চাউথ মুম্বাইৰ ভুলেশ্বৰৰ ঠেক গলিৰ বেহু ভাঙি ওলাই আহিবলৈ মঞ্জুৰ আলম শ্বেইখ পুৱা ৫ বজাতে উঠে। প্ৰায়ে চেকড্ থকা লুঙি পিন্ধি থকা লেংকিয়ে তেওঁৰ ৫৫০ লিটাৰৰ লোৰ ঠেলাখন কোৱাচজি পাটেল টেংকৰ ওচৰলৈ পানী ভৰাবলৈ লৈ যায়। তেওঁ থকা ঠাইখনৰ সেয়া এক কিলোমিটাৰমান দূৰত্বত অৱস্থিত, মিৰ্জা গালিব মাৰ্কেটৰ কাষত, দুধ বজাৰৰ ৰাজহুৱা শৌচাগাৰ এটাৰ এচুকত মুকলি ঠাইত সেই স্থান। তেওঁ ঠেলাখনত পানী ভৰাই দুধ বজাৰলৈ উভতি আহে আৰু তাতে ঠাই এটুকুৰা বিচাৰি লয়। তাৰ পৰাই তেওঁ দোকান-পোহাৰ আৰু মানুহৰ ঘৰলৈ পানী বিক্ৰী কৰা আৰম্ভ কৰে।
৫০ বছৰ বয়সীয়া মঞ্জুৰ ভিস্তি সম্প্ৰদায়ৰ অন্তিম কেইজনমানৰ এজন, পানী বিক্ৰী কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰে। মুম্বাইৰ এই ঐতিহাসিক ভিতৰুৱা অঞ্চলটোত তেওঁ প্ৰায় চাৰিটা দশক খোৱা, কাপোৰ ধোৱা আৰু চাফাই কৰ্মৰ বাবে পানী যোগান ধৰি আহিছে। ক’ভিড-১৯ মহামাৰীয়ে ভিস্তিসকলৰ জীৱিকাৰ বাট মৰাৰ আগলৈকে ভুলেশ্বৰৰ মঞ্জুৰৰ দৰে আঙুলিৰ মূৰত লেখিব পৰা কেইগৰাকীমান মশকৱালাই মশক মানে ৩০ লিটাৰ পানী কঢ়িয়াব পৰা চামৰাৰ মোনা কঢ়িয়াই পানী যোগান ধৰিছিল।
কিন্তু মশকেৰে পানী দিয়া পৰম্পৰা ‘এতিয়া মৃত’, ২০২১ৰ পৰা তেনে মোনাৰ সলনি প্লাষ্টিকৰ বাল্টিত পানী কঢ়িওৱা মঞ্জুৰে কয়। “আগৰ দিনৰ ভিস্তিসকলে ঘৰলৈ যাব লাগিব, ডেকাবোৰে নতুন কাম বিচাৰিব লাগিব,” তেওঁ কয়। উত্তৰ ভাৰতৰ মুছলমান সম্প্ৰদায় ভিস্তিসকলৰ কামৰ শেষ চিন হিচাপে ৰৈ গৈছে এই মশকত পানী কঢ়িওৱা কাম। ভিস্তি শব্দটো পাৰ্চী মূলৰ, অৰ্থ ‘পানী কঢ়িওৱা’। এই সম্প্ৰদায়টোক চাক্কা বুলিও জনা যায়, আৰৱীত ইয়াৰ অৰ্থ ‘পানী কঢ়িওৱা’ আৰু ‘কাপ বাহক’। ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দিল্লী, মধ্য প্ৰদেশ আৰু গুজৰাট (গুজৰাটত এই সম্প্ৰদায়টোক পাখালি বুলি জনা যায়)ত ভিস্তিসকলক অনান্য পিছপৰা শ্ৰেণী (ও.বি.চি.) হিচাপে তালিকাভূক্ত কৰা হৈছে।

























