলনাত কীটনাশক, সাৰ আৰু বীজ আদিৰ দাম আধাতকৈও কম আছিল। কৃষিখণ্ডৰ শ্ৰমিকৰ হাজিৰাও দুগুণতকৈ অধিক হ'ল। বিদ্যুতৰ মাচুলৰ দৰো বাঢ়িল।

Shivaji Chavhal in his nephews farm
PHOTO • Parth M.N.

পোন্ধৰ বছৰ আগতে শিৱাজী চাভালে এক একৰ মাটিত ৪,৫০০ ৰপৰা ৫০০০ টকাৰ ভিতৰতে খেতি কৰিব পাৰিছিল। এতিয়া প্ৰভাকৰে সেই একে পৰিমাণৰ মাটিত একে খেতিৰ বাবে ২০,৩০০ টকা খৰছ কৰিবলগীয়া হয়

প্ৰভাকৰৰ ১৫ জনীয়া পৰিয়ালটোত তেওঁৰ খুড়াক শিৱাজীও আছে। শিৱাজীৰ হাতত থকা ৩০ একৰ খেতিৰ মাটিৰ ১৫ একৰত কঁপাহৰ খেতি কৰে। কিন্তু যোৱা কেইবছৰমানত ১৫ বিঘাৰ পৰা কমাই আনি ৭ কি ৮ বিঘামানতহে তেওঁ কঁপাহৰ খেতি কৰে। তাৰ ঠাইত ৰহ, মুগ, মাটিমাহ আৰু ছয়াবিনৰ খেতি কৰিবলৈ লৈছে।

কঁপাহৰ খেতিত অইন খাদ্যশস্যৰ তুলনাত সৰহকৈ পানীৰ প্ৰয়োজন হয়। ২০১২ চনৰপৰা ২০১৫ চনলৈ মাৰাঠৱাড়াত দেখা দিয়া খৰাং বতৰে কঁপাহৰ উত্পাদন লক্ষণীয়ভাৱে হ্ৰাস কৰিছে। এইবছৰো বৰষুণ অনিয়মীয়া। খৰাং বছৰকেইটাত কৃষকে জলসিঞ্চনৰ বাবে ব'ৰৱেল খন্দা, টেংকীৰ পানী ক্ৰয় কৰা অথবা কুঁৱা খন্দা আদি কামত সৰহকৈ টকা খৰছ কৰিবলৈ বাধ্য হৈছিল।

খেতিৰ সা-সামগ্ৰীৰ দাম বাঢ়িলেও কঁপাহৰ দাম সেই অনুপাতে বঢ়া নাই। "কঁপাহৰ বজাৰ দৰ আছিল প্ৰতি কুইণ্টলত প্ৰায় ২,০০০ টকা (১৫ বছৰ আগতে)," চাভালে কয়। "এক একৰ মাটিত আঠ কুইণ্টল উত্পাদন হ'লে ১৬,০০০ টকা পোৱা গৈছিল। লাভ হৈছিল ১১,০০০ টকা, মাত্ৰ ৩ হাজাৰ টকা কম। যিটো আমি এতিয়া ১৫ বছৰ পিছত পাও।"

বজাৰ দৰ কমাৰ কাৰণ বিভিন্ন। শস্যৰ বাবে ন্যুনতম সমৰ্থন মুল্য (মিনিমাম চাপোৰ্ট প্ৰাইচ চমুকৈ এমএচপি) চৰকাৰে নিৰ্ধাৰণ কৰোতে চৰকাৰে খেতিত বৰ্ধিত ব্যয়ৰ কথা বিবেচনা নকৰাটোও ইয়াৰ এক প্ৰধান কাৰণ। আন এটা কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কঁপাহ খেতিয়কক দিয়া অধিক পৰিমাণৰ ৰেহাই মূল্য, যিটোৱে ভাৰতত উঠা-নমা কৰি থকা ঘৰুৱা দৰত নেতিবাচক প্ৰভাৱ পেলাইছে। "তদুপৰি কঁহিয়াৰ আৰু কঁপাহ- এই দুয়োটাই নগদী শস্য হোৱা স্বত্বেও দুয়োটাৰে ক্ষেত্ৰত নিয়ম বেলেগ বেলেগ," তেঁও কয়। "বজাৰত কুঁহিয়াৰ উপচি পৰিলে সাহায্যপ্ৰাপ্ত দৰত সেয়া ৰপ্তানী কৰা হয়, সেয়ে দৰৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে। কিন্তু কঁপাহৰ ক্ষেত্ৰত কোনো আমদানী শুল্ক নাই।"

"আজিৰ তাৰিখৰ ব্যয়সমূহ চাওক,“ চাভালে কয়। "সেয়া তড়িত গতিত বৃদ্ধি পাইছে। কৰ্মক্ষেত্ৰ (যেনে শিক্ষক, চৰকাৰী কৰ্মচাৰী অথবা বেংকৰ বিষয়া-কৰ্মচাৰী)ৰ চাকৰিয়ালবোৰৰ দৰমহা কেনেদৰে বাঢ়িছে চাওক। সেই গ্ৰাফডালৰ সৈতে আমাৰ তুলনা কৰক। এয়া অন্যায় নহয়নে?" চাভালৰ প্ৰশ্ন।

