‘মোৰ পাঁচ বছৰীয়া ছোৱালীজনীৰ তীব্ৰ জ্বৰ হৈছে। কিন্তু আৰক্ষীয়ে (তাইক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত) মোৰ স্বামীক বাধা দিলে। তেওঁ ভয় খালে আৰ উভতি আহিল। আমাক কলনিৰ পৰা ওলাবলৈ নিদিয়ে, আনকি হাস্পতাললৈ যাবলৈও দিয়া নাই,’ শ্বাকিলা নিজামুদ্দিনে কয়।

আহমেদাবাদ চহৰৰ চিটিজেন নগৰ সাহায্য কলনিত ৩০ বছৰীয়া শ্বাকিলাই বাস কৰে। ঘৰতে চিলা সাজি তেওঁ জীৱিকা নিৰ্বাহ কৰে। তেওঁ আৰু স্বামী, দুয়ো দৈনিক মজুদুৰ। তলাবন্ধৰ ফলত উপাৰ্জন বন্ধ হৈ পৰাৰ লগতে তেওঁলোকৰ জীৱনৰ আশাবোৰ ক্ষীণ হৈ যাবলৈ ধৰিছে। ‘ক্লিনিকবোৰ বন্ধ। সিহঁতে আমাক ঘৰলৈ যাবলৈ ক’লে আৰু ঘৰতে নিৰাময়ৰ ব্যৱস্থা কৰাৰ কথাও ক’লে। হাস্পতাললৈ যাব বিচাৰিলে আৰক্ষীয়ে ফাইল আৰু নথিপত্ৰ বিচাৰে। সেই ইমানবিলাক কাগজ-পত্ৰ আমি ক’ত বিচাৰি পাম?’ তেওঁ মোক ভিডিঅ” কলৰ দ্বাৰা কথাবিলাক ক’লে।

২০০২ৰ ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে গৃহহীন হৈ পৰা ৫০,০০০ৰো অধিক লোকৰ বাবে ২০০৪ত গুজৰাটৰ এক দাতব্য প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এনেধৰণৰ ৮১ টা আবাসিক কলনিৰ ভিতৰত এইটো এটা আৰু তলাবন্ধৰ সময়ত ইয়াৰ বাসিন্দাসকল ভয়ংকৰ দুঃস্বপ্নৰ মাজেৰে সময় পাৰ কৰিছে।

সমগ্ৰ ভাৰতত কৰ’ণাভাইৰাছ বিয়পি পৰাত বাধা দিবলৈ সকলোকে মাৰ বান্ধি ওলাই আহিবলৈ অমিতাভ বচ্চনে আহ্বান জনোৱা টেলিভিছনৰ পৰ্দাত দেখা বুলি মোক এজনে ক’লে।

‘আমি যদি হাত সাৱতি ঘৰতে বহি থাকিব লাগে, তেন্তে কি কাৰণত আমি হাত ধুব লাগে?’ মৰমতে সকলোৱে ৰেশ্মা আপ্পা বুলি কোৱা চিটিজেন নগৰ কলনীৰ এগৰাকী নেত্ৰী ৰেশ্মা ছৈয়দে কয়। ২০০২ত সংঘৰ্ষৰ বলি হোৱা নাৰোডা পাটিয়াৰ লোকৰ কাৰণে আহমেদাবাদত নিৰ্মাণ কৰা ১৫ টা পুনৰ্সংস্থাপন কলনিৰ ভিতৰত ই এটা। কলনিৰ প্ৰৱেশপথত থকা এটুকুৰা পকীত লিখি থোৱাৰ পৰা জানিব পৰা যায় যে ২০০৪ত কেৰালা ৰাজ্যিক মুছলিম সাহায্য কমিটিৰ সহায়ত এই কলনি নিৰ্মাণ কৰা হৈছিল। সংঘৰ্ষত প্ৰাণৰক্ষা পৰা ৪০ টা পৰিয়াল প্ৰথমে ইয়ালৈ আহিছিল, দুবছৰ আগতে তেওঁলোকৰ সকলো সম্পত্তি নিজৰ চকুৰ আগতে জ্বলাই ভষ্মীভূত কৰা তেওঁলোকে দেখিছিল।

