ধড়গাওঁ অঞ্চলৰ আক্ৰানি তালুকত এদিনাখন আবেলি চেভান্ত তড়ভিয়ে ছাগলীৰ সৰু জাক এটাৰ পিছে পিছে দৌৰিছে, শাৰীৰ আঁচলেৰে তাই মুৰত ওৰণি লৈছে। ছাগলী পোৱালীবোৰ যেতিয়া জোপোহাৰ ভিতৰত সোমায় বা আনৰ খেতিলৈ যায়, তাই মাটিত এছাৰিডালেৰে কোবাই শব্দ কৰি ছাগলীকেইটাক পুনৰাই জাকটোলৈ লৈ আহে। ‘মই বৰ চোকা নজৰ ৰাখিব লাগে। পোৱালীবোৰ তেনেই দুষ্ট। সিহঁতবোৰ যেনি-তেনি লৰি ফুৰে’, তাই হাঁহি মাৰি কয়। ‘সিহঁতেই এতিয়া মোৰ সন্তানৰ দৰে।’
তাই নন্দৰ্বাৰ জিলাৰ হাৰানখুৰি গাঁৱৰ মহাৰাজাপাৰা চুবুৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত হাবিৰ ফালে খোজ দিছে। অকলশৰে আছে যদিও ছাগলী, চৰাই-চিৰিকতিৰ কলৰৱ আৰু গছ-গছনিৰ সোঁ-সোঁৱনিৰ মাজত তাই অকলশৰীয়া নহয়। তাইৰ বিয়াৰ পিছৰ ১২ বছৰ ধৰি বাঞ্জতি (বাজী), ডালভাদ্ৰি (শাওখোৱা) আৰু দুষ্ট (অসৎ) তিৰোতা বুলি মানুহে কৰি অহা উপহাসৰ পৰা এইখিনি সময়ত অন্তত তাই মুক্ত।
‘সন্তান জন্ম দিব নোৱাৰা পুৰুষৰ কাৰণে কিয় এনে কোনো হেয় শব্দ নাই?’ চেভান্তাই সোধে।
২৫ বছৰীয়া চেভান্তা (তাইৰ আচল নাম নহয়)ৰ ১৪ বছৰ বয়সতে বিয়া হৈছিল। তাইৰ গিৰীয়েক ৩২ বছৰীয়া ৰবি এজন কৃষি শ্ৰমিক। কাম পোৱা দিনত তেওঁৰ উপাৰ্জন দিনে ১৫০ টকা। ৰবি তাতে মদ্যাসিক্ত। দুয়োজনেই মহাৰাষ্ট্ৰৰ আদিবাসী অধ্যূষিত জিলাখনৰ ভিল আদিবাসী সম্প্ৰদায়ৰ। চেভান্তিয়ে কয় যে আগদিনা ৰাতি ৰবি (তেওঁৰ আচল নাম নহয়)য়ে তাইক বেয়াকৈ মাৰিছে। ‘কোনো নতুন কথা নহয়’, তাই কান্ধখন লৰাই কথাখিনি ক’লে। ‘মই সন্তান দিবপৰা নাই। ডাক্তৰে কৈছে মোৰ জৰায়ুৰ খুঁত আছে, সেয়ে মই পুনৰাই গৰ্ভধাৰণ কৰিব নোৱাৰো।’
আসোঁৱাহ থকা জৰায়ু মানে চিকিৎসা বিজ্ঞানৰ ভাষাত পলিচিষ্টিক অ’ভেৰিয়ান চিণ্ড্ৰম (পিচিওএছ)। ২০১০ত ধড়গাওঁ গ্ৰামীণ চিকিৎসালয়ত গৰ্ভপাত হোৱাত তাইৰ জৰায়ুৰ সেই বিসংগতি ধৰা পৰিছিল। সেই সময়ত তাইৰ বয়স আছিল ১৫ বছৰ, গৰ্ভধাৰণ কৰাৰ তিনিমাহ হৈছিল।