উত্পাদনৰ বৰ্ধিত ব্যয় আৰু স্থিৰ আয়ৰ মাজত কঁপাহৰ খেতিয়কৰ উশাহ বন্ধ হ'বলৈ ধৰাৰ সময়তে এটা সাধাৰণ বেমাৰ-আজাৰ, বিয়া-সবাহ, আনকি স্কুলৰ মাচুল অকণমান বাঢ়িলেই তেওঁলোকে বেংকৰ ওচৰত ঋণৰ বাবে হাত পাতিবলগীয়া হয়। তাতোকৈ শোচনীয় অৱস্থা হ'লে প্ৰতিমাহে ৫ শতাংশতকৈও অধিক সুতত ব্যক্তিগতভাৱে টকা দিয়া সুদখোৰৰ কাষ চপাৰ বাদে গত্যন্তৰ নাথাকে।

PHOTO • Parth M.N.

কঁপাহৰ খেতি কৰা মাটিৰ পৰিমাণ প্ৰভাকৰ চাভালৰ পৰিয়ালে কমাই আনিছে, তাৰ ঠাইত কৰিছে ৰহ, মুগ, মাটীমাহ আৰু ছয়াবিন আদি খাদ্যশস্যৰ খেতি

প্ৰভাকৰ চাভালে তেওঁৰ ৮ লাখ টকাৰ বেংকৰ ঋণৰ পৰা দুগৰাকীকৈ ভনীৰ বিয়াৰ খৰছ দিছে। এই ঋণৰ সৰহভাগেই ২০১২-১৫ চনৰ খৰাং বতৰৰ বাবে লৈছিল প্ৰভাকৰে। কম খেতি হোৱা বছৰকেইটাত পৰিয়াল চলাবৰ বাবেও খৰছ হৈছিল ঋণৰ ধন। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ১.৫ লাখ টকাতকৈ কম ৰাশিৰ ঋণ থকাবোৰকহে ঋণ মাফি দিয়াৰ সিদ্ধান্তই প্ৰভাকৰক বিপাঙত পেলাইছে। ঋণৰ পৰিমাণ বেছি থকা হেতুকে তেওঁ এই ৰেহাইৰ বাবে যোগ্য বিবেচিত হোৱা নাই। "ব্যক্তিগত সুদখোৰৰ পৰা মই ঋণ লৈ থোৱা নাই, কিন্তু এনেদৰে চলিমনো কিমানদিন?," প্ৰভাকৰে কয়।

কৃষকৰ সমস্যাৰ মূল্যায়ন আৰু সমাধানৰ বাবে কংগ্ৰেছ চৰকাৰৰ নিৰ্দেশনাত ২০০৬ চনত গঠিত হোৱা স্বামীনাথন আয়োগখনে প্ৰতিবেদন দাখিল কৰিছিল। কৃষকৰ উত্পাদনৰ ব্যয়ত ৫০ শতাংশ যোগ হোৱাকৈ কেন্দ্ৰ চৰকাৰে কৃষকক ন্যুনতম সমৰ্থন মূল্য চমুকৈ এমএচপি দিয়াৰ পৰামৰ্শ আছিল প্ৰতিবেদনখনৰ অন্যতম প্ৰস্তাব। কিন্তু চৰকাৰে একো নকৰিলে। ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিয়ে গ্ৰামাঞ্চলৰ কৃষিপ্ৰধান এলেকাবোৰত জোৰদাৰ প্ৰচাৰ চলালে যে ক্ষমতা দখল কৰিব পাৰিলে কৃষকৰ বাবে এমএচপিৰ ব্যৱস্থা কৰা হ'ব। চৰকাৰ ক্ষমতালৈ আহিল ঠিকেই, কিন্তু কাৰ্যতঃ আয়োগৰ পৰামৰ্শৱলী বাস্তবায়িত কৰা দেখা নগ'ল।

খেতিয়কে কঁপাহৰ বদলি ৰহ, ছয়াবিন আদিৰ খেতি কৰিবলৈ লৈছে যদিও তাতেও বিশেষ লাভ পোৱা নাযায়, পাৰভানি এলেকাৰ এগৰাকী সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক আশাৰাম লোমটেয়ে কয়। কিয়নো এই খাদ্যশস্যৰ খেতিতো উচিত এমএচপি দিয়া হোৱা নাই। তদুপৰি এনে খাদ্যশস্যৰ পৰা পোৱা লাভৰ পৰিমাণ তুলনামুলকভাৱে কম, জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয়।