In Citizen Nagar, the threat the coronavirus brings is not just that infection, but also a heightened hunger and lack of access to medical help
PHOTO • Nijammuddin Saiyed
In Citizen Nagar, the threat the coronavirus brings is not just that infection, but also a heightened hunger and lack of access to medical help
PHOTO • Nijammuddin Saiyed
In Citizen Nagar, the threat the coronavirus brings is not just that infection, but also a heightened hunger and lack of access to medical help
PHOTO • Nijammuddin Saiyed

চিটিজেন নগৰত কৰ’ণাভাইৰাছে কেৱল সংক্ৰমণৰ ভাবুকি কঢ়িয়াই অনা নাই, ইয়াৰ ফলত প্ৰৱল দুৰ্ভিক্ষৰ সৃষ্টি হৈছে আৰু চিকিৎসা সাহায্য পাবলৈ নোহোৱা হৈছে

এতিয়া ইয়াত প্ৰায় ১২০ টা পৰিয়াল আছে। একেবাৰে কাষতে থকা মুবাৰক নগৰ আৰু ঘাচি মছজিদ এলেকাত এশৰো অধিক পৰিয়াল আছে। ২০০২ৰ পূৰ্বে সকলো এটা ডাঙৰ বস্তিৰ বাসিন্দা আছিল। চিটিজেন নগৰ কলনি স্থাপন হোৱাৰ পিছত সংঘৰ্ষত উদ্বাস্তু হোৱা লোকৰ আগমনেৰে সংখ্যা বৃদ্ধি পালে।

জাবৰৰ পাহাৰৰ পৰিত্যক্ত পিৰানাৰ পাদদেশত চিটিজেন নগৰ কলনি। ১৯৮২ চনৰ পৰা আহমেদাবাদৰ ই আছিল বৃহৎ আৱৰ্জনাৰ পাহাৰ। ৮৪ হেক্টৰ মাটিত ই প্ৰসাৰিত হৈ আছিল। জাবৰৰ অগনন পাহাৰৰ বাবে ই জনাজাত, আবৰ্জনাৰ একেটা পাহাৰ ৭৫ মিটাৰৰো অধিক উচ্চ আছিল। পিৰানাত কমেও ৭৫ লাখ মেট্ৰিক টন আবৰ্জনা স্তূপীকৃত হৈ আছিল। মাজে মাজে ইয়াৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই আহমেদাবাদ চহৰক শ্বাসৰুদ্ধ কৰিছিল।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে আবৰ্জনা পৰিষ্কাৰ কৰিবলৈ আহমেদাবাদৰ পৌৰ নিগমক দিয়া চুড়ান্ত সময়সীমাৰ সাত মাহ হৈছিল। যেনেতেনে ১৫০ দিন অতিবাহিত হোৱাৰ পিছত মাটি ভৰাবলৈ এটা সৰু মেচিন সেই ঠাইলৈ অনা দেখা গ’ল- ৩০ টাৰ ঠাইত মাত্ৰ এটা অনা হৈছিল।

ক্ষুদ্ৰ আগ্নেয়গিৰি সদৃশ উদগীৰণৰ পৰা যেতিয়াই তেতিয়াই অগ্নিকাণ্ড হয় আৰু ধোঁৱাই ডাৱৰৰ দৰে আকাশ আচ্ছন্ন কৰি পেলায়। এনে ঘটনা ঘটাৰ সময়ত এই কলনিটো সংবাদ শিৰোনাম হৈ পৰে, বছৰ বছৰ ধৰি পুনৰ্বাসন কৰা লোকসকলে বিনা নথিপত্ৰৰে এনে ঘৰত বাস কৰাৰ কাহিনী প্ৰকাশ পায়। বিগত ১৫ বছৰ ধৰি এই কলনিৰ নাগৰিকসকলে বিষাক্ত গেছ উশাহ-নিশাহৰ লগত গ্ৰহণ কৰি আহিছে।

‘এই কলনিত শুকান কাঁহ আৰু চৰ্দিত ভুগি থকা বহুতো ৰোগী আছে।’ ৰাজহুৱা স্বাৰ্থত দাতব্য ন্যাস আৰু সমাজকৰ্মীৰ দ্বাৰা পৰিচালিত ওচৰতে থকা ৰাহত চিটিজেন ক্লিনিকৰ স্বাস্থ্য পৰামৰ্শদাতা ডা. ফাৰহিন ছৈয়দে কয়। ‘সকলো সময়তে হৈ থকা বায়ু প্ৰদূষণ আৰু বিষাক্ত গেছ বতাহত মিহলি হৈ থকাৰ বাবে এই ঠাইৰ মানুহৰ শ্বাসকষ্ট আৰু হাওঁফাওঁৰ সংক্ৰমণ একেবাৰে সাধাৰণ ঘটনা। ঠিক সেইদৰে কলনিত বহুতো যক্ষ্মাৰোগীও আছে,’ ডা. ছৈয়দে কয়। তলাবন্ধ আৰম্ভ হোৱা বাবে ক্লিনিকখন বন্ধ ৰাখিবলগা হ’ল।

