বসন্ত বিন্দে ঘৰ অহা কেইদিনমান হৈছিল মাত্ৰ। তেওঁ জহানাবাদ জিলাৰ সলেমানপুৰ গাঁৱৰ পৰা কেইঘণ্টামানৰ দূৰত্বত থকা পাটনাত কেইমাহমান কৃষিশ্ৰমিক হিচাপে কাম কৰি আছিল।
সংক্ৰান্তি উৎসৱৰ পিছদিনা, অৰ্থাত ১৪ ফেব্ৰুৱাৰীৰ দিনা তেওঁ কৰ্মস্থানৰ পৰা উভতি আহিবলৈ লৈছিল আৰু চুবুৰীয়া গাওঁ ছন্ধাৰিয়াৰ পৰা কেইজনমান শ্ৰমিকক মাতিবলৈ গৈছিল। সেই শ্ৰমিককেইজনৰ লগতে তেওঁ ঘৰলৈ উভতাৰ কথা আছিল। তেওঁ শ্ৰমিককেইজনৰ লগত কথা পাতি আছিল, তেনেতে বিহাৰ নিষেধ আৰু আবকাৰী (সংশোধনী) আইন, ২০১৬ৰ অধীনত গঠন কৰা আৰক্ষী আৰু আবকাৰী বিভাগৰ স্কোৱাড এটা আহি সেই ঠাইত উপস্থিত হয়, যাৰ কাম হৈছে “বিহাৰৰ পৰা সুৰা আৰু মাদকদ্ৰব্য জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰা আৰু সজাগতা বিয়পোৱা…”।
পুলিচ দেখি তেওঁলোক ভয়তে ইফালে-সিফালে পলাবলৈ ধৰিলে। বসন্তও ভয় খাই দৌৰিলে। প্ৰায় ২৭ বছৰ বয়সীয়া বসন্তই কয়, “ভৰিত ষ্টীল লগোৱা আছে কাৰণে বেগাই দৌৰিব নোৱাৰো। কোনোমতে ৫০-৬০ ফুটমান দৌৰিছিলোহে, পুলিচৰ মানুহে চোলাৰ কলাৰত ধৰি গাড়ীত উঠাই ল’লে।”
তেওঁক অভিযানকাৰী আৰক্ষীয়ে ক’লে যে তেওঁৰ তালাচী লোৱা হ’ব। ঘৰতো তালাচী চলোৱা হ’ব। কিন্তু তেনে কোনো তালাচী নচলিল। “পুলিচে ক’লে যে জহানাবাদ চহৰৰ আবকাৰী বিভাগৰ থানালৈ নি এৰি দিয়া হ’ব।”
কিন্তু থানালৈ গৈ দেখে যে তেওঁৰ পৰা আধা লিটাৰ মদ জব্দ কৰা বুলি লিখা হ’ল আৰু সুৰা নিবাৰণ আৰু উৎপাদন অধিনিয়মৰ অধীনত সুৰা জব্দ কৰাৰ গোচৰ তৰা হ’ল। কাৰোবাৰ হাতত প্ৰথমবাৰৰ বাবে মদ পালে পাঁচ বছৰ পৰ্য্যন্ত কাৰাবাস আৰু এক লাখ টকা পৰ্য্যন্ত জৰিমনাৰ নিয়ম আছে।










