বেছি মজুৰিৰ আশাত পশ্চিমবংগৰ গাড়াং গাঁৱৰ ২৮ বছৰীয়া চিত্তৰঞ্জন ৰয়ে ২০১৫ চনত সুদূৰ কেৰালালৈ যাত্ৰা কৰিছিল। ৰাজ্যখনৰ বিভিন্ন স্থানত ৰাজমিস্ত্ৰীৰ কাম কৰি কিছু টকা সঞ্চয় কৰি লীজত লোৱা আঠ বিঘা মাটিত খেতি কৰিম বুলি ঘৰলৈ উভতিছিল। পূৰ্বে ঘৰৰ কৃষিভূমিত তেওঁ কাম কৰিছিল। এই নিজাকৈ আলুখেতি কৰি ভাগ্য অন্বেষণ কৰাৰ চেষ্টা কৰিছিল চিত্তৰঞ্জনে।
‘প্ৰথমবাৰৰ বাবে খেতি কৰা কাৰণে পৰিশ্ৰম অধিক হোৱাৰ লগতে বিনিয়োগ বেছি হৈছিল’, তেওঁৰ খুড়া প্ৰায় পঞ্চাশ বছৰীয়া উত্তম ৰয়ে কয়। ভাল ফচল হ’লে অধিক উপাৰ্জন হ’ব বুলি চিত্তৰঞ্জনে স্থানীয় সুদখোৰ মহাজন আৰু বেংকৰ পৰা উচ্চ হাৰত প্ৰায় পাঁচ লাখ টকা ঋণ লয় বুলি উত্তমে কয়। ২০১৭ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মাটিডৰাত পানী জমা হয়। শস্য নষ্ট হয়। ইমান লোকচানৰ বোজা বব নোৱাৰি সেই বছৰ ৩১ জুলাইৰ দিনা চিত্তৰঞ্জনে নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে।
জলপাইগুৰী জিলাৰ ধুপগুৰী উন্নয়ন খণ্ডৰ একেখন গাঁৱৰ কৃষক চিন্তামোহন ৰয়ে কয়, “তেওঁৰ অভিভাৱকে তেওঁৰ বিয়া পতাৰ বাবে ইচ্ছুক আছিল”। চিন্তামোহনে নিজ গাঁৱত পাঁচ বিঘা মাটিত আলু, ধান আৰু মৰাপাটৰ খেতি কৰে। “যিহেতু তেওঁ ঋণৰ বাবে যোগ্য নাছিল তেওঁৰ হৈ পিতৃয়ে ঋণ লৈছিল”। এতিয়া পুত্ৰৰ মৃত্যুৰ পিছত পিতৃ সমস্যাত পৰাৰ লগতে মাতৃ ৰুগীয়া হৈ পৰিছে।
চিন্তামোহনে সম্প্ৰতি নিজ পৰিয়ালতো আত্মহত্যাৰ ঘটনা দেখিছে। “মোৰ ভাই এজন সাধাৰণ মানুহ। ঋণৰ বোজা সহ্য কৰিব নোৱাৰি ২০১৯ চনৰ ২৩ জুনত তেওঁ কীটনাশক সেৱন কৰি আত্মহত্যা কৰে”। একাৱন্ন বছৰীয়া গংগাধৰ আছিল তেওঁৰ ভাই।
“তেওঁ নিজৰ পাঁচ বিঘা মাটিত আলুখেতি কৰিছিল”, ৫৪ বছৰীয়া চিন্তামোহনে কয়। “তেওঁ বেংক, সুদখোৰ মহাজন আনকি বিক্ৰেতাৰ পৰাও ঋণ লৈছিল। বিগত কেইটামান বছৰ ধাৰাবাহিকভাৱে লোকচান ভৰাৰ পিছৰ পৰিস্থিতিত তেওঁ নিজকে চম্ভালিব নোৱাৰিলে…”
গাংগাধৰৰ গাঁৱত তেওঁৰ বেছিভাগ মাটি সুদখোৰ মহাজনৰ ওচৰত বন্ধকীত আছে। তেওঁৰ মুঠ ধাৰৰ পৰিমাণ প্ৰায় পাঁচ লাখ আছিল। তেওঁৰ পত্নী গৃহিণী। তেওঁৰ তিনিগৰাকী ছোৱালী আছে, তাৰে ডাঙৰ গৰাকী কলেজত পঢ়ি আছে। “আমি ভাই আৰু গংগাধৰৰ সম্বন্ধীয়সকলে কিবা প্ৰকাৰে পৰিয়ালটোক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছো”, চিন্তামোহনে কয়।