যি ঠাইত সামান্য পৰিমাণে বা একেবাৰে বিশুদ্ধ পানী পাবলৈ নাই, তেনে অৱস্থাত চিটিজেন নগৰৰ বাসিন্দা ৰেশ্মা আপ্পাৰ দৰে লোকসকলৰ বাবে ক’ভিড-১৯ স্বাস্থ্য নিৰ্দেশিকা মতে সঘনে হাত ধোৱা এক বিদ্ৰুপ স্বৰূপ।

Around 120 families live in Citizen Nagar, a relief colony for 2002 riot victims at the foothills of the Pirana landfill in Ahmedabad
PHOTO • Nijammuddin Saiyed
Around 120 families live in Citizen Nagar, a relief colony for 2002 riot victims at the foothills of the Pirana landfill in Ahmedabad
PHOTO • Nijammuddin Saiyed

আহমেদাবাদৰ পিৰানা আৱৰ্জনাৰ পাহাৰৰ কাষত ২০০২ৰ সংঘৰ্ষত সৰ্বশ্ৰান্ত হোৱাসকলৰ পুনৰ্বাসন আবাসিক গৃহ চিটিজেন নগৰত কমেও ১২০টা পৰিয়ালে বাস কৰে

মৃত্যু, সংক্ৰমণ অথবা ৰোগীয়া হোৱাৰ ভাবুকি কৰ’ণা ভাইৰাছ এই কলনিত নতুনকৈ অনা নাই। ইতিমধ্যে এনে ভাবুকিৰ মাজত ইয়াৰ মানুহে কাম কৰিছে। কিন্তু তলাবন্ধই খাদ্যৰ অনাটন নমাই অনাৰ লগতে চিকিৎসাসেৱাও দুৰ্লভ কৰি তুলিছে।

‘প্লাষ্টিক, ডেনিম, ধপাঁত আদিৰ দৰে ক্ষুদ্ৰ কাৰখানাত আমাৰ ইয়াৰ বেছিভাগ মহিলাই কাম কৰে,’ ৪৫ বছৰীয়া ৰেহানা মিৰ্জাই কয়। ‘ইফালে কাৰখানাবিলাকত কামৰ নিশ্চয়তা নাই, কাম থাকিলে কৰিবলৈ মাতিব, নাথাকিলে আহিব নালাগে বুলি ক’ব।’ ওচৰৰে এটা ধপাঁতৰ কাৰখানাত কাম কৰা ৰেহানা এগৰাকী বিধবা মহিলা। দৈনিক ৮ৰ পৰা ১০ ঘণ্টা কাম কৰি তেওঁ এদিনত ২০০ টকাৰ মজুৰী উপাৰ্জন কৰে। তলাবন্ধৰ দুসপ্তাহৰ আগতে সেই কাম বন্ধ হ’ল। তলাবন্ধ উঠি নোযোৱালৈকে কোনো কাম পোৱাৰ আশা নোহোৱা হ’ল। খোৱাবস্তু কিনিবলৈ তেওঁৰ টকা নাই।

‘শাক-পাচলি. গাখীৰ, চাহপাত একো নাই। বহুতে এসপ্তাহ ধৰি অনাহাৰে আছে। তেওঁলোকে শাক-পাচলিৰ ট্ৰাক বাহিৰৰ পৰা আহিবলৈ অনুমতি নিদিয়ে। ওচৰতে থকা গেলামালৰ দোকান বিলাক খুলিবলৈ নিদিয়ে। ইয়াৰ বহুতো বাসিন্দা ক্ষুদ্ৰ ফেৰীৱালা, অটোৰিক্সাৰ চালক, কাঠমিস্ত্ৰী, দিনমজুৰী কৰা শ্ৰমিক। সিহঁত ওলাই যাব নোৱাৰে, উপাৰ্জন কৰিব নোৱাৰে। টকা অহাৰ সকলো পথ বন্ধ। আমি কি খাই জীয়াই থাকিম? আমি কি কৰিব লাগিব,’ ৰেশ্মা আপ্পাই কয়।

