“শেষকৃত্যত আমাৰ পিতৃয়ে মৰ্যাদা নাপাব বুলি আমি উদ্বিগ্ন হৈছিলো।”
পঞ্চনাথন সুব্ৰমনিয়মৰ মৃত্যুৰ দুমাহৰ পিছতো তেওঁৰ পুত্ৰ এছ ৰমেশে দুখ প্ৰকাশ কৰেঃ “ক’ভিড-১৯ৰ লক্ষণ দেখাৰ পিছত আমি যেতিয়া তেওঁক ঠাঞ্জাভুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছিলো, আমি কল্পনাও কৰা নাছিলো যে তেওঁক প্ৰাণহীন অৱস্থাত ঘূৰাই আনিব লাগিব।”
তদুপৰি ৬৮ বছৰীয়া সুব্ৰমনিয়মে ভাৰতীয় সেনা বাহিনীৰ কেৰাণী পদৰ পৰা কেইবছৰমান পূৰ্বে অবসৰ গ্ৰহণ কৰিছিল। তেওঁৰ তেনেকুৱা কোনো শাৰীৰিক সমস্যা নাছিল। সামৰিক বাহিনীত সেৱা আগবঢ়াবলৈ পাই তেওঁ নিজে গৌৰৱবোধ কৰে, “আৰু শাৰীৰিক সুস্থতা অটুত ৰাখিবলৈ যথেষ্ট যত্ন লৈছিল। তেওঁ সদায় খোজ কাঢ়িছিল আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত অতি সতৰ্ক আছিল,” তামিলনাডুৰ কুম্বাকোনম চহৰৰ বাসিন্দা ৪০ বছৰীয়া ৰমেশে কয়। “চিকিৎসালয়ত যেতিয়া ভৰ্তি কৰা হৈছিল, আমি তেওঁ আৰোগ্য হ’ব বুলি ভাবিছিলো।”
১৪ আগস্তত যেতিয়া সুব্ৰমনিয়মৰ মৃত্যু হয়, তেতিয়া ৰমেশ আৰু তেওঁৰ পৰিয়াল অতি উৎকণ্ঠিত হৈ পৰিছিল- কেৱল তেওঁক হেৰুৱাবলগাৰ বাবেই নহয়। ৰাজ্যখনত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ শেষকৃত্য যেনেকৈ ঘৃণিত হৈছিল, তেওঁলোকে সেয়া দেখিছিল আৰু সেয়ে ইয়াৰ পিছত কি কৰিব সেই লৈ বিবুদ্ধিত পৰিছিল। “বন্ধু আৰু আত্মীয়ৰ পৰা আমি অতি সামান্য সহায়-সমৰ্থন পাইছিলো। মই বুজিছিলো, কিয়নো ক’ৰণাৰ ফলত হোৱা মৃত্যু এক ব্যাপক উদ্বেগৰ কাৰণ।”
অবাঞ্চিতভাৱে ৰাজ্যখনৰ বেচৰকাৰী সংস্থা তামিলনাডু মুছলিম মুন্নেট্ৰা কাঝাগামে অতি কামত অহা সহায় আগবঢ়ালে। সুব্ৰমনিয়মৰ মৃত্যুৰ ঠিক পিছতে তামিলনাডুৰ মুছলিম মুন্নেট্ৰা কাঝাগাম (টিএমএমকে)ৰ ছয়জন সদস্য সহায় কৰিবলৈ আগবাঢ়ি আহিল। চিকিৎসালয়ত মৃতদেহ গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি তেওঁক মৰ্যাদা সহকাৰে তেওঁলোকৰ গৃহচহৰ কুম্বাকোনমত সমাধিস্থ (কিছুমান হিন্দু পৰিয়ালেও অন্ত্যোষ্টিক্ৰিয়াৰ পৰিৱৰ্তে সমাধিস্থ কৰে) কৰালৈকে সকলো কৰিছিল।
পৰিয়ালটোৰ বাবে এয়া আছিল ভাগ্যচক্ৰৰ অসাধাৰণ গতি। টিএমএমকে-ৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা তামিলনাডু আৰু পুডুচেৰীত সমাধিস্থ কৰা ১,১০০ জন লোকৰ মাজৰে এজন আছিল সুব্ৰমনিয়ম। মৃতকৰ জাত বা ধৰ্মৰ প্ৰতি চকু নিদিয়াকৈ তেওঁলোকে শেষকৃত্য সমাপন কৰিছিল। ধৰ্মীয় পৰম্পৰা আৰু পৰিয়ালৰ ইচ্ছাৰ লগত সংগতি ৰাখি তেওঁলোকে শেষকৃত্য সমাপন কৰিছিল। ক’ভিড-১৯ত মৃত বুলি নিশ্চিত হোৱাসকলৰ ক্ষেত্ৰত টিএমএমকে-য়ে ৮ ফুট গভীৰ গাত খান্দি সমাধিস্থ কৰাৰ স্থানীয় প্ৰশাসনৰ নিয়ম অনুসৰণ কৰিছিল।









