বনাঞ্চল কোম্পানীক হস্তান্তৰ কৰাৰ বাবে গাওঁসভাৰ মতামত প্ৰদানৰ প্ৰস্তাৱ জালিয়াতিৰে কৰা হৈছে বুলি টালাবিৰাৰ বাসিন্দাসকলে কয়। ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্তৃপক্ষলৈ যোৱা অক্টোবৰত তেওঁলোকে প্ৰেৰণ কৰা আপত্তিৰ প্ৰতিলিপি দেখুৱালে। ‘এই সকলো কাম জালিয়াতিৰে কৰা হৈছে। বনাঞ্চলৰ গছ কাটিবলৈ আমি কেতিয়াও অনুমতি দিয়া নাছিলো,’ ৱাৰ্ডৰ সদস্য সুস্মিতা পাত্ৰই কয়। ৰাউটে কয়, ‘ইয়াৰ বিপৰীতে বনাঞ্চল অধিকাৰ আইনৰ অধীনত আমাৰ বনাঞ্চলৰ অধিকাৰক স্বীকৃতি দিব লাগে বুলি ২০১২ৰ ২৮ মে’ত আমাৰ টালাবিৰা গ্ৰাম্য জংঘল সমিতিয়ে জিলা উপায়ুক্তলৈ লিখিছিল। লগতে ইযাৰ প্ৰতিলিপি আমাৰ লিখিত অভিযোগৰ লগত গাঠি দি আমি কৰ্তৃপক্ষক কৈছিলো যে আমাৰ মতামতৰ নামত ‘জালিয়াতি’ কৰা হৈছে।’
নতুন দিল্লীৰ পলিচি ৰিচাৰ্ছ কেন্দ্ৰৰ জ্যেষ্ঠ গৱেষক কাঞ্চি কোহলিয়ে টালাবিৰা বনাঞ্চলৰ গছ কটা আৰু কোম্পানীক হস্তান্তৰ কৰাৰ সকলো দলিল অধ্যয়ন কৰি কয়, ‘সাধাৰণতে বনাঞ্চল হস্তান্তৰ সমুদায় প্ৰক্ৰিয়া স্বচ্ছ হ’ব লাগে। ক্ষতিগ্ৰস্ত লোকসকলে পৰিদৰ্শনৰ প্ৰতিবেদন আৰু অনুমোদনাৱলী সম্পৰ্কে জানিব পাৰে। টালাবিৰৰ সমস্যাও এনে সমস্যাৰ নামান্তৰ। যেতিয়া গছ কটা আৰম্ভ হ’ল, তেতিয়াহে গাওঁবাসীয়ে জানিব পাৰিলে যে বনভূমিলৈ খনিৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে- অথচ যি বনভূমিৰ ওপৰত গাওঁবাসীৰ ঐতিহাসিক বনাঞ্চল অধিকাৰ আছিল।’
নথিপত্ৰসমূহ পঢ়ি কোহলিয়ে কয়, ‘স্পষ্টভাবে দেখা যায় স্থান পৰিদৰ্শনৰ প্ৰতিবেদন পালমৰা আৰু মূল্যায়নো ওপৰে ওপৰে কৰা হৈছিল। ১.৩ লাখ জোপা গছ কটাৰ প্ৰভাৱ অতি নগন্য বুলি উল্লেখ কৰা হৈছে। এই সম্পৰ্কে কোনেও প্ৰশ্ন নকৰিলে, পৰিৱেশ মন্ত্ৰালয়ত বন উপদেষ্টা সমিতিয়ে গাওঁসভাৰ প্ৰস্তাৱ পৰীক্ষা নকৰিলে। বনাঞ্চলৰ ভূমি হস্তান্তৰৰ ক্ষেত্ৰত ভালেমান গুৰুত্বপূৰ্ণ সুৰুঙা ৰৈ গৈছে।’
কৰ্তৃপক্ষই গাওঁবাসীৰ প্ৰতিবাদৰ প্ৰতি নিশ্চিতভাবে গুৰুত্ব দিয়া উচিত। ৰঞ্জন পাণ্ডাই কয়, ‘জলবায়ু পৰিৱৰ্তনৰ মহাশতৰু হৈছে কয়লা। জলবায়ু পৰিৱৰ্তনৰ তীব্ৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ বিশ্বই কয়লাচালিত শক্তি উৎপাদন প্ৰকল্পৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছে।’
‘গাঁৱৰ মানুহৰ মাজত বন অধিকাৰ আইন সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰে অলপো প্ৰচেষ্টা চলোৱা নাই। আমি আমাৰ নিজ প্ৰচেষ্টাৰে আপত্তি জনাই আহিছো। আইন প্ৰণয়ন হোৱাৰ আগৰে পৰা আমি বনাঞ্চল ৰক্ষা কৰি আহিছো,’ দিলীপ সাহুৱে কয়। ‘এতিয়া চৰকাৰে কৈছে যে কোম্পানীক বনভূমি দিবলৈ আমি হেনো মতামত দিছিলো। মই তেওঁলোকক সুধিব বিচাৰো, ‘তোমালোকে যদি আমাৰ সন্মতি লাভ কৰিছিলা, তেন্তে আমাৰ গছবোৰ কাটি থকা কোম্পানীৰ সুৰক্ষাৰ বাবে আমাৰ গাঁৱত তোমালোকে কিয় ইমান বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিছা?’
পৰিশিষ্টঃ টালাবিৰা কয়লা খনি অঞ্চলত গছ কটা কাম কৰা নাই বুলি আদানি এণ্টাৰপ্ৰাইজে স্পষ্টীকৰণ দিছে। তেওঁলোকৰ স্থিতি উল্লেখ কৰিবপৰাকৈ সেয়ে এই প্ৰতিবেদনটো ২০২০ চনৰ ৯ জানুৱাৰীত শেহতীয়া তথ্য সংযোজনেৰে উন্নীত কৰা হৈছে।
অনুবাদঃ পংকজ দাস