কান্দন ঘৰাৰ ঘৰৰ আন্ধাৰ কোঠা এটাৰ একুৱাৰিয়াম, টেংক আৰু বাচনত এঞ্জেল, পিকক, গাপ্পি, মলি আদি মাছে সাতুৰি আছে। “এয়া বৰ আলফুলে কৰিবলগীয়া কাম। সিহঁতক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব লাগে,” তেওঁ কয়।
কান্দন দক্ষিণ পৰগনা জিলাৰ উদয়ৰামপুৰ গাঁৱৰ এগৰাকী মৎস্যপালক। গাওঁখন পশ্চিমবংগৰ দক্ষিণ কলকাতাৰ পৰা ৩০ কিলোমিটাৰ দূৰত। তেওঁৰ গোটেই পৰিয়ালটো এই ব্যৱসায়ত নিয়োজিত। ৫৪০ টা পৰিয়াল থকা এইখন গাঁৱৰ ঘৰা পাৰা, মণ্ডল পাৰা আৰু মিস্ত্ৰী পাৰা - এই তিনিটা চুবুৰীৰ প্ৰায় ৫০-৬০ টা পৰিয়াল এই কামত জৰিত।
পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাৰ অন্য মৎস্যপালকৰ দৰে তেওঁলোকে ২০০ৰো অধিক ৰং-বিৰঙী থলুৱা আৰু বিদেশী মাছৰ প্ৰজাতিৰ খেতি কৰে, সেয়া আলংকাৰিক মাছৰ ৰাপ থকা মানুহে কিনে।







