মই মোৰ নাতি ল'ৰা-ছোৱালীকেইটাৰ কাৰণে আহিছো,' ষাঠি বছৰীয়া গংগুতাঈ চন্দৰ ৱাৰঘাড়েয়ে কয়। 'কিজানি মোৰ আজিৰ খোজে সিহতৰ কাইলৈৰ দিনবোৰ সুন্দৰ কৰেই।'
মহাদেৱ কোলি অনুসূচিত জনজাতিৰ গংগুতাঈ এগৰাকী কৃষি শ্ৰমিক। মহাৰাষ্ট্ৰৰ জনজাতি অধ্যূষিত উপকূলীয় পালঘৰ এলেকাৰ গাঁও মঞ্জুসী-মেট গাঁৱত তাই থাকে।
মুম্বাইৰ নাকাৰ নাচিকৰ বাছ আস্থান এটাৰ গাতে লাগি থকা গছ এডালৰ তলত বহি থকা গংগুতাঈ আৰু তাইৰ সহযোগীসকলে তেঁওলোকৰ দুখ-কষ্টৰ কথা কৈছে, সেই দুখ চৰকাৰে নপতিওৱাৰ কথাও তেঁওলোকে উল্লেখ কৰিছে।
'মাটিবোৰ আমাৰ নামত হোৱাটো বিচাৰো,' গংগুতাঈয়ে কয়। বন বিভাগৰ 'নামত' থকা মাটিত তেঁওলোকে দশকৰ পিছত দশক খেতি কৰি আহিছে। থানে, পালঘৰ, নাচিক আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চল তথা উত্তৰ দিশত থকা চুবুৰীয়া জিলাত বসতি কৰা হাজাৰ হাজাৰ লোকে বন অধিকাৰ আইন (এফআৰএ) ২০০৬ৰ অধীনত ভূমিৰ পট্টা বিচাৰিছে। তেতিয়া তেঁওলোকে চৰকাৰী আঁচনি আৰু আনুষ্ঠানিক ঋণৰ সুবিধা লাভ কৰিব পাৰিব। বিগত বৰ্ষৰ লক্ষণীয় লংমাৰ্চৰ শেষত মহাৰাষ্ট্ৰ চৰকাৰে আইনখন কাৰ্যকৰীকৰণ বাবে সন্মত হৈছিল যদিও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই।
'আমাক এটা ভাল ভৱিষ্যত লাগে,' তাঈ বেন্দাৰে কয়। পালঘৰৰ যুৱ সমাজকৰ্মী বেন্দাৰে তাইৰ নিজৰ আৰু গাঁৱৰ সমস্যাবোৰ গণিছে। 'আমাৰ পানী মুম্বাই আৰু আন চহৰবোৰলৈ পঠিওৱা হয়, আমি সেইবোৰৰ বিৰুদ্ধেও যুঁজ দিবলগীয়া হৈছে।'