তাৰোপৰি কঁপাহৰ খেতিত আক্ৰমণ কৰা বলপোক (কঁপাহৰ আঁহৰ কোঁহ খোৱা এবিধ পলুজাতীয় পোক) প্ৰতিৰোধ কৰাৰ বাবে ভাৰতত ১৫ বছৰ আগতেই উদ্ভাৱন কৰা উন্নত জিনৰ বিটি কঁপাহতো এতিয়া কীটনাশক ছটিয়াবলগীয়া হৈছে। বিটি অহাৰ আগতে কৃষকে কীটনাশকৰ নামত সৰহকৈ খৰছ কৰিবলগীয়া হৈছিল, কিন্তু ২০০০ চনৰ পৰা কীটনাশকৰ পৰিমাণ কমি আহিল। কিন্তু বিটিয়ে ৪ কি ৫ বছৰমানহে ভালকৈ কাম কৰিলে। তাৰ পিছত বলপোকক বিটিয়ে প্ৰতিৰোধ কৰিবলৈ অপাৰগ হৈ উঠাত কৃষকে বাধ্য হৈ কীটনাশক ছটিয়াবলগীয়া হ'ল। এনেদৰে উত্পাদনৰ ব্যয় আকৌ বাঢ়িল। এনেদৰে কয় জ্যেষ্ঠ সাংবাদিক লোমটেয়ে।

২০১৫ চনত সবিতা দাসল্লকাৰে তেওঁৰ গহণা বন্ধকত থৈ বীজ সিঁচাৰ বাবে ধন ধাৰলৈ লয়। আমি এতিয়াও সেই গহণা-পাতি ঘুৰাই আনিব পৰা নাই। আচলতে আমি যিখিনি পাও, সেইখিনিৰে আমালৈ যেনেতেনে জোৰে। কিন্তু আমি হেৰুৱাবলগীয়া হ'লে ভালেখিনি হেৰুৱাবলগীয়া হয়, সবিতাই কয়।

ভিডিঅ ' চাওকঃ খুপচা গাঁৱৰ সন্তোষ দাসল্লকাৰে কয় যে তেওঁ ২০১২ চনৰপৰা এতিয়ালৈ কঁপাহ খেতিৰ পৰা লাভৰ মুখ দেখা নাই

পাৰভানিৰ খুপচা গাঁৱৰ ২৬ বৰ্ষীয় সন্তোষ দাসল্লকাৰে কোৱামতে তেওঁ ২০১২ চনৰ পৰা এতিয়ালৈ লাভ মুখেই দেখা নাই। আগস্ত মাহলৈ কঁপাহৰ খেতি কঁকালৰ সমান ওখ হ'ব লাগিছিল, কিন্তু খেতি ভৰিৰ সৰু গাঁঠিলৈকেও আহিব পৰা নাই। এনেদৰে কয় খেতিয়ক সন্তোষে। আনকি বাৰিষাৰ বাকী থকা দিনকেইটাত বৰষুণ ভাল হ'লেও প্ৰতি একৰ মাটিত তিনি কুইণ্টলতকৈ আশা কৰিব পৰা নাযাব। এই বছৰটোক বাদ দি ২০১২ চনৰ পৰা এয়াই আমাৰ কাহিনী। সন্তোষে দুখেৰে কয়।

পাৰভানি-চেলু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দাসল্লকাৰৰ ৭ একৰ মাটি আছে। তাৰে পাঁচ বিঘা মাটিত তেওঁ কঁপাহৰ খেতি কৰে। তেওঁৰ সন্তান এহাল, বয়স ছয় আৰু আঠ। দুয়োয়ে চৰকাৰী স্কুলত পঢ়ে। "ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বৰঙনি হিচাপে ৫ হাজাৰ টকাকৈ বিচাৰে। কিন্তু এইফালে বেংকত মোৰ ২ লাখ টকাৰ ধাৰ আছে," দাসল্লকাৰে কয়।

২০১৫ চনৰ পিছত আকৌ এবাৰ আমি খৰাঙৰ কবলত পৰিলো, সন্তোষৰ পত্নি সবিতা দাসল্লকাৰে ক'বলৈ ধৰিলে। তেঁৱেই বীজ সিঁচাৰ বাবে ধন গোটাইছিল। "মোৰ ৭০ হাজাৰ টকা মূল্যৰ গহণাখিনি বন্ধকত থৈ ঋণ দিয়া কোম্পানী এটাৰ পৰা ৪০ হাজাৰ টকা ল'লো," সবিতাই কয়। সেই কাম নকৰিলে আমি বীজেই সিঁচিব নোৱাৰিলোহেঁতেন। মোৰ বিয়াৰ সময়তে গহণাখিনি গঢ়োৱা হৈছিল। আমি এতিয়াও সেইখিনি উদ্ধাৰ কৰিবপৰা হোৱা নাই। আচলতে আমি যিখিনি পাও, সেইখিনিৰে কোনোমতে আমালৈ জোৰে। কিন্তু যেতিয়া হেৰুৱাবলগা হয়, আমি ভালেখিনি হেৰুৱাবলগীয়া হয়, সবিতাই কয়।

অনুবাদঃ পংকজ দাস

Parth M.N.

पार्थ एम एन हे पारीचे २०१७ चे फेलो आहेत. ते अनेक ऑनलाइन वृत्तवाहिन्या व वेबसाइट्ससाठी वार्तांकन करणारे मुक्त पत्रकार आहेत. क्रिकेट आणि प्रवास या दोन्हींची त्यांना आवड आहे.

यांचे इतर लिखाण Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das