যেতিয়া ভানৱাৰি দেৱীৰ ১৩ বছৰীয়া জীয়ৰীজনীক বাজৰা পথাৰত উচ্চ জাতৰ যুৱক এজনে ধৰ্ষণ কৰিছিল, তাই হাতত লাঠি এডাল লৈ ধৰ্ষণকাৰীৰ পিছ লৈছিল। আৰক্ষী কিম্বা আদালতৰ ওপৰত তাইৰ বিশ্বাস নাছিল। ছলে-বলে-কৌশলেৰে আহিৰৰ স্থান বুলি জনা ৰামপুৰৰ প্ৰতিপত্তিশীল উচ্চ জাতৰ লোকে তাই যাতে কোনোধৰণৰ অভিযোগ দাখিলৰ কৰিব নোৱাৰে তাৰ বাবে হেঙাৰ হৈ উঠিছিল। গাঁৱৰ জাত পঞ্চায়তে মোক ন্যায় দিয়াম বুলি কথা দিছিল, তাই কয়। কিন্তু তাৰ পৰিৱৰ্তে সিহতে মোক পৰিয়াল সহিতে ৰামপুৰা গাঁৱৰ পৰা খেদিহে পঠালে। এতিয়া এটা দশক পাৰ হ'বৰ হ'ল। আজমেৰ জিলাৰ এই ৰামপুৰা গাঁৱত কোনোৱে শাস্তি পোৱা নাই।
এয়া অৱশ্যে ৰাজস্থানৰ খুৱ এটা ডাঙৰ কথা নহয়। এই ৰাজ্যত ৬০ ঘণ্টাত গঢ়ে এগৰাকী দলিত মহিলাৰ ধৰ্ষণ হয়।
অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ প্ৰতিবেদনৰ তথ্যমতে ১৯৯১ ৰপৰা ১৯৯৬ লৈ প্ৰায় ৯০০ ৰো অধিক এচচি মহিলাৰ ওপৰত যৌন অত্যাচাৰৰ গোচৰ আৰক্ষীৰ হাতত আছে। অৰ্থাত এবছৰত ১৫০ টা অৰ্থাত প্ৰত্যেক ৬০ ঘণ্টাত এটাকৈ এনে ঘটনা হয়। (ৰাষ্ট্ৰপতিৰ শাসনৰ মাহকেইটা বাদ দি বাকীখিনি সময় ভাৰতীয় জনতা দলেই সামগ্ৰিকভাৱে এই ৰাজ্যখনৰ বাঘজৰী সেই সময়চোৱাত হাতত ৰাখিছিল।) এনে অৱস্থাত এইধৰণৰ অপৰাধজনিত কাণ্ডৰ প্ৰতিবেদন কমকৈ প্ৰকাশ হোৱাটো দেশৰ ভিতৰতে পুতৌলগা।
ধলপুৰ জিলাৰ নাকচোড়াত নাটকীয় আতিশায্যৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে গাঁও এৰি যাবলৈ বাধ্য হৈছে। ১৯৯৮ চনৰ এপ্ৰিল মাহত ৰামেশ্বৰ জাটভ নামৰ দলিত সম্প্ৰদায়ৰ লোকজনে উচ্চ জাতৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকক ধাৰে দিয়া ১৫০ টকা ঘুৰাই বিচাৰে। এই কথাটোৱে জগৰ লগালে। তেঁওৰ হুঁটা কথা সহিব নোৱাৰি গুজ্জৰ সম্প্ৰদায়ৰ লোকৰ দল এটাই আহি তেওঁৰ নাক ফুটা কৰি মৰাপাটৰ ১ মিটাৰ দীঘল আৰু ২ মি.মি. ডাঠ ৰছীৰ নাকী পিন্ধাই দিয়ে। তাৰ পিছত তেঁওক গোটেই গাঁওখনত ৰছীডালত ধৰি ঘুৰাই লৈ ফুৰে।
ঘটনাটোৱে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিলে আৰু দেশজুৰী প্ৰতিবাদৰ ঢৌ উঠিল। বিদেশতো সংবাদ পত্ৰ আৰু টিভিত ইয়াক লৈ চৰ্চা হ'ল। কিন্তু সেই প্ৰচাৰে ন্যায় সুনিশ্চিত কৰাত অৰিহণা নোযোগালে। গাঁওখনত বিৰাজ কৰা সন্ত্ৰাসৰ পৰিৱেশ আৰু যুযুত্সু আমোলাকেন্দ্ৰীক শক্তিয়ে পাত এখিলাও লৰচৰ হ'বলৈ নিদিলে। চাঞ্চল্য মাৰ যোৱাৰ লগে লগে সংবাদমাধ্যমৰো ঘটনাটোত আগ্ৰহ কমিল। একেই গতি ললে মানৱধিকাৰ গোটসমূহেও। ভুক্তভোগীয়ে সংবাদমাধ্যমৰ প্ৰতিবেদনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মুখামুখি নিজেই হ'বলগীয়া হ'ল। ৰামেশ্বৰে তেঁওৰ ভাষ্য সম্পূৰ্ণৰূপে সলাই পেলালে। তেঁও ক'লে যে আতিশায্যৰ বলি তেঁও হৈছিল ঠিকেই, কিন্তু তেঁও অভিযোগপত্ৰত সন্নিবিষ্ট কৰা লোককেইজনে সেয়া কৰা নাই। তেঁও দোষীক চিনাক্ত কৰিব নোৱাৰিলে।
ৰামেশ্বৰৰ আঘাতৰ বিৱৰণি বিতংকৈ লিপিবদ্ধ কৰা জ্যেষ্ঠ চিকিত্সা বিষয়াজনেও বিস্মৃতিৰ অজুহাত দাখিল কৰে। হয়, ৰামেশ্বৰে ক্ষত-বিক্ষত দেহেৰে তেঁওৰ ওচৰলৈ আহিছিল ঠিকেই, কিন্তু সেই অস্বাভাৱিক আঘাত কেনেকৈ পাইছিল, সেইবিষয়ে ভুক্তভোগীয়ে কৈছিল নে নাই সেই কথা তেঁওৰ মনত নাই বুলি বিষয়াজনে কয়।






