ত্ৰিশ বছৰীয়া প্ৰভাকৰ চাভালৰ কাম তেওঁৰ ৫৫ বছৰীয়া খুড়া শিৱাজী চাভালতকৈ অধিক পৰিশ্ৰমসাধ্য। মাৰাঠৱাড়াৰ পাৰভানি জিলাৰ মোৰেগাঁৱতে এই দুই কৃষকৰ ঘৰ। দুয়োজনেই ঘাইকৈ কঁপাহৰ খেতি কৰে। শিৱাজীয়ে সেই কঁপাহৰ খেতিৰে বছৰ বছৰ নগদ ধন চুবলৈ পাইছে যদিও সেই একে খেতিৰে প্ৰভাকৰে সৰহকৈ টকা আৰ্জিবলৈ পৰা নাই।
কেৱল চাভালসকলেই ইয়াৰ ভুক্তভোগী নহয়। মাৰাঠৱাড়াৰ পাৰভানিৰ পৰা আৰম্ভ কৰি হিংগোলী আৰু ঔৰংগাবাদ জিলা কঁপাহৰ খেতিৰ বাবে উপযোগী। কেউখন জিলা মিলাই মুঠ ১৭.৬০ হেক্টৰ মাটীত কঁপাহৰ খেতি কৰা হয়। এযা ৰাজ্যিক কৃষি বিভাগৰ তথ্য। কিন্তু অৱস্থা তেনেই তথৈবচ। আগতে খাদ্যশস্য যেনে জোঁৱাৰ, ৰহ আৰু ছয়াবিনৰ খেতিৰ তুলনাত কঁপাহৰ খেতিৰে খেতিয়কে সন্তোষজনক হাৰত ধন ঘটিবলৈ সক্ষম হৈছিল। সেয়ে কঁপাহক নগদী শস্য বুলি কোৱা হয়। কিন্তু বিগত বছৰবোৰত খেতিত খটুৱাবলগা ধনৰ পৰিমাণ বাঢ়ি অহাৰ সমানুপাতিকভাৱে তাৰ পৰা হ'বলগীয়া আয়ৰ পৰিমাণ বঢ়াৰ কোনো লক্ষণেই দেখা নিদিয়া হৈছে। এতিয়া কঁপাহ নামতহে নগদী শস্যৰ শাৰীত ৰৈছে।
প্ৰভাকৰে অকণমান বহলাই কথাখিনি বুজাই কোৱাৰ প্ৰয়াস কৰিছে। এটুকুৰা কাগজত লিখি থোৱা এক একৰ মাটিত কঁপাহৰ খেতিত হোৱা খৰছৰ হিচাপটো তেওঁ দেখুৱালে। ৮০০ টকা এমোনা বীজ কিনোতে খৰছ হয়, জুন মাহৰ মাজভাগমানত বীজ সিঁচাৰ আগেয়ে মাটিখিনি সাজু কৰাৰ বাবে হাজিৰা কৰা মানুহক দিয়া ১১০০ টকা আৰু বীজ সিঁচাৰ সময়ত দিয়া অতিৰিক্ত ৪০০ টকা। বাৰিষাৰ বৰষুণ পৰ্যাপ্ত হ'লে তেওঁ খেতি চপোৱাৰ আগেয়ে তিনিবাৰ ঘাঁহ-বন নিৰাব লাগিব। তাৰ বাবে আকৌ ৩০০০ টকাৰ প্ৰয়োজন হ'য়। সাৰ কিনোতে তেওঁৰ খৰছ হয় ৩০০০ মান টকা। কেতিয়াবা বেছিও হয়। আকৌ কীটনাশক কিনিবৰ বাবে ৪০০০ টকা লাগেই। শেহত খেতি চপাবলৈ ৫০০০ টকা খৰছ হয়।
ইযাতেও খৰছৰ তালিকা শেষ নহয়। আটাইতকৈ টান কামটো হৈছে সেয়া বজাৰত বিক্ৰী কৰা। তাৰ বাবে প্ৰত্যেকবাৰে ৩০০০ টকা লাগে। তাতে বেপাৰীক দিয়া উপঢৌকন আৰু পৰিবহনৰ খৰছ সোমাই থাকে।
"এনেদৰে প্ৰতি একৰ মাটিত ২০,৩০০ টকা খৰছ হয়," প্ৰভাকৰে বিতংকৈ বুজাই দিলে। নবেম্বৰ-ডিচেম্বৰ মাহত খেতি চপোৱাৰ সময়ত বজাৰ দৰ আছিল প্ৰতি কুইণ্টলত ৪,৩০০ টকা। আগৰ বছৰ আছিল ৪,০০০ টকা। "আটাইবোৰ খৰছ বাদ দি আয়ৰ পৰিমাণ হয়গৈ ৩৪,৮০০ টকা," তেওঁ কয়। এনেদৰে আঠ মাহ মুৰৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ মুৰকত প্ৰতি একৰ মাটিৰ পৰা মাত্ৰ ১৪,৫০০ টকাহে আহে। ইয়াৰেপৰাই আকৌ চাভালে পানীৰ পাম্প, ব'ৰৱেল আদিৰ বাবে বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ আছেই। লগতে ছটাকৈ গৰুৰ বাবে প্ৰতিমাহে ১৪,০০০ টকা খৰছ।
পোন্ধৰ বছৰ আগতে শিৱাজী চাভালে এক একৰ মাটিত ৪,৫০০ ৰপৰা ৫০০০ টকাৰ ভিতৰতে খেতি কৰিব পাৰিছিল। এতিয়াৰ তুলনাত কীটনাশক, সাৰ আৰু বীজ আদিৰ দাম আধাতকৈও কম আছিল। কৃষিখণ্ডৰ শ্ৰমিকৰ হাজিৰাও দুগুণতকৈ অধিক হ'ল। বিদ্যুতৰ মাচুলৰ দৰো বাঢ়িল।