কলনিৰ কেইবাজনো অটোৰিক্সা চালকৰ ভিতৰত এজন ফাৰুক শ্বেখে কয়, ‘মই দৈনিক ৩০০ টকাৰ বিনিময়ত এখন অটো ভাড়ালৈ লৈছিলো। মোৰ কোনো নিৰ্দিষ্ট উপাৰ্জন নাই। কোনোবা দিনত ভালকৈ ভাড়া নাপালেও মই অটোৰ ভাড়া দিব লাগিব। টকাৰ কাৰণে মই অলপ দিন কাৰখানাত কাম কৰিছিলো।’ দৈনিক ১৫ ঘণ্টা অটো চলোৱাৰ পিছত তেওঁ ৬--৭০০ টকা উপাৰ্জন কৰিছিল, আধা বা তাতকৈ কম হাতলৈ আহিছিল।

ছয়জনীয়া পৰিয়াল এটাৰ একমাত্ৰ উপাৰ্জনকাৰী ফাৰুকে তলাবন্ধ আৰু সান্ধ্য আইনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বাবে পোৱা কষ্ট বাৰুকৈয়ে উপলব্ধি কৰিছে। ‘আমি দৈনিক উপাৰ্জন কৰো আৰু খাওঁ। এতিয়া ওলাই যাব নোৱাৰো, উপাৰ্জন কৰিব নোৱাৰো। পুলিচে আমাক মাৰে,’ তেওঁ কৈ যায়, ‘বহুতো মানুহৰ ঘৰত আনকি পানীও নাই। কি চেনিটাইজাৰ, কি মাস্ক? আমি দুখীয়া মানুহ আমাৰ তেনেকুৱা মহঙা বস্তু নাই। প্ৰদূষণ সদায় থাকে। তাৰ বাবে মৃত্যু আৰু ৰোগৰ ঘটনা ঘটে।’

Left: 'Many are without food for a week now', says community leader Reshma aapa. Centre: Farooq Sheikh with his rented auto; he is feeling the heat of the lockdown. Right: Even the Rahat Citizen Clinic has been shut for the lockdown (file photo)
PHOTO • Nijammuddin Saiyed
Left: 'Many are without food for a week now', says community leader Reshma aapa. Centre: Farooq Sheikh with his rented auto; he is feeling the heat of the lockdown. Right: Even the Rahat Citizen Clinic has been shut for the lockdown (file photo)
PHOTO • Nijammuddin Saiyed
Left: 'Many are without food for a week now', says community leader Reshma aapa. Centre: Farooq Sheikh with his rented auto; he is feeling the heat of the lockdown. Right: Even the Rahat Citizen Clinic has been shut for the lockdown (file photo)
PHOTO • Nijammuddin Saiyed

বাওঁফালেঃ ‘এতিয়ালৈকে বহুতে এসপ্তাহ ধৰি খাবলৈ পোৱা নাই,’ কলনিৰ নেত্ৰী ৰেশ্মা আপ্পাই কয়। মাজতঃ ভাড়ালৈ লোৱা অটোৰিক্সাখনৰ সৈতে ফাৰুক শ্বেখ, তলাবন্ধৰ প্ৰভাৱে তেওঁক ভালকৈ দহিছে। সোঁফালেঃ আনকি ৰাহত চিটিজেন ক্লিনিকখনো তলাবন্ধৰ বাবে বন্ধ ৰখা হৈছে (ফাইল ফটো)

