বেলি লহিয়ালে। চৌদিশে আন্ধাৰ নামিছে। মুৰত খৰিৰ বোজা লৈ আৰু হাতত অনান্য সা-সামগ্ৰী, ইটা, চাউল, শুকান মাছ-মচলা লৈ হাজাৰ হাজাৰ আদিবাসী (আয়োজনৰ মতে ৫০ হাজাৰৰ অধিক)এ উত্তৰ-পূৱ মুম্বাইৰ মুলান্দ স্থিত অক্টৰায় পোষ্টৰ পিনে পদব্ৰজে আগবাঢ়িছে। জনবৰ্জিত এই চৌহদটো প্ৰতিবাদীৰ বাবে শিবিৰ পতা ঠাই হৈ পৰিছে।
'আমি ইয়াতে বাহৰ পাতিছো। প্ৰয়োজনীয় সকলো বস্তুৱেই লগত আনিছো। ভাত ৰান্ধিবলৈ খৰি-চাউল আটাইবোৰেই আছে’, মনুবাই গাৱাৰিয়ে তাইৰ মুৰৰ খৰিৰ বোজাটো লৰচৰ কৰি ঠিক কৰি লৈ ক’লে। 'আমাৰ আটাইবোৰ দাবী মানি নোলোৱালৈকে আমি ইয়াৰ পৰা নাযাও’, ভিৱাণ্ডি তালুকৰ দিঘাচী গাঁৱৰ বাসিন্দা ৱাৰ্লি সম্প্ৰদায়ৰ ৬০ বৰ্ষীয়া মনুবাইৰ কথাত দৃঢ়তাৰ চিন ফুটি উঠিল। তাই তাইৰ গাঁৱৰ ৭০-৮০ জন মানুহৰ গোটটোৰ লগত আহিছে।
৩০ অক্টোবৰ, বৃহস্পতিবাৰৰ ১১ বজাৰ পৰা নাচিক, পালঘৰ ৰায়গড়, থানে, মুম্বাই জিলাৰ পৰা ৱাৰ্লি, কাটকাৰি, মহাদেৱ কোলি, মা ঠাকুৰ আৰু অনান্য সম্প্ৰদায়ৰ লোকৰ আগমনে থানে চহৰখন ভৰাই পেলাইছে। টেম্পো, বাছ, ৰেলগাড়ী আদিৰে তেঁওলোকে দলে-বলে আহিছে। আবেলি হয় মানে মহিলা আৰু পুৰুষৰ ধুমুহাৰ দৰে অহা জাকটোৱে দুই কিলোমিটাৰ দুৰৈৰ চাকেট নাকাৰ পৰা থানে চহৰত থকা কালেক্টৰৰ কাৰ্যালয়ৰ পিনে আগবাঢ়িল। এইসকল আছিল শ্ৰমিক, কুলি, অনাময় কৰ্মী আৰু নিৰ্মানখণ্ডৰ শ্ৰমিক।