এই অঞ্চলৰ ভয়াৱহ তথা বিষাক্ত বসবাসৰ অৱস্থা স্বত্তেও বহুবাৰ আবেদন জনোৱাৰ পিছতো চৰকাৰে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ এটা প্ৰতিষ্ঠা নকৰিলে। মাথোন ২০১৭ত ৰাহত চিটিজেন ক্লিনিক স্থাপন কৰা হৈছিল, ব্যক্তি বিশেষৰ বৰঙনি আৰু সম্প্ৰদায়টোৰ স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাৰ বাবে কাম কৰি থকা আহমেদাবাদ বিশ্ববিদ্যালয়ৰ ডেকা অধ্যাপক আব্ৰাৰ আলিৰ দৰে লোকৰ প্ৰচেষ্টা। ইয়াৰ সৈতে জৰিত হৈ আছে। কিন্তু ক্লিনিক এখন চলাই থকা ইমান সহজ নহয়। এজন ভাল চিকিৎসক, বৰঙনি দিবলৈ আগবাঢ়ি অহা দাতা আৰু উদাৰ বা বদান্য ঘৰৰ মালিক বিচাৰি আলিয়ে সংগ্ৰাম কৰিবলগা হৈছিল। ইয়াৰ ফল স্বৰূপে আঢ়ৈ বছৰত ক্লিনিকৰ ঠাই তিনিবাৰ আৰু চাৰিজন চিকিৎসক সলনি কৰিবলগা হৈছিল। এতিয়া সমগ্ৰ চহৰত বলবৎ থকা তলাবন্ধৰ বাবে ক্লিনিক বন্ধ ৰাখিবলগা হৈছে।

চিটিজেন নগৰ কলনিৰ আহমেদাবাদ পৌৰ নিগমৰ পৰিসীমাৰ ভিতৰত, কিন্তু পৌৰ নিগমৰ পানী যোগান দিয়া নহয়। ২০০৯ত গভীৰ নলীনাদ নবহুৱালৈকে ব্যক্তিগত মালিকানাধীন পানীৰ টেংকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু গভীৰ নলীনাদৰ পানী একেবাৰে খোৱাৰ উপযোগী নাছিল। আহমেদাবাদত থকা ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’ৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে এই পানীত উচ্চ হাৰত লৱণ, ধাতবীয় উপাদান, ক্ল’ৰাইড, ছালফেট আৰু মেগনেছিয়াম আছে। সম্প্ৰতি ছমাহৰ আগতে আন এটা গভীৰ নলীনাদ বনোৱা হৈছিল। ইয়াৰ পৰা কলনিৰ বাসিন্দাসকলৰ চাহিদা আংশিক পূৰণ হৈছে। কিন্তু পানীৰ পৰা হোৱা ৰোগ আৰু পেটৰ সংক্ৰমণত ইয়াৰ বাসিন্দাসকলে ভূগিছে। মহিলা আৰু শিশুসকল বিভিন্ন ছালৰ ৰোগত আক্ৰান্ত হয়, দূষিত পানী ব্যৱহাৰ কৰা আৰু খোৱাৰ ফলত ভেঁকুৰজনিত সংক্ৰমণ সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে।

চিটিজেন নগৰৰ বাসিন্দাই দেখিছে যে ইয়াৰ চৰকাৰে তেওঁলোকৰ পৰা বহু আগতেই সামাজিক দূৰত্বৰ সৃষ্টি কৰিছিল। ইতিমধ্যে ভিন্ন সমস্যাত আক্ৰান্ত লোকসকলৰ বাবে ক’ভিড-১৯ বিশ্ব মহামাৰী আৰু তলাবন্ধ কেৱল প্ৰবচনৰ দৰে তেওঁলোকৰ মূৰত পৰা আন এক অসহনীয় বোজা। ‘চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দিয়ে আৰু ভোট মাগে,’ ইয়াত বাস কৰা পাইপৰ মিস্ত্ৰী মোস্তাক আলী (নাম সলনি কৰা হৈছে) য়ে কয়। ‘কোনো নেতাই আমাৰ এলেকালৈ অহাৰ গৰজ আছে বুলি নাভাবে। আমি কেনেকৈ জীয়াই আছো, সেয়া চাবলৈ তেওঁলোক অহা নাই। এনেকুৱা চৰকাৰৰ প্ৰয়োজন কি আছে? ইয়াৰ মানুহেও তেওঁলোকৰ কাৰচাজি বুজি পায়,’ তেওঁ কয়।

মোস্তাকৰ এটা কোঠাৰ ঘৰটোৰ পৰা আৰু ঠেক-ঠেকিকৈ থকা ঘৰবোৰত থকা টিভিত অমিতাভ বচ্চনৰ দৃঢ় আহ্বান জনোৱা বলিষ্ঠ কণ্ঠস্বৰ ভাঁহি আহিছে, ‘...প্ৰয়োজন নহ’লে নিজৰ চকু আৰু নাক-মুখ নচুব...এই লক্ষণবোৰৰ কোনোবা এটা দেখিলে নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা চিকিৎসকৰ ওচৰলৈ শীঘ্ৰে যাওক...।’

অনুবাদঃ পংকজ দাস

Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das